নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত ৯০০খন বিচনাযুক্ত ক’ভিড চিকিৎসালয় মুকলি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ১ জুলাইঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাত ৯০০ বিছনা যুক্ত ক’ভিড হাস্পতাল মুকলি কৰে। স্বাস্থ্য মন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা। উল্লেখ্য যে এই চিকিৎসালয়খনত ৰোগীৰ বাবে সংলগ্ন বাথৰূমৰ সৈতে পৃথক কোঠা আছে ৷

মন্ত্ৰী গৰাকীয়ে কয় যে “ক’ভিড-১৯ সংক্ৰমিত ব্যক্তিৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ লৈছে ৷ এনে সময়ত এই চিকিৎসালয়খনে আমাৰ চিকিৎসা সামৰ্থ বৃদ্ধি কৰিব” ৷

You might also like