নিয়মীয়া বাৰ্তা ২০ জুলাইঃ ৰাষ্ট্রীয় কৃতী শিক্ষকৰ বঁটাপ্রাপক দৰঙৰ কলাইগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ পি ৰাজেশক শনিবাৰে নিশা বিদ্যালয় চৌহদতে ডিঙিত ৰছীৰে মেৰিয়াই গছত বান্ধি হত্যা কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগত আজি আৰক্ষীয়ে একেখন বিদ্যালয়ৰ ৪জনকৈ শিক্ষকক কৰায়ত্ত কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰিছে৷ বিদ্যালয়খনৰ আৰু অধিক শিক্ষক–কর্মচাৰী জডিত থকা ঘটনাটোৰ বাবে কৰায়ত্ত হোৱা কলংকিত শিক্ষককেইজন হ’ল মদনলাল গুপ্তা, কালুৰাম মীনা, নৱনীত কুমাৰ আৰু মানবেন্দ্র গোস্বামী৷ দৰং আৰক্ষীয়ে ইতিমধ্যে অধ্যক্ষ পি ৰাজেশৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৪১/৩০৭/৩৭৯/৩২৫/৩৪ নং ধাৰাত ৰুজু হোৱা গোচৰ ৩৩২/২১ মর্মে এই ঘৃণনীয় কাণ্ডৰ ২৪ ঘণ্টা নৌহওঁতেই কৰায়ত্ত কৰে অভিযুক্তসকলক৷ দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাই সদৰী কৰা মতে, সমগ্র গোচৰটোৰ ক্ষিপ্র অথচ পুংখানুপুংখ তদন্ত কৰা হ’ব আৰু প্রয়োজনবোধে মঙলদৈ থানাৰ ভাৰপ্রাপ্ত বিষয়া মস্কো শইকীয়াই তদন্ত মর্মে অধিক লোকক কৰায়ত্ত কৰিব৷
শনিবাৰে নিশা জৱাহৰ নৱোদয়ত কি চলিছিল?
দীর্ঘদিন ধৰি কলাইগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ৰ একাংশ শিক্ষকৰ পালমৰা কর্মকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ আহিছিল ২০১৯ চনত ৰাষ্ট্রপতিৰ বঁটাপ্রাপক শিক্ষক পি ৰাজেশ৷ সঘনাই অধ্যক্ষ ৰাজেশে শিক্ষকৰ বিৰুদ্ধে পদক্ষেপো লৈছিল৷ কঠোৰ প্রশাসক আৰু শিক্ষার্থীৰ মাজত অত্যন্ত মৰমিয়াল হিচাপে পৰিচিত ৰাজেশে শেহতীয়াভাৱে ২জনকৈ শিক্ষকক শ্রেণীত পাঠদানৰ ক্ষেত্রত নিলম্বন কৰিছিল আৰু কাকতালীয়ভাৱে আন কেইবাজনৰো মিজোৰামলৈ বদলি হৈছিল৷ অধ্যক্ষ ৰাজেশৰ নিজৰো কেৰালালৈ বদলি হৈছিল আৰু ১ আগষ্টত বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ কথা আছিল৷ কিন্তু শনিবাৰে নিশা নৱনীত আৰু মদনলালে পোনতে অধ্যক্ষজনৰ আৱাসৰ খিৰিকীৰ আইনা ভাঙি দিছিল৷ লগে লগে অধ্যক্ষজন বাহিৰলৈ অহাত টানি–ঠেলি উলিয়াই আনি তেওঁৰ প্রশাসনিক পদক্ষেপ বাতিল কৰিবলৈ দাবী কৰিছিল৷
কিন্তু তেওঁ সৈমান নোহোৱাত আন দুজন শিক্ষক কালুৰাম আৰু মানবেন্দ্রই যোগাৰ কৰা ৰছীৰে ডিঙিত মেৰিয়াই ওচৰৰে গছ এজোপাত বান্ধি চৰ, ভুকু শোধাইছিল৷ আনকি অধ্যক্ষ ৰাজেশে উশাহ নাপাই বাগৰি পৰিব লওঁতে কাষৰ আৱাসত থকা শিক্ষয়িত্রীয়ে ওলাই আহি ৰছী খুলিবলৈ লয়৷ কিন্তু, সেই সময়ত ঘটনা সংঘটিত কৰাসকলে ৰছী খুলিব খোজাসকলক ঠেলা–গঁতিয়াবলৈ ধৰে৷ সময়ত আন এগৰাকী শিক্ষয়িত্রীয়ে আহি যদি ৰছী খুলি নিদিয়ে, তেন্তে অধ্যক্ষৰ মৃত্যুৰ পিছতে সকলো লিখি ছুইচাইড কৰিব বুলি ভাবুকি দিয়াতহে ৰছীৰ বান্ধোনমুক্ত হয়৷ এইদৰে নিশা ৩ মান বজালৈ চলি থকা কর্মকাণ্ড একাদশ, দ্বাদশ শ্রেণীৰ ছাত্র পর্যন্তই হোষ্টেলৰ পৰা নিৰীক্ষণ কৰে আৰু নিজ নিজ ঘৰত ফোন কৰি জনায়৷
কিন্তু, অপৰাধী মনোবৃত্তিৰ শিক্ষক ৪জনে পুৱাতে কলাইগাঁৱৰ ৱেবপ’র্টেলৰ সাংবাদিক মাতি আনি নাৰীজনিত কেলেংকাৰিৰ বাবেহে ৰছীৰে বান্ধি থোৱা বুলি প্রচাৰ কৰে৷ পিছলৈ ৪ শিক্ষকে কলাইগাঁৱত থানাত এজাহাৰ দিবলৈ যায় যদিও সেয়া মঙলদৈ থানা এলেকাত পৰে বুলি প্রকাশ কৰাত মঙলদৈ থানা পায়হি আৰু এজাহাৰ জমা দিয়াৰ পিছতে ভাইৰেল হোৱা ভিডি’ৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই প্রকৃত কাহিনী উদ্ধাৰ কৰে৷ সেইমর্মে নিশা কালুৰাম আৰু মদনলালক গ্রেপ্তাৰ কৰে আৰু অধিক তদন্তৰ পিছত আজি নৱনীত আৰু মানবেন্দ্র গ্রেপ্তাৰ হয়৷
শিক্ষয়িত্রীয়ে ম’বাইলত কৰিছিল ভিডিঅ’
শিক্ষকতা বৃত্তিক কলুষিত কৰা জৱাহৰ নৱোদয় কাণ্ডৰ সত্য পোহৰলৈ আহিছিল এটা ভাইৰেল ভিডিঅ’ক কেন্দ্র কৰি৷ শনিবাৰে নিশা প্রায় ১.২৭ বজাত ৰেকর্ডিং কৰা ভিডিঅ’টো আজি দৰং আৰক্ষীয়ে ম’বাইলসহ জব্দ কৰিছে৷ পিছে শুনিবলৈ আচহুৱা যে একেখন বিদ্যালয়ৰ শিক্ষকেই খোদ অধ্যক্ষক ডিঙিত ৰছীৰে মেৰিয়াই হত্যাৰ পৰিকল্পনা কৰিছিল আৰু সেই ঘৃণনীয় কাণ্ড ম’বাইলত আবদ্ধ কৰিছিল ২গৰাকীকৈ অসমীয়াভাষী শিক্ষয়িত্রীয়ে৷ কিন্তু, অপৰাধীৰ অপৰাধৰ ক্লু ৰৈ যোৱাৰ দৰেই পুৱাৰ ভাগত নিউজ চেনেলক নিজৰ পৰিকল্পনা মতে বাতৰি কৰিবলৈ ভিডিঅ’ যোগান ধৰিব লগা হোৱাত ২ শিক্ষয়িত্রীৰ এটা ভিডিঅ’ লীক হৈ যায়৷ অৱশ্যে আনটো ভিডিঅ’ এতিয়াও ম’বাইলতে জমা থকা বুলি বিশেষ সূত্রত প্রকাশ৷ লীক হোৱা ভিডি’টোত নৱনীত, কালুৰাম, মদনলালক স্পষ্টকৈ দেখা গৈছে আৰু অসমীয়াভাষী শিক্ষয়িত্রী দুগৰাকীৰ মুখৰ শব্দও স্পষ্টকৈ ধৰা পৰিছে৷