নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত অখণ্ড হৰিনাম কীৰ্তন পালন

বিশেষ বাৰ্তা, শুৱালকুছি ১৮ ফেব্ৰুৱাৰীঃ ধৰ্ম আৰু কৰ্ম নগৰী  শুৱালকুছিৰ পূব প্ৰান্তৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিহৰ মন্দিৰত ৰাজ্যৰ কুশল মঙ্গলৰ বাবে ২৪ ঘণ্টীয়া অখণ্ড হৰিনাম কীৰ্তন পালন কৰে ৷ ১৬ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা আৰম্ভ কৰা হৰিনাম কীৰ্তনত বৃহত্তৰ শুৱালকুছি তথা শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰ, শ্ৰীশ্ৰী বংশী গোপাল নামঘৰ, জীয়ৰী বোৱাৰী নামতী দল, চমুৱাটোল মহিলা নাম দল কুমাৰ পাৰা পুৰুষ মহিলা দল আদি কৰি একুৰিৰো অধিক পুৰুষ আৰু মহিলা  দলে ধৰ্মীয় নাম পৰিৱেশন কৰে ৷
কালি সন্ধিয়া সমাপ্তিৰ আগেয়ে কুমাৰ পাৰা শ্ৰীশ্ৰী হৰিহৰ মন্দিৰ ৰাইজ গয়ৰহৰ পুৰুষ মহিলা, জীয়ৰী বোৱাৰী, যুৱক যুৱতী, আৰু শিশু সকলোৱে নাচি বাগি আনন্দ মনেৰে আধ্যাত্মিক সাজ পাৰেৰে হৰিনামত অংশগ্ৰহণ কৰে ৷ ঠিক ছয় বজাৰ লগে ৪০ সংখ্যক ২৪ ঘণ্টীয়া অখণ্ড হৰিনাম কীৰ্তনৰ সফল সমাপ্তি ঘটে ৷ হৰিনাম কীৰ্তনৰ লগত সংগতি ৰাখি ১৬ ফেব্ৰুৱাৰীৰ দুপৰীয়া বাৰ্ষিক মহাবিষ্ণু হোমাগ্নি সমাপন কৰে ৷ তদুপৰি গন্ধৰ  সন্ধিয়া মন্দিৰ প্ৰাঙ্গণত সমূহীয়া বন্তি প্ৰজ্বলনৰ উপৰি প্ৰতি পৰিয়ালেও পদূলিত বন্তি জ্বলায় ৷
You might also like