নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ নৱবর্ষৰ আৰম্ভণিতে অসমবাসীলৈ সুখবৰ যে বিগত বর্ষত দেশে–বিদেশে বহুলভাৱে চর্চিত বিশ্বজিৎ বৰাৰ ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া কথাছবিখন দেশৰ অন্যতম সর্ববৃহৎ ২৫সংখ্যক কেৰালা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱলৈ ‘ইণ্ডিয়ান চিনেমা নাও’ৰ প্রতিযোগিতা শাখাৰ বাবে আমন্ত্রিত হৈছে৷ এই প্রতিযোগিতাত ‘বেলকনিত ভগৱানে’ অংশ ল’ব এই বছৰৰ আটাইতকৈ চর্চিত কথাছবি– চৈতন্য তামহানেৰ ‘দ্য ডিচিপল’ (ভেনিছ ফেষ্টিভেল), ইভান আয়াৰৰ ‘মাইল ষ্ট’ন/মীল পাথৰ’ (ভেনিছ ফেষ্টিভেল), অৰুণ কার্তিকৰ নচিৰ, (ৰটার্ডম ফেষ্টিভেল), পৃথিৱী কানানুৰৰ ‘হোৱেৰ ইজ পিংকি/পিংকি য়েল্লি’, (বুছান ফেষ্টিভেল), পুষ্পেন্দ্র সিঙৰ ‘লাইলাৰ লাইলা ঔৰ সাত গীত’ (বার্লিন ফেষ্টিভেল)ৰ সৈতে৷ মাত্র ৭খন কথাছবিৰ লগত এই বিশেষ প্রতিযোগিতাত অংশ ল’বলগীয়া ‘২৫সংখ্যক কেৰালা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’ অহা ১০ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হৈ ৫ মার্চলৈকে প্রায় ২৪ দিন অনুষ্ঠিত হ’ব৷ দেশ–বিদেশৰ প্রায় ২০০ৰো অধিক কথাছবিৰ প্রদর্শন হ’বলগীয়া এই মহোৎসৱৰ ২৪ দিনীয়া সূচীত ‘বেলকনিত ভগৱান’ প্রদর্শিত হ’ব ৪ বাৰকৈ৷ ৰাজ্যখনৰ ত্রিবান্দ্রম, কোচি, থালাচেৰী আৰু পালাকোড মহানগৰীত ‘বেলকনিত ভগৱান’ প্রদর্শন হ’ব৷ পোনপ্রথমবাৰৰ বাবে এই কার্যসূচী গ্রহণ কৰিছে ‘কেৰালা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’খনে৷ বহুতো দেশ–বিদেশৰ কথাছবিয়ে অংশগ্রহণ কৰা এই ‘চলচ্চিত্র মহোৎসৱ’লৈ নির্বাচিত হোৱাটো যথেষ্ট প্রতিযোগিতামূলক বিবেচিত হৈ আহিছে৷
মাইনা প্রডাকচনৰ বেনাৰত নির্মিত এই চলচ্চিত্রখনৰ প্রযোজনা কৰিছে ‘জেতুকা পাতৰ দৰে’ কথাছবিৰ দ্বাৰা ৰাষ্ট্রীয় বঁটাপ্রাপ্ত ছবিৰ প্রযোজক নুৰুল চুলতানে আৰু পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই৷ ভাৰতৰ অন্যতম উল্লেখযোগ্য আৰু বৃহত্তম চলচ্চিত্র মহোৎসৱ ‘২৬সংখ্যক কলকাতা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ’ৰ ‘নেচনেল কম্পিটিচন অন ইণ্ডিয়ান লেংগুৱেজ’, ‘১৯সংখ্যক ঢ়াকা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ–২০২১’ আৰু টৰণ্টোৰ (কানাডা)ৰ ‘অল্টার্নেটিভ ফিল্ম ফেষ্টিভেল–২০২০’ত শ্রেষ্ঠ অভিনেতা (হৰিছ খান্না), শ্রেষ্ঠ ড্রামা কথাছবি আৰু শ্রেষ্ঠ কাহিনী আৰু চিত্রনাট্য (বিশ্বজিৎ বৰা) শাখাৰ বাবে মনোনয়ন আৰু নির্বাচিত হৈ চর্চালৈ অহা ‘বেলকনিত ভগৱান’ৰ এই খবৰে স্বাভাৱিকতে সকলোলৈকে কঢ়িয়াই আনিছে আনন্দৰ বতৰা৷ চলচ্চিত্রখনত মুখ্য চৰিত্রত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্রমে য়াহা, কমিনে, মিডনাইটছ চিলড্রেন, গেংগছ অৱ ৱাছিপুৰ আদিৰ অভিনয়েৰে খ্যাত হৰিশ খান্নাই৷ লগতে ইয়াত আন দুটা মুখ্য চৰিত্রত অভিনয় কৰিছে প্রণামী বৰা আৰু পৰিনান্ধি জিমা চুলতানাই৷ ইয়াৰ উপৰি অৰুণ হাজৰিকা, ৰাজীৱ ক্র, শোণিত বৰা, সাংবাদিক ইভা মহন্ত, পৱিত্র বৰুৱা, গৌৰীশংকৰ ভূঞা, যতীন খনিকৰ, বিনোদ লাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিস্মান কাশ্যপ আদিৰ লগতে জ্যেষ্ঠ অভিনেতা দীনেশ দাস, জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্রিয় সাংবাদিক ৰাজদীপ বাইলুং বৰুৱায়ো অভিনয় কৰিছে এই ছবিখনত৷ উল্লেখ্য যে অসম চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰায়ো এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷