নিয়মীয়া বাৰ্তা,ভূৰাগাঁও, ৩১ মাৰ্চঃ লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক। লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত আজি পুৱা বৰবৰি গাঁৱৰ পৰা দুই ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হ’ল ক্ৰমে- শ্বৰিফুল ইছলাম (৩৬) আৰু হবিবুৰ ৰহমান (৪০)। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ৪টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ, ১টা মোবাইল ফোন আৰু AS02, V 8704 নম্বৰৰ বাইক এখনো জব্দ কৰে। জব্দ কৰা সন্দেহযুক্ত ড্ৰাগছখিনিৰ ওজন ৬৪ গ্ৰাম বুলি আৰক্ষীয়ে জনাইছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন নগাঁও জিলাৰ বৰদোৱাৰ হাইডুবি আৰু ৰামসত্ৰৰ বুলি জানিব পৰা গৈছে। সম্প্রতি দুয়োকে আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে।