নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল’লে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ কোভিড-১৯ প্ৰতিহত কৰাৰ বাবে দেশজুৰি অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ বাবে আজি লখিমপুৰ জিলা ভ্ৰমণ কৰে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই । লখিমপুৰত উপস্থিত হৈ বিষয়া দুজনে জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সভাকক্ষত লখিমপুৰ আৰু ধেমাজি জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয় । সভাত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই লখিমপুৰ জিলাৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত পৰ্য্যালোচনা কৰে । অন্যহাতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য সচিব গৰাকীয়ে কয় যে লখিমপুৰ জিলাখনলৈ সীমান্ত ৰাজ্য অৰুণাচলৰ পৰা অহা অসমৰ লোক সকলক চিনাক্ত কৰি কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰাৰ লগতে আগন্তুক সাম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ ভগ্নপ্ৰায় মথাউৰিবোৰ নিৰ্মাণৰ ক্ষেত্ৰত লক ডাউনৰ নীতি-নিয়ম কিছু শিথিল কৰা হৈছে । তেওঁ লগতে গ্ৰামাঞ্চলৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহৰ ক্ষেত্ৰত কিছু শিথিলতাৰ ব্যৱস্থা কৰা হৈছে যদিও নগৰাঞ্চলৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত লকডাউনৰ একেই নিষেধ্যাজ্ঞা বাহাল থাকিব বুলিও কয় । সভাত অসম চৰকাৰৰ প্ৰশাসনিক দপ্তৰৰ অতিৰিক্ত সচিব জিষ্ণু বৰুৱা, খাদ্য আৰু অসামৰিক যোগান দপ্তৰৰ অতিৰিক্ত সচিব এচ আব্বাচ, আইজিপি হীৰেন নাথ উপস্থিত থাকে। আনহাতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আজি লখিমপুৰ আৰক্ষী নিৱেশত লখিমপুৰ আৰু ধেমাজি জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া সকলৰ সৈতে এখন সভাত মিলিত হয় । জিলা দুখনৰ আৰক্ষী বিষয়া সকলক উদ্দেশ্যি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লকডাউনৰ এই সময়চোৱাত ৰাইজৰ প্ৰতি সেৱাৰ মনোভাৱেৰে নিজৰ কতৰ্ব্য পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ।

You might also like