ইউপিআৰএফৰ দুই কুকি উগ্রপন্থী নিহত
নিয়মীয়া বাৰ্তা, ২১ জুনঃ কার্বি আংলং জিলাৰ কুকি উগ্রপন্থী সংগঠন ইউ পি আৰ এফৰ দুই সদস্য দেওবাৰে আৰক্ষীৰে হোৱা সংঘর্ষত নিহত হয়৷ সিংহাসন পাহাৰৰ জলেনত আজি দুপৰীয়া এই সংঘর্ষ হয়৷ আৰক্ষীৰ ওচৰত থকা তথ্যৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে এক অভিযান চলাইছিল৷
উল্লেখ্য যে ২০২০ চনৰ ছেপ্ঢেম্বৰ মাহত সংগঠনটোৰ সেনাধ্যক্ষ মার্টিন কুকিয়ে বোকাজান থানাৰ অন্তর্গত তকৌলাংছ’ৰ বনভোজস্থলীলৈ আহি বনভোজ খাবলৈ অহা লোকৰ লগত ছেলফি উঠি চর্চালৈ আহিছিল আৰু তাৰ পাছতে আৰক্ষীৰ লগত হোৱা সংঘর্ষত তেওঁৰ মৃত্যু হৈছিল৷ ইয়াৰ পাছতে ২০২০ চনৰ ২১ ডিচেম্বৰত সংগঠনটোৰ সকলো সদস্য আত্মসমর্পণৰ বাবে আহিছিল৷ কিন্তু তাৰ কেইদিনমান পাছতে বীৰাপ্পান আৰু অর্জুনৰ নেতৃত্বত ৬গৰাকী সদস্য পুনৰ অস্ত্রসহ অৰণ্যলৈ উভতি যায়৷ ইয়াৰে অর্জুন অলপতে আৰক্ষীৰ হাতত বন্দী হৈ জে’লত আছে৷
আনহাতে, বীৰাপ্পানে নতুন সদস্যভর্তি কৰি সংগঠন চলাই আছিল৷ দেওবাৰে তাৰে দুগৰাকী সদস্যৰ আৰক্ষীৰ লগত হোৱা সংঘর্ষত মৃত্যু হয়৷ আন কেবাজনো উগ্রপন্থী পলাই সাৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে মৃত উগ্রপন্থী দুগৰাকীৰ পৰা দুটা এ কে–৪৭ ৰাইফলৰ লগতে আপত্তিজনক নথি–পত্র জব্দ কৰে৷ এই বাতৰি প্রেৰণৰ সময়লৈকে মৃত্যু হোৱা উগ্রপন্থী দুজনক চিনাক্ত কৰা হোৱা নাই৷