নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত চৰকাৰ ধ্বংস কৰাৰ কৌশলৰ কর্মশালা পাতিছিল অখিলে

ৰাইজৰ দল–সভাপতিৰ বিৰুদ্ধে একাংশ সতীর্থৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ কালি অসমৰ সত্তৰটা সংগঠনৰ প্রতিনিধিয়ে ৰাইজৰ দলৰ সভাপতিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি সৰৱ হোৱাৰ পিছতে আজি কৃষক মুক্তি সংগ্রাম সমিতিৰ একাংশ প্রাক্তন জিলা আৰু আঞ্চলিক পর্যায়ৰ নেতাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ আনে৷ কৃষক মুক্তিৰ শিৱসাগৰ জিলাৰ সমিতিৰ প্রাক্তন সহকাৰী সম্পাদক ধর্মেন্দ্র বৰা আৰু ডিমৌ আঞ্চলিকৰ সভাপতি অনুপম বৰুৱা, জিলা বিষয়ববীয়া নিপেন ফুকন, নগেন চেতিয়া আৰু মহিলা নেত্রী পূৰবী সন্দিকৈয়ে আজি ডিমৌত আয়োজিত সংবাদ মেলত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷

প্রাক্তন জিলা সহকাৰী সম্পাদক ধর্মেন্দ্র বৰাই সংবাদ মেলত কয়, ‘ৰাইজৰ দল এতিয়া অখিল গগৈৰ পকেটত লৈ ফুৰা দল৷ এই দলৰ বর্তমান সভাপতিয়ে আমি কৃষক মুক্তিত থাকোতে আমাক ৰাজদ্রোহ কৰিবলৈ শিকাইছিল৷ চৰকাৰৰ বিৰুদ্ধে কেনেধৰণে সংগ্রাম কৰি শ’লঠেকত পেলাই চৰকাৰ ভাঙিব পাৰি সেয়া কর্মশালাত শিকাইছিল৷ অখিল গগৈয়ে নগাঁৱত অনুষ্ঠিত কর্মশালাত চৰকাৰ ধ্বংস কৰিবলৈ আমাক শিকনি দিছিল৷ ডি চি, অ’ চি আদি কোনো বিষয়াক তেওঁ সন্মান নকৰিছিল আৰু আমাক আন্দোলনৰ নামত ব্যৱহাৰ কৰিছিল৷’ ধর্মেন্দ্র গগৈয়ে আৰু কয় ‘অখিল গগৈৰ লগত থাকি আমি ৪৫টা গোচৰ মূৰ পাতি ল’ব লগা হৈছিল আৰু আমি গুৱাহাটীত আন্দোলন কৰিবলৈ গৈ পিঠিত গুৰুলাগুৰুলকৈ আৰক্ষীৰ লাঠী চার্জ খাবলগীয়া হৈছিল৷ কৃষক মুক্তিত যেনেধৰণে অখিল গগৈয়ে একনায়কত্ববাদ চলাইছিল এতিয়া ৰাইজৰ দলটো একনায়কত্ব চলাইছে৷’ ধর্মেন্দ্র বৰাই কোনো কাৰণতে ৰাইজৰ দলৰ প্রার্থী ধৈর্য কোঁৱৰক ভোট নিদিবলৈ থাওৰাবাসীক আহ্বান জনায়৷

ইফালে ডিমৌ আঞ্চলিক প্রাক্তন সম্পাদক অনুপম বৰুৱাই কয় ‘অখিল গগৈ এগৰাকী হত্যাকাৰী নেতা৷’ তেওঁৰ প্রৰোচনাতে আন্দোলনত প্রণৱ বডোৱে আত্মজাহ দিবলগীয়া হৈছিল৷’ ইফালে প্রণৱ বডোক ডেৰ লাখ টকা আগতীয়াকৈ প্রদান কৰিছিল বুলি প্রাক্তন নেতাজনে গুৰুতৰ অভিযোগ কৰে৷ তেওঁ কয় যে অ’ এন জি চিৰ বিৰুদ্ধে আন্দোলন কৰি অখিল গগৈয়ে বেদান্ত লস্কৰ, লোচন শ্যাম গোহঁাইৰ যোগেদি বৃহৎ অংকৰ ধন আদায় লৈছিল৷ এতিয়া ৰাইজৰ দল সন্দেহযুক্ত বাংলাদেশীক সুৰক্ষা দিয়া দল৷ যি দলে থলুৱাৰ সুৰক্ষাৰ বাবে কোনো দিনেই মাত মতা নাই৷

সংবাদ মেলত কৃষক মুক্তিৰ মহিলা সংগঠনৰ নেত্রী পূৰবী সন্দিকৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়– ‘কৃষক মুক্তিৰ নেতাসকলে ডি চি অফিচৰ সন্মুখত অনশন কৰে আৰু অনশন সামৰি মাছ, মাংস আৰু ৰঙা সুৰা পান কৰি মহিলাক দুর্ব্যৱহাৰ কৰে৷ পূৰবী সন্দিকৈয়ে কয় যে বেদান্ত লস্কৰ, লোচন শ্যাম গোহাই, যদুমণি দত্ত আৰু লেখন ফুকনে মহিলাসকলক কুদৃষ্টিৰে চায়৷ ইফালে, অখিল গগৈৰ বাসগৃহত কাম কৰা যুৱতী এগৰাকী কেনেদৰে গর্ভৱতী হ’ল সেয়াও স্পষ্ট কৰিবলৈ অনুপম বৰুৱাই অখিল গগৈক প্রত্যাহ্বান জনায়৷ কৃষক মুক্তি সংগ্রাম সমিতিৰ একাংশ প্রাক্তন সতীর্থই অখিল গগৈৰ বিৰুদ্ধে অনা এনে বিস্ফোৰক অভিযোগ সন্দর্ভত কৃষক মুক্তিৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কেনেধৰণে প্রত্যুত্তৰ দিয়ে সেয়া লক্ষণীয় হ’ব৷

You might also like