নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ৩০০ শতাংশ পর্যন্ত বৃদ্ধি পাব মাটিৰ মূল্য

ৰাজ্যত নতুন ভূমি মূল্য নির্ধাৰণৰ প্রস্তাৱ ৰাজহ বিভাগৰ

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ নতুন বছৰটোতে ৰাজ্যত বৃদ্ধি পাব মাটিৰ মূল্য৷ জিলা পর্যায়ত পৃথকে পৃথকে ৰাজহ চক্রৰ অন্তর্গত গাঁও অনুসৰি মূল্য বৃদ্ধি হ’ব মাটিৰ৷ ৰাজহ বিভাগৰ প্রস্তাৱ অনুসৰি কামৰূপ মহানগৰ জিলাৰ ৭০ৰ পৰা ৩০০ শতাংশলৈ মাটিৰ মূল্য বৃদ্ধি হ’ব৷ ঔদ্যোগিক ক্ষেত্রত ব্যৱহাৰ কৰা মাটি, বাণিজ্যিক ক্ষেত্রত ব্যৱহাৰ কৰা মাটি, আৱাসিক কামত ব্যৱহাৰ কৰা মাটি, কৃষি ক্ষেত্রত ব্যৱহাৰ কৰা মাটি আৰু চাহ বাগিচাৰ বাবে ব্যৱহাৰ কৰা মুঠ ৫টা শ্রেণীত সুকীয়া সুকীয়াকৈ নতুনকৈ মাটিৰ মূল্য নির্ধাৰণ কৰা হৈছে৷

ৰাজহ বিভাগৰ তৰফৰ পৰা ইতিমধ্যে প্রতিখন জিলাৰ উপায়ুক্তক যোৱা ২৯ ডিচেম্বৰত এক নির্দেশযোগে এই বিষয়ে অৱগত কৰা হৈছে৷ সেই নির্দেশৰ পাছতেই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এক নির্দেশযোগে জিলাখনৰ গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্রপুৰ আৰু আজাৰা অঞ্চলৰ প্রস্তাৱিত মাটিৰ মূল্যৰ তালিকা প্রকাশ কৰে৷ চৰকাৰে নতুনকৈ মূল্যায়ন কৰিব বিচৰা মাটিৰ মূল্যৰ ক্ষেত্রত কোনো নাগৰিকক কোনো আপত্তি থাকিলে অহা ১০ জানুৱাৰীৰ ভিতৰত লিখিতভাৱে আপত্তি দর্শাবলৈ নির্দেশটোত কোৱা হৈছে৷ ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কার্যালয়ৰ ৱেবছাইটত মহানগৰীৰ বিভিন্ন অঞ্চলৰ প্রস্তাৱিত মাটিৰ নতুন মূল্য উপলব্ধ হৈছে৷

You might also like