শিক্ষকৰ অভাৱঃ সোণাৰিত বিদ্যালয়ত তলা লগালে অভিভাৱক-পৰিচালনা সমিতিয়ে
বিশেষ বাৰ্তা, ১৩ জুন : পৰ্যাপ্ত শিক্ষকৰ অভাৱৰ বাবেই আজি চৰাইদেউ জিলাৰ সোণাৰি শিক্ষাখণ্ডৰ এখন প্ৰাথমিক বিদ্যালয় বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট তথা অভিভাৱকে তলাবন্ধ কৰাত অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সোণাৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ভজো (A)সমল কেন্দ্ৰৰ টিয়ক পদুমণি প্ৰাথমিক বিদ্যালয়ত বিগত তিনি বছৰ ধৰি শিক্ষকৰ অভাৱ হৈ থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত আজিৰেপৰা এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতি তথা অভিভাৱকসকলে জানিবলৈ দিয়া অনুসৰি ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে টিয়ক পদুমণি প্ৰাথমিক বিদ্যালয়ত বৰ্তমান শিক্ষকৰ সংখ্যা মাত্ৰ তিনি জন। বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অভিভাৱক আৰু স্থানীয় সচেতন ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰাৰ অন্ততো শিক্ষা বিভাগে বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে৷ আনহাতে আগন্তুক ডিচেম্বৰ মাহত এই বিদ্যালয়খনৰ আন এগৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিব। যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নথকাত পাঠদানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট তথা অভিভাৱকে আজি তলাবন্ধ কাৰ্যসূচীৰ জৰিয়তে অতিশীঘ্ৰে বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ দাবী উত্থাপন কৰিছে। আনহাত, আজি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিযুক্তি নিদিয়াত প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰেৰক দীপাংকৰ পাল