ঢকুৱাখনাত গাড়ীয়ে মহটিয়াই নিলে বাইক আৰোহীক, নিহত এজন
নিয়মীয়া বাৰ্তা, ৯ মে’- ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ঢকুৱাখনা-ঘূণাসুঁতি গড়কপ্টানী পথৰ সৰলা পথাৰৰ সমীপত আজি বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ছুইফট বাহনৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী। নিহত বাইক আৰোহীজন ঢকুৱাখনাৰ বালি দেউৰী গাঁৱৰ বিজু কুমাৰ দেউৰী (৪২) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে ঢকুৱাখনাৰ পৰা মাজুলী অভিমুখে তীব্ৰ বেগেৰে গৈ থকা এ এছ ০১ এফ বি ৫১৬২ নম্বৰৰ ছুইফট বাহনখনে একে দিশেৰে গৈ থকা এ এছ ২৯ -২০৬৩ নম্বৰ বাইকখনক খুন্দা মাৰি বহু দূৰ চোচৰাই নিয়ে।গাড়ীৰ প্ৰচণ্ড খুন্দাত বাইক আৰোহী ঢকুৱাখনাৰ বালি দেউৰী গাঁৱৰ বিজু কুমাৰ দেউৰী নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয়। পাছত ঢকুৱাখনা আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আহত ব্যক্তিজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ যো-জা কৰোঁতেই মৃত্যু হয়।ইফালে দুৰ্ঘটনা সংঘটিত কৰি ভাঙি চূৰ্ণ বিচুৰ্ণ হৈ পৰা ছুইফট বাহনখনৰ লগতে বাইকখন ঢকুৱাখনা আৰক্ষীয়ে উদ্ধাৰ কৰি সদৰ থানালৈ লৈ আহে।
প্ৰেৰক পুলকজ্যোতি বৰা