বৰক্ষেত্ৰীত মাফিয়া কাইদাৰে ভূমি দখল কৰিবলৈ আহি মণ্ডলক অপদস্থ দুৰ্বৃত্তৰ
নিয়মীয়া বাৰ্তা, ৩১ জুলাই : নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমা পথাৰ গাঁৱত এখন প্ৰাথমিক বিদ্যালয়ৰ এটুকুৰা বিবদমান ভূমি দখলক কেন্দ্ৰ কৰি ২৯ জুলাইত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণী মতে দমদমা পথাৰ গাৱঁৰ মন্নাফ আলীৰ পুত্ৰ ফিৰোজ আলীৰ নিজৰ ভোগ দখলত থকা মাটিখিনিৰ এটা অংশত কোনো দুৰ্বৃত্তই নিশাৰ ভিতৰতে কেইদিনমান পূৰ্বে নিশাৰ ভিতৰত ‘স্কুলৰ ভূমি’ বুলি দাবী কৰি এখন চাইনবোৰ্ড আঁৰি দিয়াৰ লগতে বাহৰ বেৰিকেড দিয়ে। ইয়াৰ বিৰুদ্ধে ফিৰোজ আলীয়ে নলবাৰী জিলাৰ অতিৰিক্ত দণ্ডাধীশৰ আদালতৰ দ্বাৰস্থ হোৱাত অতিৰিক্ত দণ্ডাধীশে যোৱা ১৯-৭-২০২৪ তাৰিখে দিয়া হুকুম মৰ্মে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই স্থানীয় দৌলাশাল আৰক্ষী চকীৰ আৰক্ষী সহ ৰাজহ চক্ৰৰ চুকা (কাননগো), সংশ্লিষ্ট মণ্ডলগৰাকীৰ লগতে আন দুগৰাকী মণ্ডলক বিবদমান মাটিটুকুৰাত দিয়া বাঁহৰ বেৰিকেড মুকলি কৰিবলৈ এক লিখিত নিৰ্দেশ দিয়ে। কালি এই নিৰ্দেশনাৰ ভিত্তিত আৰক্ষী আৰু ৰাজহ চক্ৰৰ মণ্ডলৰ উপস্থিতিত উক্ত বিবদমান ভূমি টুকুৰাত বাহৰ বেৰিকেড উঠাই থকা সময়তে স্হানীয় কিছু সংখ্যক লোক আহি ঘটনাস্থলীত উপস্থিত হয়।লগতে সেইসকল লোকে এইখিনি মাটি দমদমা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ বুলি দাবী কৰি আৰক্ষী আৰু চৰকাৰৰ নিৰ্দেশনা পালন কৰা কৰ্তব্যৰত মণ্ডল সকলৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হয়।তাৰ পিছত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত ৰাইজৰ ৰোষত পৰাৰ ভয়ত কাননগো গৰাকীয়ে সেই ঠাইৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।আনহাতে সংশ্লিষ্ট গাঁওখনৰ দায়িত্বত থকা লাটমণ্ডলগৰাকীক উপস্থিত কিছু লোকে ঠেলা হেচা কৰি মাৰিবলৈ লওতে আৰক্ষীয়ে মণ্ডলগৰাকীক আৰক্ষীৰ গাড়ীৰ ভিতৰত সুমুৱাই ৰক্ষা কৰে। তাৰ পিছতো উত্তেজিত কিছুসংখ্যক দুৰ্বৃত্তই মণ্ডলগৰাকীক গাড়ীৰ পৰা আনিবলৈ টনা আজোৰা কৰি থকা সময়তে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তুভ ৰয় আৰু মুকালমুৱা থানাত প্ৰবেছনত কৰ্তব্যৰত অসম আৰক্ষী সেৱাৰ বিষয়া প্ৰিন্সি বৰুৱাই তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। উল্লেখ্য যে দমদমা পথাৰ প্ৰাথমিক বিদ্যালয়ে ১৯৯৫ চনত পট্টাৰ নং দাগত ২কঠা মাটি চৰকাৰী দলীলসূত্ৰে কিনিছিল যদিও মাটি টুকুৰা বিদ্যালয়খনে আজিপৰ্যন্ত ভোগদখল কৰিবলৈ সক্ষম হোৱা নাই। তদুপৰি বৰপেটা দৌলাশাল হাজো গুৱাহাটী পথটো নিৰ্মাণ কৰাৰ সময়ত ২০১৫ চনত চৰকাৰে অধিগ্ৰহণ কৰা মাটিৰ বিপৰীতে বিদ্যালয়খনৰ নিজৰ বুলি দাবী কৰা মাটিখিনিৰ বিপৰীতে কোনোধৰণৰ ক্ষতিপূৰণৰ ধন লাভ কৰা নাছিল বুলি অভিযোগ উত্থাপিত হৈছে।তৎস্বত্তেও কিছু সংখ্যক লোকে এক দুষ্ট চক্ৰৰ প্ৰৰোচনাত আন লোকৰ ভোগ দখলত থকা আন এটুকুৰা মাটি গাৰ জোৰেৰে দখল কৰিবলৈ জেচিবি গাড়ী লগাই নতুনকৈ খান্দি ৰাজহ আইন ভংগ কৰাৰ বিৰুদ্ধে আজি বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই মুকালমুৱা থানাত ৭গৰাকী দুৰ্বৃত্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।মুকালমুৱাৰ আৰক্ষীয়ে ইতিমধ্যে এই সম্পৰ্কে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
প্ৰেৰক প্ৰদীপ কুমাৰ কলিতা