নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিম’ৰ্টৰ বুটাম টিপি ন–দিগন্তৰ সূচনা মোদীৰ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ/কত যুগ ধৰি আহিছে প্রকাশি/সমন্বয়ৰ অর্থ– ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ যুগজয়ী গীতেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বৃহস্পতিবাৰে ভার্চুৱেল মাধ্যমত এনেদৰে নিজ বক্তব্য প্রকাশ কৰিলে মাজুলীবাসীৰ বহু প্রত্যাশিত যোৰহাট–মাজুলী সংযোগী দলং নির্মাণৰ ভূমি পূজন অনুষ্ঠানত৷

নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেঞ্চিংযোগে এই ভূমি পূজন অনুষ্ঠানত অংশ লোৱাৰ লগতে ৰিম’ৰ্ট টিপি শুভাৰম্ভ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– মহাবাহু ব্রহ্মপুত্রই যুগ যুগ ধৰি সমন্বয়ৰ বার্তা বহন কৰি আহিছে৷ ব্রহ্মপুত্রৰ জৰিয়তে মাজুলীৰ সৈতে বহু দিন পূর্বেই যাতায়াত যোগাযোগ ব্যৱস্থা স্থাপন হ’ব লাগিছিল৷ কিন্তু এনে যাতায়াত ব্যৱস্থা সম্ভৱ নোহোৱা বাবেই অসম তথা উত্তৰ–পূর্বাঞ্চলৰ জনসাধাৰণে দীর্ঘদিন ধৰি অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ আজি আমাৰ চৰকাৰে মহাবাহু ব্রহ্মপুত্রৰ আশীর্বাদত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ প্রচেষ্টাত উত্তৰ–পূর্বাঞ্চলৰ ভৌগোলিক আৰু সাংস্কৃতিক যোগসূত্রৰ ক্ষেত্রত দ্রুত উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে৷ যোগাযোগৰ এই নতুন দিগন্তই অসম তথা উত্তৰ–পূর্বাঞ্চলত বিকাশৰ এক নতুন ইতিহাসৰ সূচনা কৰিব৷ মাজুলীৰ ফুলনি খেলপথাৰত আয়োজিত এখন বিশাল ৰাজহুৱা সভাত কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰি, কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমার্গ দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী মনসুখ এল মন্দাভিয়া, কেন্দ্রীয় আইন আৰু ন্যায়, যোগাযোগ, ইলেক্ট্রনিকছ আৰু তথ্য–প্রযুক্তি মন্ত্রী ৰবিশংকৰ প্রসাদ (ভার্চুৱেল উপস্থিতি), অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ (ভার্চুৱেল) উপস্থিতিত ভার্চুৱেল ব্যৱস্থাৰে অংশ লৈ প্রধানমন্ত্রীয়ে আজি নদীদ্বীপ মাজুলীৰ জনসাধাৰণৰ এক দীর্ঘদিনীয়া প্রত্যাশা পূৰণ কৰি ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া ৮ কিলোমিটাৰ দৈর্ঘ্যৰ মাজুলী–যোৰহাট সংযোগী দুইলেন দলঙৰ নির্মাণকার্যৰ মাংগলিক শুভাৰম্ভ কৰাৰ লগতে নিমাতীঘাট–মাজুলীৰ মাজত ‘এম ভি ৰাণী গাইডিনলিউ’ আৰু ‘এম ভি শচীন দেৱবর্মন’ নামৰ দুখন অত্যাধুনিক ৰ’–পেক্স জাহাজ সেৱাৰো ফ্লেগ অফ কৰে৷ দেশত পথ যাতায়াত ব্যৱস্থাৰ দিশত এক নজিৰ সৃষ্টি কৰি প্রধানমন্ত্রীয়ে  প্রায় ৫,০০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া ১৯ কিলোমিটাৰ দৈর্ঘ্যৰ ধুবুৰী–ফুলবাৰী সংযোগী দেশৰ দীর্ঘতম দলঙৰো আধাৰশিলা স্থাপন কৰে৷

  এই অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ৩,২০০ কোটি টকা প্রকল্প ব্যয়েৰে হাতত লোৱা ‘মহাবাহু ব্রহ্মপুত্র’ শীর্ষক অভিলাষী প্রকল্পৰ অধীনত উত্তৰ গুৱাহাটী–দক্ষিণ গুৱাহাটী আৰু ধুবুৰী–হাটশিঙিমাৰীৰ্ মাজত বৃহৎ ৰ’–পেক্স জাহাজ সেৱাৰ ফ্লেগ অফ কৰাৰ লগতে ইজ অৱ ডুইং বিজনেছৰ বাবে বিশেষভাৱে প্রস্তুত কৰা ‘পানি (Portal for Asset and Navigational Information) ‘কার্ড (Carago Data portal) নামৰ দুটা ই–প’র্টেলো আনুষ্ঠানিকভাৱে মুকলি কৰে৷ এই প্রকল্পৰ অধীনতে প্রধানমন্ত্রীয়ে আজি যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক পার্কত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ আধাৰশিলা তথা যোগীঘোপা, পাণ্ডু, বিশ্বনাথঘাট আৰু নিমাতীত টুৰিষ্ট জেটী বা ওপঙা পর্যটক টার্মিনেলৰো আধাৰশিলা স্থাপন কৰে৷

প্রধানমন্ত্রী মোদীয়ে  ৩৫০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত নির্মাণ হ’বলগীয়া উত্তৰ–পূব ডাটা চেণ্টাৰৰো আধাৰশিলা স্থাপন কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শ্রীমন্ত শংকৰদেৱৰ কর্মস্থলী, সত্রভূমি মাজুলীৰ প্রতি প্রণাম জনাই আলি–আয়ে–লৃগাঙৰ দ্বিতীয় দিনাও অসমত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰি আছে বুলি কয়৷ তেওঁ কয় যে আজি অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সামগ্রিক বিকাশৰ এক বৃহৎ উৎসৱ অনুষ্ঠিত হৈছে৷ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ‘মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ, কত যুগ ধৰি আহিছে প্রকাশি, সমন্বয়ৰ অর্থ’ গীতৰ পংক্তি আওৰাই প্রধানমন্ত্রীয়ে ব্রহ্মপুত্রক সমন্বয় আৰু মিলন তীর্থ বুলি অভিহিত কৰে৷ ব্রহ্মপুত্রৰ জলৰাশি তথা যোগাযোগৰ ক্ষেত্রত পূর্বতে যেনেধৰণৰ কাম কৰিব লাগিছিল, সেইটো কৰা নহ’ল বুলিও আক্ষেপ প্রকাশ কৰি প্রধানমন্ত্রীয়ে কয় যে সেই বাবে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ যোগাযোগে এক বৃহৎ প্রত্যাহ্বান হিচাপে ইমানদিনে থিয় হৈ থাকিল৷ চৰকাৰে সেয়েহে উত্তৰ–পূর্বাঞ্চল তথা অসমৰ ভৌগোলিক আৰু সাংস্কৃতিক দূৰত্ব হ্রাস কৰাৰ বাবে এই প্রকল্পসমূহ গ্রহণ কৰিছে৷ সম্প্রতি অসমসহ উত্তৰ–পূর্বাঞ্চলৰ ভৌগোলিক আৰু সাংস্কৃতিক সংহতি আজি কিছু বছৰৰ পৰা শক্তিশালী হৈছে৷ ড০ ভূপেন হাজৰিকা সেতু, বগীবিল দলং, শৰাইঘাটৰ দ্বিতীয় দলঙে অসমৰ জনসাধাৰণৰ জীৱন ধাৰণৰ প্রণালী যথেষ্ট সুচল কৰি তুলিছে৷ এই যোগাযোগ ব্যৱস্থাই দেশৰ নিৰাপত্তাৰ লগতে সেনাবাহিনীৰ কাম–কাজ সুচাৰুৰূপে চলাই নিয়াৰ দিশতো বিশেষ সুবিধা প্রদান কৰিছে৷ ভাষণ প্রসংগত প্রধানমন্ত্রীয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল তথা তেওঁৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে লাভ কৰা এই সফলতাৰ শলাগ লয়৷

মাজুলীয়ে ৰাজ্যখনৰ প্রথমখন হেলিপেডৰ সেৱা লাভ কৰিছে বুলি উল্লেখ কৰি ৮ কিলোমিটাৰ দৈর্ঘ্যৰ কমলবাৰী আৰু যোৰহাট সংযোগী দলঙৰ আজি যি নির্মাণকার্যৰ শুভাৰম্ভ কৰা হ’ল, ইয়াৰ জৰিয়তে মাজুলীয়ে দ্রুত আৰু সুৰক্ষিত পথ সেৱাৰ সা–সুবিধা লাভ কৰিব বুলিও তেওঁ কয়৷ এই দলংখন সুবিধা আৰু সম্ভাৱনাৰ এক সেতু হিচাপে পৰিগণিত হ’ব বুলিও প্রধানমন্ত্রীয়ে কয়৷ তদুপৰি ১৯ কিলোমিটাৰ দৈর্ঘ্যৰ ধুবুৰী–ফুলবাৰী দলঙে বৰাক উপত্যকাৰ যোগাযোগ সুচলতৰ কৰাৰ উপৰি মেঘালয়, মণিপুৰ আৰু মিজোৰামৰ দূৰত্ব হ্রাস কৰিব বুলিও কয়৷ উত্তৰ–পূর্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা ইমানদিনে অৱহেলিত হৈ আছিল বুলি উল্লেখ কৰি ইয়াৰ ফলত এই অঞ্চলৰ সম্ভাৱনীয়তাৰ পূর্ণ বিকাশ সম্ভৱ হৈ উঠা নাছিল বুলিও তেওঁ কয়৷ ৰুগ্ণ যোগাযোগ ব্যৱস্থাই অঞ্চলটোৰ অশান্তি বৃদ্ধি কৰিছিল৷

দেশৰ প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে এই অৱস্থাৰ পৰিৱর্তন কৰাৰ বাবে নিষ্ঠা সহকাৰে কর্মত ব্রতী হৈছিল আৰু এই পদক্ষেপক আৰু অধিক আগুৱাই নিয়াৰ বাবে তথা অসমৰ বহুমুখী যোগাযোগ ব্যৱস্থা পুনৰ শক্তিশালী কৰাৰ বাবে সাম্প্রতিক চৰকাৰৰ কার্যকালত শক্তিশালী পদক্ষেপ লোৱা হৈছে বুলিও তেওঁ কয়৷ পূব এছিয়াৰ দেশসমূহৰ সৈতে সাংস্কৃতিক আৰু ব্যৱসায়িক সম্বন্ধ বৃদ্ধিৰ দিশত অসম তথা উত্তৰ–পূর্বাঞ্চলক হাব হিচাপে পৰিগণিত কৰাৰ প্রচেষ্টা অব্যাহত ৰখা হৈছে বুলিও প্রধানমন্ত্রীয়ে কয়৷ এইক্ষেত্রত আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা সুচলতৰকৰণৰ কাম–কাজসমূহে বৃহৎ প্রভাৱ পেলাব বুলিও প্রধানমন্ত্রীয়ে কয়৷ সম্প্রতি জল পৰিবহণৰ সংযোগ উন্নীতকৰণৰ বাবে বাংলাদেশৰ সৈতে এক চুক্তি কৰা হৈছে৷ ভাৰত–বাংলাদেশ প্রট’কল ৰুট তথা হুগলী নদীৰ সৈতে ব্রহ্মপুত্র আৰু বৰাকৰ সংযোগ স্থাপনৰ কাম–কাজ অব্যাহত আছে৷ উত্তৰ–পূর্বাঞ্চলক দেশৰ অন্য প্রান্তৰ সৈতে সংযোগ কৰাৰ এই প্রচেষ্টাই স্থলপথৰ এক সূক্ষ্ম কৰিড’ৰৰ ওপৰত নির্ভৰশীলতা হ্রাস কৰিব বুলিও তেওঁ কয়৷ যোগীঘোপা আই ডব্লিউ টি টার্মিনেলে অসমক হালদিয়া আৰু কলকাতা বন্দৰৰ সৈতে জলপথেৰে সংযোগ কৰাৰ এক বিকল্প পথ হিচাপে উন্নীত কৰিব বুলিও তেওঁ কয়৷ ভূটান আৰু বাংলাদেশৰ কার্গ’ তথা যোগীঘোপা মাল্টি মডেল পার্কৰ কার্গ’ই ব্রহ্মপুত্রৰ জলৰাশিৰে ভিন্ন প্রান্তলৈ যোৱাৰ সুযোগ লাভ কৰিব বুলিও তেওঁ কয়৷

কালি পুৱা ১০ বজাত মুখ্যমন্ত্রীজনক দক্ষিণপাট সত্রৰ গায়ন–বায়ন, নটুৱা নৃত্যৰ পৰিৱেশনৰ মাজেৰে দক্ষিণপাট সত্রৰ সমীপৰ পাৰঘাটলৈ আদৰি অনাৰ পাছতে দক্ষিণপাট সত্রৰ উদ্যোগত অনুষ্ঠিত নদী পূজন কার্যসূচীত মুখ্যমন্ত্রী সোণোৱালৰ উপস্থিতিত নদীৰ পাৰত অস্থায়ী প্রেক্ষাগৃহত বিগ্রহ প্রতিষ্ঠা কৰি পূজাৰীয়ে মন্ত্রোচ্চাৰণেৰে পূজাৰ মাংগলিক কার্যসূচী সম্পন্ন কৰে৷ ঐতিহাসিক দক্ষিণপাট সত্রৰ সত্রাধিকাৰ ননীগোপাল দেৱগোস্বামী, উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামী, গড়মূৰ সৰু সত্রৰ সত্রাধিকাৰ হৰিদেৱ গোস্বামীৰ লগতে কেইবাজনো সত্রাধিকাৰ উপস্থিত হৈ মহাবাহু ব্রহ্মপুত্রক উপাসনা কৰি ভোগ প্রদান কৰে৷ ইয়াৰ পাছতে দক্ষিণপাটৰ কৃষিপথাৰত মাজুলীৰ প্রায়সংখ্যক সত্রাধিকাৰসহ ভকত–বৈষ্ণৱে নাম–প্রসংগ কৰি মাংগলিক পৰিৱেশ সৃষ্টি কৰে৷ আনহাতে, শিৱসাগৰৰ পৰা অহা বলুকা শিল্পী পংকজ ঢেকিয়াল ফুকনে ব্রহ্মপুত্রৰ বালিচৰত প্রধানমন্ত্রীৰ প্রতিচ্ছবি অংকন কৰি কৃতজ্ঞতা জ্ঞাপন কৰে৷ এই অনুষ্ঠানক লৈ  সমগ্র নদীদ্বীপটোৱেই উদুলি–মুদুলি হৈ পৰা পৰিলক্ষিত হয়৷

You might also like