নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পূর্ণ হৈছে ৰাজ্যৰ প্রান্তে প্রান্তে থকা ভগ্ন মথাউৰিৰ মেৰামতি

তেজপুৰত বান পৰিস্থিতিৰ পর্যালোচনা মন্ত্রী কেশৱ মহন্তৰ

নিয়মীয়া বাৰ্তা ৭ জুনঃ ৰাজ্যৰ বিভিন্ন প্রান্তৰ ভগ্ন মথাডৰিসমূহৰ মেৰামতিৰ কাম সম্পূর্ণ কৰি তোলা হৈছে৷ কেৱল য’ত–ত’ত বাকী থকা অতিৰিক্ত মথাউৰি নির্মাণৰ কাম এতিয়াও সম্পূর্ণ হোৱা নাই যদিও এই কাম–কাজ অব্যাহত ৰখা হৈছে৷ উল্লেখ্য যে তেজপুৰ আৱর্ত ভৱনত শোণিতপুৰৰ বিধায়কসকলৰ লগতে উপায়ুক্ত আৰু সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াৰ ডপস্থিতিত শনিবাৰে অনুষ্ঠিত এক গুৰুত্বপূর্ণ বৈঠকত জলসম্পদ মন্ত্রী কেশৱ মহন্তই অংশগ্রহণ কৰি ক’ভিড–১৯ আৰু বান পৰিস্থিতি সন্দর্ভত বুজ লৈ পর্যালোচনা কৰে৷ এই বৈঠকৰ অন্তত মন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে সম্প্রতি ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ লগতে শোণিতপুৰতো ক’ভিড–১৯ৰ লগতে বানক লৈও বিতং আলোচনাসহ বিভিন্ন ব্যৱস্থাৱলী গ্রহণ কৰা হৈছে৷ গৰাখহনীয়া ৰোধৰ বাবে ইতিমধ্যে বিভাগীয়ভাৱে কাম–কাজ আৰম্ভ কৰা হৈছে আৰু ইয়াৰ সুফলো লাভ কৰা হৈছে৷ শনিবাৰে জীয়াভৰলী পাৰৰ একাংশ লোকে মন্ত্রীগৰাকীক সাক্ষাৎ কৰা বুলি উল্লেখ কৰি মহন্তই সম্প্রতি গৰাখহনীয়াৰ কাম–কাজ চলি আছে যদিও প্রয়োজন সাপেক্ষে পূর্বৰ মথাউৰিসমূহ খহাই পুনৰ নতুনকৈ মথাডৰি নির্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে৷ প্রকাশ যে তেজপুৰ আৱর্ত ভৱনত আজি বিয়লি অনুষ্ঠিত এই গুৰুত্বপূর্ণ পর্যালোচনা সভাত স্থানীয় বিধায়ক বৃন্দাবন গোস্বামী, ঢ়েকীয়াজুলিৰ বিধায়ক অশোক সিংহাল, বৰছলাৰ বিধায়ক গণেশ লিম্বু, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলে অংশগ্রহণ কৰে৷

You might also like