নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত “বিজ্ঞান আৰু ভগৱানৰ ইচ্ছা” শীৰ্ষক বক্তৃতানুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ কাইলৈ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে বজালী জিলা সদৰ পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ত এক মনোজ্ঞ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে৷ অসম বিজ্ঞান সমিতিৰ উদ্যোগত অনুষ্ঠিতব্য এই বক্তৃতানুষ্ঠানত  “বিজ্ঞান আৰু ভগবানৰ ইচ্ছা ” শীৰ্ষক বিশেষ বক্তৃতাটি প্ৰদান কৰিব চিন্তাবিদ, লেখক তথা বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া বক্তৃতানুষ্ঠানটি উদ্বোধন কৰিব বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডo বিৰিঞ্চি কুমাৰ দাসে৷ অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন প্ৰতিষ্ঠানৰ ৱসৰী সহযোগী প্ৰফেচাডo দিপালী দেৱী৷ দিনৰ চাৰে এঘাৰ বজাত বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য এই বক্তৃতানুষ্ঠান সদাশয় লোকৰ উপস্থিতি কামনা কৰিছে অসম বিজ্ঞান সমিতিৰ বজালী জিলা সমিতিয়ে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like