নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষীপুৰত পাষণ্ড স্বামীয়ে হত্যা কৰিলে পত্নীসহ দুই কন্যাক

পৰকীয়া প্রেমৰ পৰিণতি

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ এটা পৰকীয়া প্রেম আৰু তিনিটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে নামনি অসমৰ বিলাসীপাৰা মহকুমা৷ এজন পেছাদাৰী হত্যাকাৰীৰ সহযোগত পত্নী আৰু দুই কন্যাক হত্যা কৰাৰ এক জঘন্য ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত৷ হত্যাকাৰী নৰপিশাচজন মহকুমাটোৰ আটানী আৰক্ষী চকীৰ অন্তর্গত আটানী বজাৰৰ সমীৰ কুমাৰ বসাক (৪৬)৷ পেছাত আটানী ডাকঘৰৰ চতুর্থবর্গৰ কর্মচাৰী৷ প্রাপ্ত বাতৰি মতে, ২০ বছৰ পূর্বে নৰপিশাচ সমীৰ বসাকে বিয়া কৰাইছিল বিলাসীপাৰা চহৰৰ ৩ নম্বৰ ৱার্ডৰ দুর্গাবাৰীৰ ৰাখী বসাকক৷ সমীৰ আৰু ৰাখী বসাকৰ দুগৰাকী কন্যা ক্রমে চুমি বসাক (১৬) আৰু অনিশা বসাক (১২)৷ কিন্তু পৰকীয়া প্রেমৰ বাবে পত্নী ৰাখী বসাকৰ লগতে নিজৰ দুই কন্যাক যোৱা ১১ ডিচেম্বৰত হত্যা কৰে সমীৰ বসাকে৷ উল্লেখ্য যে এইজন নৰপিশাচ সমীৰ বসাকে কিছুদিন ধৰি নিজৰ খুলশালী এগৰাকীৰে অবৈধ সম্পর্ক ৰক্ষা কৰি আহিছিল৷ এই অবৈধ সম্পর্ক এটা সময়ত গভীৰ হৈ পৰে আৰু বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়৷ জানিব পৰা মতে, এইক্ষেত্রত পথৰ কাঁইট হিচাপে থিয় দিয়া সমীৰৰ পত্নী ৰাখী বসাক আৰু দুই কন্যাক যোৱা ১১ ডিচেম্বৰত পিকনিক খোৱাৰ অচিলা কৰি বিলাসীপাৰাৰ গৌৰাং নৈৰ পাৰলৈ নিয়ে৷ তাতে সুযোগ বুজি নৰপিশাচ সমীৰ বসাকে পেছাদাৰী হত্যাকাৰী তালেব আলীৰ সহযোগত পত্নী আৰু দুই কন্যাক ডিঙি চেপি হত্যা কৰি গৌৰাং নৈৰ সোঁতত উটুৱাই দিয়ে৷ এই ঘটনাৰ পাছতে ৰাখীৰ পৰিয়ালৰ লোকে আটানী আৰক্ষী চকীত দাখিল কৰা গোচৰৰ ভিত্তিত কেইদিনমান পূর্বে সমীৰ বসাক, হত্যাকাৰী তালেব আলী (৪৭, গুটিপাৰা চৰ) আৰু সমীৰৰ সৈতে পৰকীয়া প্রেম কৰা খুলশালীজনীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আজি গৌৰাং নৈৰ পাৰত ৰাখী বসাকৰ মৃতদেহ উদ্ধাৰ হোৱাত নৈখনৰ পাৰলৈ হত্যাকাৰী সমীৰ বসাক আৰু তালেব আলীক আৰক্ষীয়ে লৈ আহে আৰু কিদৰে ৰাখী বসাক আৰু দুই কন্যাক হত্যা কৰিছিল, তাৰ সোধা–পোছা কৰিবলৈ বিলাসীপাৰাৰ গৌৰাং নৈৰ পাৰলৈ অনা হয়৷ হত্যাকাৰী সমীৰ বসাকে কিদৰে পত্নী আৰু দুই কন্যাক হত্যা কৰিছিল, তাৰ বর্ণনা আৰক্ষীক দিয়ে৷ এই হত্যাকাণ্ডই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে সমগ্র অঞ্চলটোতে৷ পত্নীৰ লগতে নিজৰ দুই কন্যাৰ হত্যাত অভিযুক্ত নৰপিশাচ সমীৰ বসাকৰ লগতে তালেব আলীক ফাঁচি দিয়াৰ দাবী তুলিছে স্থানীয় বিভিন্ন দল–সংগঠনে।

You might also like