নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নালাগে ৰাজহ বিভাগৰ অনুমোদন গ্রামাঞ্চলৰ ভূমি আবণ্টনৰ কর্তৃত্ব উপায়ুক্তক প্রদান

ৰাজ্যৰ ভূমি সংস্কাৰৰ দৃঢ় পদক্ষেপ ৰাজ্যিক কেবিনেটৰ

নিয়মীয়া বাৰ্তা ২৫ জুনঃ ৰাজ্যৰ ভূমি সংস্কাৰৰ ক্ষেত্রত দৃঢ় পদক্ষেপ গ্রহণ কৰিছে ৰাজ্যিক কেবিনেটে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে এতিয়াৰে পৰা কোনো চৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানৰ্ বাবে ভূমি উপদেষ্টা পৰিষদে গ্রামাঞ্চলৰ মাটি আবণ্টন দিয়াৰ পাছত জিলা উপায়ুক্তই নিজাববীয়াকৈ সেই সিদ্ধান্ত কার্যকৰী কৰিব পাৰিব৷ পূর্বৰ দৰে সেই ভূমি আবণ্টন সম্পর্কীয় ফাইল এতিয়াৰে পৰা দিছপুৰত ৰাজহ বিভাগলৈ অনুমোদনৰ বাবে প্রেৰণৰ প্রয়োজন নাই৷ একেদৰে অইল ইণ্ডিয়া অথবা অ’এনজিচিয়ে অধিগ্রহণ কৰা মাটিৰ ক্ষেত্রতো ক্ষতিপূৰণৰ পৰিমাণ বৃহস্পতিবাৰে কেবিনেটে বৃদ্ধি কৰে৷

কেবিনেট বৈঠকৰ পাছতেই ৰাজ্য চৰকাৰৰ মুখপাত্র তথা জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই এখন সংবাদ মেলযোগে কেবিনেটত সেই ঐতিহাসিক সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ সংবাদ মেলখনত মন্ত্রী হাজৰিকাই কয় যে বর্তমানৰ চৰকাৰখনে প্রত্যেকখন কেবিনেটতে প্রশাসনীয় সংস্কাৰৰ ক্ষেত্রত কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰি আহিছে৷ আজি অনুষ্ঠিত কেবিনেট বৈঠকেও ভূমি সংস্কাৰৰ ক্ষেত্রত অভূতপূর্ব পদক্ষেপ গ্রহণ কৰে৷ এতিয়াৰে পৰা কোনো চৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানৰ্ বাবে ভূমি উপদেষ্টা পৰিষদে গ্রামাঞ্চলত মাটিৰ আবণ্টন দিয়াৰ প্রস্তাৱ গ্রহণ কৰিলে সেই প্রস্তাৱ জিলা উপায়ুক্তই কার্যকৰী কৰিব পাৰিব৷

পূর্বৰ দৰে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগলৈ সেই সম্পর্কীয় ফাইল প্রেৰণৰ প্রয়োজন নাই৷ সেইদৰে হাতী–মানুহৰ সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক ক্ষতিপূৰণ আদায়ৰ প্রক্রিয়াতো সংস্কাৰ সাধন কৰা হয়৷ এতিয়াৰে পৰা হাতীৰে হোৱা সংঘাতত মৃত্যুবৰণ কৰা লোকৰ পৰিয়ালক ক্ষতিপূৰণ সম্পর্কত সংশ্লিষ্ট ডিএফ’ই পিচিচিএফৰ অনুমোদন সাপেক্ষে প্রত্যক্ষভাৱে ক্ষতিপূৰণ আদায় দিব পাৰিব৷ পূর্বৰ দৰে ক্ষতিপূৰণ আদায় দিয়াৰ বাবে সংশ্লিষ্ট ঊর্ধ্বতন কর্তৃপক্ষলৈ অনুমোদনৰ বাবে কোনোধৰণৰ প্রস্তাৱ প্রেৰণ কৰিব নালাগে৷ অর্থাৎ সেই সম্পর্কীয় ফাইল দিছপুৰৰ সচিবালয়লৈ প্রেৰণ নকৰাকৈ ক্ষতিপূৰণ আদায় দিব পাৰিব৷

আনহাতে, অইল ইণ্ডিয়া আৰু অ’এনজিচিয়ে তৈল খননৰ বাবে মাটি অধিগ্রহণ কৰাৰ সময়ত মাটিৰ গৰাকীয়ে যাতে উচিত মূল্য লাভ কৰিব পাৰে, সেইটো সুনিশ্চিত কৰাৰ বাবে আজিৰ কেবিনেটে এক প্রস্তাৱত অনুমোদন জনায়৷ সেই অনুসৰি চহৰ অঞ্চলৰ ১০ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত অইল ইণ্ডিয়া বা অ’এনজিচিয়ে ক্ষতিপূৰণ হিচাপে প্রতিবিঘা মাটিত নূ্যনতম ১২ লাখ টকা প্রদান কৰিব লাগিব৷ একেদৰে চহৰাঞ্চলৰ পৰা ১০ কিলোমিটাৰ ব্যাসার্ধৰ বাহিৰত তৈল প্রতিষ্ঠানসমূহে প্রতিবিঘা ভূমিত নূ্যনতম ১০ লাখ টকা ভূমিৰ গৰাকীক প্রদান কৰিব লাগিব৷ সংবাদ মেলখনত মন্ত্রী হাজৰিকাৰ সৈতে মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব বিধায়ক জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে৷

You might also like