নিয়মীয়া বাৰ্তা, ২ আগষ্ট : কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাঢ়ন্তী পথত আজি কুকুৰমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীজেন্দ্ৰ মেধীৰ নেতৃত্বত আৰক্ষীয়ে প্ৰায় ২০০ লিটাৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, আজি দিনৰ প্ৰায় ১১.৩০ বজাত কুকুৰমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীজেন্দ্ৰ মেধীয়ে বাঢ়ন্তী পথেৰে চুলাই মদ আনি থকা খবৰ বিশেষ সুত্ৰে লাভ কৰে । ইয়াৰ পিছতে আৰক্ষী বিষয়া গৰাকীয়ে উক্ত পথত অভিযান চলাই দুখন চাইকেলত চুলাই বেপাৰীয়ে মদ আনি থাকোতে মদ খিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও মদ বেপাৰী দুজনে আৰক্ষীক দেখা মাত্ৰে পথাৰে পথাৰে দৌৰি পলায়ন কৰে । উল্লেখ্য যে মদ বেপাৰীৰ চাইকেল দুখন আৰক্ষীয়ে জব্দ কৰি কুকুৰমাৰা আৰক্ষী চকীলৈ লৈ আহে লগতে আৰক্ষীয়ে জব্দ কৰা প্ৰায় ২০০ লিটাৰ চুলাই মদ নষ্ট কৰি পেলাই দিয়ে ।