কাতি বিহুত অসম জুৰি প্ৰায় ৫০০০০ পঞ্চাছ হাজাৰ লোকৰ জনসংখ্যা বিস্ফোৰণ ৰোধৰ বাবে শপত গ্ৰহণ
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ অসমীয়া জাতীয় জীৱনৰ অন্যতম এটা গুৰুত্বপূৰ্ণ দিন অসমীয়া বাপতিসাহোন কাতি বিহুৰ দিনা আজি জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ উদ্যোগত ফাউণ্ডেশ্যন কাৰ্যকৰ্তা সকলে সমগ্ৰ ভাৰতবৰ্ষত প্ৰত্যেক পৰিয়ালত দুটি সন্তান নীতি প্ৰৱৰ্তনৰ বাৰে সজাগতা অনাৰ লক্ষ্যৰে এক শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰে। অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌহদত বিয়লি আয়োজিত অনুষ্ঠান তুলসী গছৰ পুলি ৰোপনৰ জৰিয়তে কাৰ্যসূচী আৰম্ভ কৰা হয়। কাতি বিহু উপলক্ষে তুলসীৰ তলত মাটি চাকি জ্বলাই আৰু প্ৰাৰ্থনা জনোৱা হয়। কাৰ্যসুচীৰ উদেশ্য বাখ্যা কৰে ফাউণ্ডেশ্যনৰ উত্তৰ পূৱ ভাৰতৰসংযোজক লালজী সোনাৰী ডাঙৰীয়াই। নিউজ লাইভৰ ৰাজনৈতিক সম্পাদক ছায়া মনি ভূঞা মুখ্য অতিথি ৰূপে উপস্থিত থকা সংকল্প দিৱসত মাটিৰ বন্তি প্ৰজলনত দ্বীপ মন্ত্ৰ উচ্চাৰণ কৰে গোপাল কাফলে ডাঙৰীয়াই,বন্তি প্ৰজলন কৰে উত্তৰ পূবৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে,অসম প্ৰান্তৰ অধ্যক্ষ শিৱপ্ৰসাদ শৰ্মা,অসম প্ৰান্তৰ মহিলা শক্তিৰ অধ্যক্ষ ৰুবী সিংহ , গুবাহাটী মহানগৰৰ মহিলা শক্তিৰ অধ্যক্ষ ৰঞ্জিতা ৰাজে।কাৰ্যসুচী অনুসৰি শপত বাক্য পাঠ কৰে অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ইপ্সিতা বৰুৱা, সক্ৰিয় অংশগ্ৰহন কৰে ফাউণ্ডেশ্যনৰ যুৱ শক্তিৰ অসম প্ৰান্তৰ সম্পৰ্ক প্ৰমুখ ত্ৰিনয়ন কোচ,গুৱাহাটী মহানগৰ সংগঠন মন্ত্ৰী নিহাৰেন্দ্ৰ শৰ্মাই। ইয়াৰ পাছতেই নয়ন অসম কলীয়াবৰীয়াই কণ্ঠদান কৰা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন ৰ সংগীতটো উন্মোচন কৰা হয়।
অসমৰ ওদালগুৰিৰ পৰা কৰিমগঞ্জ আৰু ধুবুৰী পৰা শদিয়ালৈ সমগ্ৰ অসম জুৰি প্ৰায় ৫০০০০ পঞ্চাছ হাজাৰ লোকৰ উপস্হিতিৰে আজিৰ কাৰ্যসূচীৰ সফল সমাপ্তি কৰা হয়। ভাৰত মাতাৰ প্ৰতিকৃতিৰ সন্মুখত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ কাৰ্যকৰ্তা আৰু সমৰ্থক সকলে পবিত্ৰ ৰাষ্ট্ৰীয় পতাকা সন্মুখত ৰাখি ভাৰতৰ সংস্কৃতি , গৌৰৱ, আৰু সমাজৰ সংৰক্ষন হকে তথা ৰাষ্ট্ৰৰ সৰ্বংগীন উন্নতিৰ বাবে নিস্বাৰ্থভাৱে আজীবন কাম কৰি যাম বুলি শপত কৰে । শেষত শান্তি মন্ত্ৰৰে জনসংখ্যা বিস্ফোৰণ সমাধান সংকল্প কায্যসুচী সম্পন্ন কৰা হয়।