নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত নিৰাপত্তাবাহিনীৰ অভিযানত ৭ জন কেলএলঅ উগ্ৰপন্থীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ৮ মেঃ এনডিএফবিৰ আত্মসম্পৰ্ণৰ তথা বড়ো শান্তিৰ চুক্তি হোৱাৰ পিছতেই ক্ৰমাৎ বড়োভূমি শান্তি প্ৰতিষ্ঠাৰ হোৱাৰ পিছতেই পুনৰ যেন নামনি অসম অশান্ত কৰিবলৈ আৰম্ভ কৰিছে কে এল অ ই। যোৱাটো সময়ত কেলএলঅ উগ্ৰপন্থী সংগঠনটোত সদস্য ভৰ্তিৰ ব্যাপক অভিযান আৰম্ভ কৰিছে। যোৱা ৭ মেত ভাৰতীয় সেনা বাহিনী আৰু অসম আৰক্ষীৰ সহযোগত কোকৰাঝাৰৰ চক্ৰশিলা অৰণ্যত বিশেষ সূত্ৰৰ পম খেদি উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে অভিযান চলায়। উল্লেখ্য অৰণ্যৰ ভিতৰত উগ্ৰপন্থী সংগঠনটোৰ এখন বৈঠক চলি থাকোতে এই অভিযান চলে। এই অভিযান কালত ৭ জন কেডাৰক গ্ৰেপ্তাৰ কৰা হয়।
কেএল অ ভৰ্তি সদস্যৰ ভৰ্তিৰ অভিযান ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হৈছিল। আৰু এই সদস্য ভৰ্তিৰ অভিযানত নেতৃত্ব দিছিল ম্যনমাৰত প্ৰশিক্ষণ প্ৰাপ্ত স্বয়ম্ভু কামাণ্ডাৰ লংকেশ্বৰ কোচ ওৰফে লিম্বুয়ে। লিম্বুক সহযোগ কৰিছিল চাৰিজন বাংলাদেশত প্ৰশিক্ষণপ্ৰাপ্ত কেডাৰ আৰু দুজন ন সদস্য়ই। ধৃত সদস্য় কেইজনে স্থানীয় যুৱক সকলক সংগঠনত ভৰ্তি হ’বলৈ অনুপ্ৰাণিত কৰি আহিছিল। আনহাতে গ্ৰেপ্তাৰ হোৱা সদস্যকেইজন পৰা ৪ টা কাৰখানাত নিৰ্মিত আৰু ৩ টা ঘৰুৱা ভাৱে নিৰ্মাণ কৰা পিষ্টল উদ্ধাৰ কৰা হয়।
উল্লেখ্য এনডিএফবি শান্তি চুক্তিত চামিল হোৱাৰ পিছৰে পৰা বিশেষকৈ নামনি অসমত সংগঠনটোৱে নিজৰ প্ৰভুক্ত বিস্তাৰ কৰিবলৈ প্ৰয়াস কৰি আহিছে। উক্ত ৭ জন কেডাৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত সংগঠনটোত একপ্ৰকাৰৰ মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে।

You might also like