নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ ধুবুৰীৰ গৌৰীপুৰৰ সাংবাদিক কুলধৰ দাস আৰু নাই৷ যোৱানিশা প্রায় ১.৩০ বজাত গৌৰীপুৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে৷ বহু দিনৰ পৰা মধুমেহ ৰোগত ভুগি থকা প্রয়াত দাসে শেহতীয়াকৈ বৃক্কজনিত ৰোগতো আক্রান্ত হৈছিল৷ এদিন পূর্বে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক গৌৰীপুৰৰ নার্ছিং হোমত ভর্তি কৰোৱা হয়৷ কালি সন্ধিয়াৰ পিনে কিছু সুস্থ হৈ উঠিছিল যদিও নিশাৰ ভাগত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত সাংবাদিকগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ নিয়াৰ যো–জা চলাই থকা অৱস্থাতে তেওঁৰ মৃত্যু হয়৷ বিপত্নীক, অত্যন্ত অমায়িক আৰু হঁাহিমুখীয়া কুলধৰ দাসক ধুবুৰীৰ সংবাদ জগতকে ধৰি অন্যান্যৰ মাজত কুলদা বুলিয়েই পৰিচিত আছিল৷ তেওঁ কেৱল সংবাদকর্মীয়ে নাছিল, আছিল এগৰাকী পৰিৱেশবিদ আৰু সমাজকর্মী৷ ‘নেচাৰ ফ্রেণ্ড’ নামৰ এটা এন জি অ’ৰ সঞ্চালক কুলধৰ দাসে আলোকঝাৰী বনাঞ্চলৰ উন্নীতকৰণকে ধৰি পৰিৱেশ আৰু সামাজিক সংক্রান্তীয় অন্যান্য কর্মৰাজিৰ সৈতে প্রত্যক্ষভাৱে জডিত আছিল৷ উল্লেখনীয় যে গৌৰীপুৰৰ সমীপৰ ৰূপসীৰ কাষেৰে বৈ যোৱা প্রখ্যাত সাৰেশ্বৰ বিলক চৰকাৰীভাৱে পক্ষী অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়াৰ বাবে দীর্ঘ বহু বছৰৰ পৰাই নিৰলস প্রচেষ্টা চলাই আহিছিল তেওঁ৷ ১৯৯৭ চনতেই গুৱাহাটীৰ পৰা প্রকাশিত ‘আজিৰ বাতৰি’ৰে সংবাদ জগতত ভৰি দিয়া দাসে পিছলৈ গৈ ‘জনসাধাৰণ’, ‘আমাৰ অসম’, ‘নিয়মীয়া বার্তা’ আদি বাতৰিকাকতৰ হৈ ধুবুৰীৰ গৌৰীপুৰৰ পৰা সংবাদ সেৱা আগবঢ়াইছিল৷ আনকি এসময়ত পশ্চিমবংগৰ শিলিগুৰিৰ পৰা প্রকাশিত ‘সংবাদ প্রতিদিন’ নামৰ বাংলা ভাষাৰ কাকত এখনৰো গৌৰীপুৰৰ সংবাদ কর্মী ৰূপে কাম কৰিছিল তেওঁ৷ ১৯৬৯ চনত জন্মলাভ কৰা কুলদা পৰিয়ালৰ ডাঙৰ পুত্র আছিল৷ বহু পূর্বেই পিতৃ পাচুগোপাল দাস স্বর্গবাসী হোৱাৰ বিপৰীতে তেওঁৰ মাতৃ ডালিমী দাস আৰু মাজু ভাতৃৰো ইতিমধ্যে মৃত্যু হৈছে৷ বর্তমানে তেওঁৰ পৰিয়ালৰ সদস্য বুলিবলৈ আছে বিপত্নীক সৰু ভাতৃ৷ কালি নিশা অজাতশত্রু কুলধৰ দাসৰ মৃত্যুৰ বাতৰিয়ে ধুবুৰীৰ সংবাদ জগতৰ লগতে তেওঁৰ অসংখ্য গুণমুগ্ধৰ মাজত শোকৰ ছাঁ পেলাইছে৷ উল্লেখনীয় যে মৃত্যুৰ আগলৈকে ‘নিয়মীয়া বার্তা’ৰ গৌৰীপুৰৰ প্রতিবেদক ৰূপে কর্মৰত সাংবাদিকগৰাকীৰ অসুস্থতাৰ বাতৰি পাই বাতৰিকাকতখনৰ সম্পাদক নৰেশ কলিতাই গভীৰ নিশালৈকে কেইবাবাৰো ম’বাইযোগে তেওঁৰ স্বাস্থ্যৰ বুজ লৈছিল৷ আজি দিনৰ ভাগত গৌৰীপুৰ শ্মশানত এক শোকাকুল পৰিৱেশত প্রয়াত সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ ইতিমধ্যে সংবাদিক কুলধৰ দাসৰ এই অকাল মৃত্যুত স্থানীয় বিভিন্ন সংগঠনৰ উপৰি ধুবুৰী প্রেছ ক্লাব, গৌৰীপুৰ প্রেছ ক্লাব, গুৱাহাটী প্রেছ ক্লাব আৰু ধুবুৰী জিলা বার্তাজীৱী সংঘৰ তৰফৰ পৰা গভীৰ শোক প্রকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে৷
Prev Post
You might also like