নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ বানবিধ্বস্ত বিহাপাৰাত বিনষ্ট শস্য , কৃষকৰ শোচনীয় অৱস্থা

নিয়মীয়া বাৰ্তা, ২৭ মে’:- ৰঙিয়াৰ বানবিধ্বস্ত বিহাপাৰা অঞ্চলৰ কৃষকৰ অৱস্থা শোচনীয় হৈ পৰিছে। কিছুদিন পূৰ্বে হোৱা প্ৰলয়ংকৰী বানত বিহাপাৰাৰ লগতে চেনিমাৰা , লাহাপাৰা , দলেগাঁও আদি বৃহত্তৰ অঞ্চলৰ শতাধিক খেতিয়কৰ হাজাৰ হাজাৰ বিঘা মাটিৰ শস্য বিনষ্ট হৈছে । বিশেষকৈ বৰো ধান আৰু পাচলিৰ খেতি সম্পূৰ্ণ বিনষ্ট হৈছে । লগতে বানত মীন পালক সকলৰ পুখুৰীৰ পৰা মাছ ওলাই যোৱাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে । বহু কৃষকে ঋণ অথবা সুদত ধন লৈ খেতি কৰিছিল । কিন্তু শস্য নষ্ট হোৱাৰ ফলত ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে সংকটত পৰিছে । অতি কষ্টৰে কৰা খেতিডৰা এনেদৰে বিনষ্ট হোৱাত মূৰে কপালে হাত দিব লগা হৈছে উক্ত দুৰ্ভগীয়া কৃষকে । কৃষি প্ৰধান এই বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ লোকে এতিয়া জীৱিকাৰ পথ হেৰুৱাই হাহাকাৰ কৰিব লগা হৈছে । ইমানৰ পিছতো কোনো গুৰুত্ব নাই কৃষি বিভাগৰ । অঞ্চলটোৰ এনে এক দুৰ্যোগৰ সময়ত প্ৰশাসন অথবা কৃষি বিভাগে এতিয়ালৈকে ক্ষয়ক্ষতিৰ কোনোধৰণৰ জৰীপ পৰ্যন্ত চলোৱা নাই । জীৱিকা হেৰুওৱা এইসকল ভুক্তভোগী খেতিয়কে শীঘ্ৰে ক্ষতিপূৰণ আৰু সাহাৰ্যৰ বাবে চৰকাৰক দাবী জনাইছে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like