ন ন বিস্ফোৰক তথ্য ফাদিলঃ ভুৱা নথিৰে কিডনী ক্রেতা বিক্রেতাৰ সম্পর্ক দেখুৱায় দালালে
নিয়মীয়া বাৰ্তা, ১৪ জুলাই: আর্থিক দৈন্য অংগ বিক্রীৰ অজুহাত হ’ব নোৱাৰে৷ মানৱতাক জোকাৰি যোৱা মৰিগাঁৱৰ ধৰমতুলত কিড্নী বিক্রীৰ ক’লা বজাৰ কেনেকৈ সৃষ্টি হ’ল, কোনে প্রৰোচিত কৰিলে বুল, মুন গোৱালা, কৃষ্ণা, সুমন্ত, জনতা, বাবুলহঁতক কিড্নী বিক্রীৰ জৰিয়তে ধন আহৰণৰ এই ভয়ংকৰ কাণ্ডৰ মূল খলনায়কসকল কোন?
‘নিয়মীয়া বার্তা’ৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি আজিৰ পৰা প্রায় ৭ বছৰ পূর্বে এই গাঁওখনত এজন দালালে প্রলোভিত কৰি জনতা দাস নামৰ ব্যক্তিজনক ধনৰ বিনিময়ত কিড্নী বিক্রী কৰাইছিল৷ সেয়াই আৰম্ভণি৷ লাহে লাহে এজন দুজনকৈ বহুকেইজন দৰিদ্র ব্যক্তিয়ে এই ভয়ানক পথত ভৰি দিলে৷ লাহে লাহে কিড্নী বিক্রীৰ অবৈধ বজাৰৰ দালালবোৰৰ বাবে হটস্পট হৈ পৰিল বৃহত্তৰ ধৰমতুল অঞ্চল৷ ৰমেন মেধি, লিলিমাই বডো, ৰাজেশ আদি লোকসকলৰ বাবে ছফ্ট টার্গেট হৈ পৰিল নিৰক্ষৰ, হোজা, দৰিদ্র লোকসকল৷ তেওঁলোক একাংশৰ মন–মগজুত সুমুৱাই দিয়া হ’ল যে এটা কিড্নী বিক্রী কৰিলে শৰীৰৰ একো ক্ষতি নহয়৷ এতিয়া প্রশ্ন হ’ল কিদৰে বিক্রী হয় কিড্নী? দক্ষিণ ধৰমতুল গাঁৱৰ সুমন্ত দাসে দিলে বিস্ফোৰক স্বীকাৰোক্তি৷ কিড্নীৰ দালালবোৰে প্রথমে গাঁৱৰ পৰা গুৱাহাটীলৈ লৈ যোৱাৰ পিছত মেডিকেল ব’ডৰ সন্মুখলৈ লৈ যোৱা হয় য’ত কিড্নী বিক্রী কৰাজনে ক্রয় কৰাজনক নিজৰ আপোন সম্পর্কীয় বুলি প্রকাশ কৰে৷ এই প্রক্রিয়াটোত দালাল চক্রই বিভিন্ন প্রক্রিয়াৰে নথিপত্র মেনেজ কৰে বুলি কয় সুমন্ত দাসে৷
উল্লেখ্য সুমন্ত দাস ওৰফে আচিকীয়ে ডেৰ বছৰ পূর্বে গোৱালপাৰাৰ ৰুমী কলিতাক বিক্রী কৰিছিল কিড্নী৷ উল্লেখ্য যে মেডিকেল ব’ডৰ সন্মুখত দালাল চক্রৰ কথা মতে সুমন্তই গোৱালপাৰাৰ ৰুমী কলিতাক নিজৰ জ্যেষ্ঠ ভগ্ণী বুলি পৰিচয় দিছিল যাক পৰৱর্তী সময়ত সুমন্তই কণমানি পুত্রৰ চিকিৎসা ব্যয়ৰ বাবদ কলকাতাৰ ৰবীন্দ্রনাথ টেগৰ ইনষ্টিটিউট অৱ কার্ডিয়াক ছায়েঞ্চত কিড্নী দিছিল যদিও দালাল চক্রই ডেৰ লাখ টকা দি পঠিয়াই দিয়ে সুমন্তক৷ ঠিক একেদৰে ধৰণী বৰদলৈ নামৰ এজন যুৱকে আর্থিক নাটনিৰ বাবে গুৱাহাটীৰ এগৰাকী পাঠক উপাধিৰ ব্যক্তিক কিড্নী দানৰ বাবে প্রাৰম্ভিক কার্য সম্পাদন কৰি বর্তমান নিজ গৃহত আছেহি৷ চাৰে চাৰি লাখ টকাৰ বিনিময়ত কিড্নী দিব বিচৰা এই ধৰণী বৰদলৈয়ে গুৱাহাটীৰ পাঠক উপাধিৰ ক্রেতাজনক মেডিকেল ব’ডৰ সন্মুখত নিজৰ খুৰাক বুলি পৰিচয় দিছিল৷ সকলোতকৈ আচৰিত কথা কোনো পৰিয়াল তেজ–মঙহৰ সম্পর্ক নথকা এই ব্যক্তিবোৰক মেডিকেল ব’র্ডে কেনেদৰে কিড্নী দানৰ বাবে অনুমতি দিছিল, সেয়া বৃহৎ প্রশ্ণ৷ তাতেই লুকাই আছে ৰহস্য৷ উল্লেখ্য যে ৭ বছৰ পূর্বে প্রথম কিড্নী বিক্রী কৰা জনতা দাস বর্তমানে গাঁৱত নাই৷ স্থানীয় যুৱকসকলৰ অনুসন্ধানত জানিব পৰা গৈছে যে জনতা দাস দুমাহ পূর্বে কলকাতালৈ গৈছে পত্নীৰ কিড্নী বিক্রীৰ বাবে৷
আনহাতে মঙলবাৰে হঠাৎ দুমাহ ধৰি অন্তর্ধান হৈ থকা নিতু মণ্ডল আৰু ৰুণু দাস উপস্থিত হ’লহি নিজ গৃহত৷ ৰুণু দাসে কিড্নী দিবলৈ কলকাতালৈ যোৱা বুলি স্বীকাৰ কৰিছে যদিও ধনৰ লেনদেন হোৱাৰ কথা অস্বীকাৰ কৰিছে৷ তেওঁ প্রকাশ কৰা অনুসৰি লখিমপুৰৰ এগৰাকী চিনাকি ব্যক্তিক তেওঁ কিড্নী দান কৰিব গৈছিল আকৌ যাব৷ আনহাতে নিতু মণ্ডল নামৰ যুৱকজনে মঙলবাৰে অকপটে স্বীকাৰ কৰে যে চাৰে চাৰি লাখ টকাৰ বিনিময়ত তেওঁ কিড্নী বিক্রী কৰিবলৈ কলকাতালৈ যোৱাটো সত্য৷ কিন্তু সংবাদ মাধ্যমত প্রচাৰিত হোৱা বাতৰি দেখি একপ্রকাৰ আতংকিত হৈ তেওঁ ঘৰলৈ ঘূৰি আহিল৷
উল্লেখ্য যে কালি ধৰমতুল থানাত আত্মসমর্পণ কৰা কিড্নী চক্রৰ অন্যতম দালাল ৰূপে চিহ্ণিত হোৱা ৰমেন মেধিয়ে এই কাণ্ডত নিজৰ নির্দোষিতা দাবী কৰাৰ বিপৰীতে প্লাৱন বৰঠাকুৰ আৰু ৰাজেশ এই কাণ্ডৰ মূল নায়ক বুলি প্রকাশ কৰে৷