নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ গুলীত ধৰাশায়ী বিহাৰৰ প্ৰফেচনেল কিলাৰ মোহন কুমাৰ

  • *ৰাজ্যত পুনৰ এনকাউন্টাৰ*

নিয়মীয়াবাৰ্তা, ১২ ডিচেম্বৰ : ৰাজ্যত পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ আগ্নেয়স্ত্ৰ ৷ এইবাৰ লামডিঙত গৰজিল অসম আৰক্ষীৰ বন্দুক ৷ আৰক্ষীৰ গুলীত নিহত বিহাৰৰ প্ৰফেচনেল চুপাৰী কিলাৰ মোহন কুমাৰ ৷ প্ৰসংগ শুক্ৰবাৰে লামডিঙৰ হৰুলংফাৰৰ শিমলুতলাত নিশা এজন প্ৰাক্তন ৰেলৱে কৰ্মচাৰী তৰুণ চক্ৰৱৰ্তীলৈ লক্ষ্য কৰি দুজন দুৰ্বৃত্তই গুলী চালনা কৰি পলায়ন কৰিছিল ৷ গুলীবিদ্ধ তৰুণ চক্ৰৱৰ্তী এতিয়াও সংকটজনক অৱস্থাত গুৱাহাটীৰ GNRC হস্পিতালত চিকিৎসাধীন হৈ আছে ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এজন এজনকৈ মুঠ ৯ জন অভিযুক্তক আটক কৰিলে এই ঘটনাৰ লগত জড়িত থকা অপৰাধীক ৷ এই ঘটনাৰ মাষ্টাৰ মাইণ্ড তথা লামডিঙৰ এজন ৰেলৱে কৰ্মী অনিল মালাকাৰ , তৰুণ চক্ৰৱৰ্তীৰ ভাইবোৱাৰী তথা ৰেলৱে কৰ্মচাৰী বুল্টি চক্ৰৱৰ্তী , বিহাৰৰ বেগুচৰায়ৰ চাহেব ৰজক , বিহাৰৰ মোহন কুমাৰ , আৰু পাণ্ডব কুমাৰ, চন্দ্ৰপুৰৰ দীপক বিশ্বাস আৰু অজয় বৰ্মনৰ লগতে লামডিঙৰে অভয় দে আৰু দুলাল দাসক আৰক্ষীয়ে আটক কৰে ৷ পৰকীয় প্ৰেমৰ বাবেই সংঘটিত কৰিছিল এই ভয়ংকৰ ঘটনা ৷ প্ৰথমে পৰকীয় প্ৰেম পৰৱৰ্তী সময়ত সেই প্ৰেমে সৃষ্টি কৰিলে এক পাৰিবাৰিক সংঘাত ৷ জানিব পৰামতে গুলীবৃদ্ধ হোৱা তৰুণ চক্ৰৱৰ্তীৰ ভাই বোৱাৰী বুল্টি চক্ৰৱৰ্তী আৰু ভাই বোৱাৰীৰ প্ৰেমিক অনিল মালাকাৰে ৰচিছিল এই ষড়যন্ত্ৰ ৷ মাত্ৰ দুই লাখ টকাৰ বিনিময়ত বিহাৰৰ বেগুচৰায়ৰ তিনিজনকৈ কুখ্যাত প্ৰফেচনেল কিলাৰক হত্যাৰ বাবে অনিল মালাকাৰে আনিছিল লামডিঙলৈ ৷ পৰৱৰ্তী সময়ত পৰিকল্পনা অনুসৰি চুপাৰী কিলাৰ মোহন কুমাৰে পাণ্ডৱ কুমাৰৰ সহযোগত সম্পূৰ্ণ ঘটনাক মূল ৰূপ দি লামডিঙৰ পৰা পলায়ন কৰিছিল বিহাৰলৈ ৷ কিন্তু লামডিং আৰক্ষীৰ ক্ষীপ্ৰ তদন্তৰ বাবে বঙাইগাও ৰেলৱে ষ্টেচনৰ পৰা জি আৰ পি সহযোগত আটক হৈছিল মোহন কুমাৰ ৷

উক্ত ঘটনাৰ দিনা এখন বাইকেৰে মোহন কুমাৰে নিজ ভাতৃ পাণ্ডৱ কুমাৰক লৈ গুলীচালনা কৰিছিল তৰুন চক্ৰৱৰ্তীক ৷ মূল অভিযুক্ত মোহন কুমাৰক আৰক্ষীয়ে যোৱা নিশা বঙাইগাৱৰ পৰা লামডিঙলৈ লৈ আহি উক্ত গুলীচালনা ঘটনাত ব্যৱহৃত বন্দুক বিচাৰি নিশা অভিযান চলাইছিল দোলাল দাস নামৰ এজন ব্যক্তিৰ ঘৰত ৷ অভিযানৰ সময়তে মোহনে দুটা হাতে সজা বন্দুক উলিয়াই দিয়াৰ পিছতে লুকোৱাই থোৱা আন এটা .৩২ পিষ্টলেৰে আৰক্ষীলৈ লক্ষ্য কৰি দুইজাই গুলী নিক্ষেপ কৰে ৷ কিন্তু সেই গুলীত কথমপি আৰক্ষী ৰক্ষা পৰে যদিও আৰক্ষীৰ বাহনত লাগে ৷ নিজৰ প্ৰান ৰক্ষাৰ বাবে প্ৰত্যুত্তৰত লামডিং আৰক্ষীয়েও মোহনলৈ বুলি গুলী চালনা কৰে আৰু মোহন দুটাকৈ গুলীত গুলীবিদ্ধ হয় ৷ আৰক্ষীয়ে ততাতৈয়াকৈ মোহনক লামডিঙৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে মোহন কুমাৰক মৃত বুলি ঘোষণা কৰে ৷ ইয়াৰপিছতে লামডিঙত হোজাই জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ এখন সংবাদমেল সম্বোধন কৰে ৷

সংবাদ মাধ্যমৰ আগত জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ঘটনা সকলো সদৰি কৰি কয় যে উক্ত ঘটনা সংক্ৰান্তত লামডিং আৰক্ষীয়ে ১৯৭/২২ নম্বৰত তথা ১২০(বি)/৩০৭/৩৪ আইপিচি আৰ/ডাব্লু ২৫(১-এ)/২৭ Arms actৰ অধীনত গোচৰ ৰুজু কৰি এতিয়ালৈকে ৯ জন অভিযুক্তক আটক কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত দুটা হাতে সজা বন্দুক সহ এটা পইন্ট .৩২ পিষ্টলৰ লগতে ১১ জাই সজীৱ গুলী আৰু এটা খালী কাৰ্টোজো উদ্ধাৰ কৰাৰ লগতে ঘটনাত ব্যৱহাৰ হোৱা হিৰৌ হোণ্ডা গ্লেমাৰ বাইকখন দোলাল দাসৰ গৃহৰ পৰা উদ্ধাৰ কৰি আৰক্ষীয়ে জব্দ কৰিছে ৷ ইয়াৰ পিছতো আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷ লামডিঙত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাৰ লগত জড়িত ৯জনকৈ অপৰাধীক অতি কমসময়ৰ ভিতৰতে কৰায়ত্ব লগতে অধীক ক্ষীপ্ৰতাৰে তদন্ত কৰি যি সফলতাত লামডিং আৰক্ষী উপনীত হ’ল তাৰ বাবে লামডিংবাসী ৰাইজে হোজাই জিলা আৰক্ষী অধীক্ষ বৰুণ পুৰকায়স্থ আৰু লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰাক প্ৰশংসাৰ শলাগ লয়।

You might also like