নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ বছৰত সর্বাধিক পর্যটকৰ আগমন কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ

চলিত বর্ষত ২,২০,০২৯ ভাৰতীয়, ৭৩৪ বিদেশী দর্শনার্থী

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ দর্শনার্থীৰ সংখ্যা চলিত বর্ষত বৃদ্ধি পাইছে৷ বিগত ১২ বছৰৰ ভিতৰত এইবাৰ সর্বাধিক দর্শনার্থীৰ আগমন ঘটিছে ৰাষ্ট্রীয় উদ্যানখনলৈ৷ বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে ইউনেস্ক’ই স্বীকৃতি দিয়া ৰাষ্ট্রীয় উদ্যানখনলৈ চলিত বর্ষত বর্তমানলৈ আগমন ঘটিছে ২,২০,০২৭জন ভাৰতীয় দর্শনার্থীৰ৷ তদুপৰি বর্তমানলৈ ৰাষ্ট্রীয় উদ্যানখনৰ সৌন্দর্য উপভোগ কৰিছে ৭৩৩গৰাকী বিদেশী পর্যটকে৷ এই কথা সদৰী কৰিছে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই৷

ক’ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰ ধৰি যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাৰ লগতে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে ৰাষ্ট্রীয় উদ্যানখনলৈ দর্শনার্থীৰ সংখ্যা হ্রাস পাইছিল৷ বিশেষকৈ বিদেশী পর্যটকৰ সংখ্যা একেবাৰে কমি গৈছিল৷ কিন্তু ক’ভিডৰ নিষেধাজ্ঞাসমূহ প্রত্যাহাৰ কৰাৰ পাছতে পুনৰ দেশৰ ভিন্ন প্রান্তৰ দর্শনার্থীৰ লগতে বিভিন্ন দেশৰ পর্যটকেও কাজিৰঙা দর্শনৰ বাবে ভিৰ কৰিছে৷

ৰাষ্ট্রীয় সংবাদ মাধ্যম এ এন আই কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে সদৰী কৰা অনুসৰি ২০২১–২২ বর্ষত দর্শনার্থীৰ পৰা ৰাষ্ট্রীয় উদ্যানখনে লাভ কৰা ৰাজহৰ পৰিমাণ হৈছে ৪.৪৭ কোটি টকা৷ আনহাতে, ৰাষ্ট্রীয় উদ্যানখন পর্যটকৰ বাবে মে’ৰ শেষভাগলৈ খোলা থাকিব৷ সেয়েহে আগন্তুক দুমাহত বিভিন্ন বন্যপ্রাণীৰ বিচৰণস্থলী কাজিৰঙা ভ্রমণৰ বাবে অধিক দর্শনার্থীৰ আগমন ঘটিব বুলিও আশা প্রকাশ কৰিছে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই৷

ইপিনে ৰাষ্ট্রীয় উদ্যানখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এক কোটি টকা বৰঙণি আগবঢ়োৱা বলীউডৰ জনপ্রিয় অভিনেতা অক্ষয় কুমাৰো শীঘ্রে ৰাষ্ট্রীয় উদ্যানখনলৈ অহাৰ সম্ভাৱনা আছে৷ অভিনেতাগৰাকীয়ে নিজেই এক টুইটযোগে এই কথা সদৰী কৰিছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই এক টুইটৰ জৰিয়তে অভিনেতাগৰাকীৰ ধনেৰে নির্মাণ কৰা হাইলেণ্ড, ওপঙি থকা শিবিৰ আদি নির্মাণৰ কথা সদৰী কৰিছিল৷ লগতে অক্ষয় কুমাৰক কাজিৰঙা ৰাষ্ট্রীয় উদ্যান পৰিদর্শনৰ বাবে আহিবলৈও তেওঁলোকে আহ্বান জনায়৷ এই টুইটৰ উত্তৰ প্রদান কৰি বলীউডৰ অভিনেতাগৰাকীয়ে তেওঁৰ ধনেৰে কৰা কামত সন্তুষ্টি প্রকাশ কৰাৰ লগতে শীঘ্রে ৰাষ্ট্রীয় উদ্যানখনলৈ আহিব বুলি প্রকাশ কৰিছে৷

You might also like