নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰাচিন ঢ়ালি জ্বলাই দিলে পত্নী–পুত্র–কন্যাকঃ পত্নী–কন্যাৰ মৃত্যু

নগাঁৱত বর্বৰ ৰফিকুলৰ লোমহর্ষক কাণ্ড

নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ  এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে নগাঁও চহৰ৷ চহৰখনৰ দুই নম্বৰ মোলাপট্টিত যোৱানিশা সংঘটিত হয় এই হত্যাকাণ্ড৷ এজন উদণ্ড লোকে নিশা প্রায় ১২ বজাত পত্নী, কণমানি পুত্র আৰু কন্যাক পেট্র’ল ঢ়ালি জ্বলাই দিয়ে৷ এই জঘন্য ঘটনাত মিনাৰা বেগম (৩৫) আৰু তেওঁৰ কণমানি কন্যা সন্তান জাফ্রিন ইছলামৰ (৩) মৃত্যু হোৱাৰ বিপৰীতে পুত্র চিৰাজুল ইছলাম (১১) অগ্ণিদগ্ধ হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে৷ স্মর্তব্য যে জাফ্রিনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে মিনাৰাৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়৷ নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে জনোৱা মতে, নগাঁও জিলাৰ ধিং বিলতীয়া গাঁৱৰ ৰফিকুল ইছলাম (৪৮) নামৰ লোকজনে দুবছৰৰ পৰা পত্নী আৰু সন্তানসহ নগাঁও চহৰৰ দুই নম্বৰ মোলাপট্টিৰ এটা ভাৰাঘৰত বাস কৰিছিল৷ শ্রমিক হিচাপে জীৱন নির্বাহ কৰা ৰফিকুলৰ লগত পত্নী মিনাৰাৰ প্রায়েই পাৰিবাৰিক কাৰণত কাজিয়াৰ সূত্রপাত হৈছিল৷ আনকি এসপ্তাহ পূর্বে তেওঁ ঘৰ এৰি গুচি যায়৷ কিন্তু যোৱানিশা প্রায় ১২ বজাত ৰফিকুল ভাৰাঘৰটোলৈ আহে আৰু ঘৰটোৰ বেৰা ভাঙি ভিতৰত প্রৱেশ কৰে৷ পাছত তেওঁ নিদ্রাৰত অৱস্থাত থকা পত্নীক জগাই লৈ কাজিয়াত লিপ্ত হয়৷ এটা সময়ত তেওঁ খঙৰ ভমকত পত্নী আৰু দুই কণমানি পুত্র–কন্যাৰ গাত পেট্র’ল ঢ়ালি জ্বলাই দিয়ে৷ তেওঁলোক মৰণকাতৰ আর্তনাদ কৰাত ৰফিকুলে ঘৰটোৰ পৰা পলায়ন কৰে৷ অগ্ণিদগ্ধ মিনাৰা আৰু দুই কণমানি সন্তানৰ আর্তনাদ শুনি ঘৰৰ গৰাকী আৰু প্রতিৱেশী ঘৰটোলৈ যায়৷ অৱশ্যে প্রতিৱেশীসকল গৈ পোৱাৰ কিছু সময় পাছতে কণমানি জাফ্রিনৰ মৃত্যু হয়৷ স্থানীয় ৰাইজে মুমূর্ষু অৱস্থাত মিনাৰা আৰু তেওঁৰ পুত্র চিৰাজুলক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নি ভর্তি কৰায় যদিও মিনাৰাৰ অৱস্থা অধিক সংকটজনক হোৱা হেতু তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰে৷ কিন্তু গুৱাহাটীলৈ নি থকা অৱস্থাতে মিনাৰাই আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে৷ এই হত্যাকাণ্ডটো সন্দর্ভত মিনাৰাৰ পৰিয়ালৰ লোকে আজি হয়বৰগাঁও আৰক্ষী চকীত ৰফিকুল ইছলামৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ৰফিকুলৰ বিৰুদ্ধে হত্যাৰ এটা গোচৰ পঞ্জীভুক্ত কৰি তেওঁক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখাৰ সময়লৈকে ৰফিকুলক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব পৰা নাই৷

You might also like