ড০ হিমন্ত বিশ্ব শৰ্মাক সাৱধানবাণী আজমলৰ, লিগেল ৰাইটছৰ টুইট
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ সন্ত্ৰাসবাদী সংগঠনক ধন যোগান ধৰা এন জি অ’ৰ পৰা কোটিৰ ঘৰত ধন লাভ কৰে আজমল ফাউণ্ডেচনেও। এই তথ্য সদৰী কৰিছিল লিগেল ৰাইটছ অৱজাৰভেটৰী নামৰ এটা আন্তৰ্জাতিক সংস্থাই।
সংস্থাটোৰ তথ্যৰ ভিত্তিত অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ৰাজ্যবাসীক অৱগত কৰিছিল। এই ঘটনাই ৰাজ্যৰ ৰাজনীতিত প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ আন্তৰ্জাতিক সংস্থাটোৱে টুইটযোগে পুনৰ অভিযোগ কৰিছে যে বদৰুদ্দিন আজমলে এই কথাৰ বাবে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাৱধানবাণী শুনাইছে।
সংস্থাটোৱে লগতে প্ৰশ্ন কৰে যে সাৱধানবাণী শুনোৱাৰ অৰ্থ এনে নেকি যে আজমলে ভাৰতীয়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বিদেশী শক্তিক আহ্বান জনাইছে? যদি সেয়াই হয়, তেন্তে ভাৰতে তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি লিগেল ৰাইটছ অৱজাৰ্ভেটৰীয়ে আহ্বান জনাইছে।
Shocking- Ajmal Foundation @BadruddinAjmal warned @himantabiswa, #LRO, others for terror funding allegations but legal notices served to many sites by Al Imdaad UK n Turkish IHH. Is Ajmal inviting foreigners to fight Indians?
If it is so UAPA, NSA must b invoked against trustees pic.twitter.com/HgWmp9IOxG— Legal Rights Observatory- LRO (@LegalLro) December 10, 2020