জানো আহক খেলপথাৰৰ বাহিৰতো কিদৰে উপভোগ কৰিব বিশ্বকাপৰ খেল
বিশেষ বাৰ্তা, ৪ অক্টোবৰঃ চাৰি বছৰৰ পিছত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ এদিনীয়া বিশ্বকাপৰ কাইলৈ শুভ আৰম্ভণি। কাইলৈ ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মেচৰ মাজেৰে ইয়াৰ আৰম্ভণি হব। এইবাৰ ভাৰতত অনুষ্ঠিত হৈছে বিশ্বকাপ, যাৰ চূড়ান্ত খেলখন ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব। বিশ্বকাপৰ প্ৰথম আৰু অন্তিমখন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। বিশ্বকাপৰ প্ৰথমখন খেলত অন্তিমখন এদিনীয়া বিশ্বকাপ বিজয়ী ইংলেণ্ড আৰু ৰানাৰ্ছ আপ নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত যদি আপুনি খেলপথাৰত বিশ্বকাপ চাবলৈ যোৱা নাই, তেন্তে টিভি বা মোবাইলত চাবলৈ নিশ্চয় পৰিকল্পনা কৰিছে। বিশ্বকাপৰ সকলো খেলৰ লাইভ ষ্ট্ৰীমিং বা টেলিকাষ্ট কেনেকৈ আৰু ক’ত চাব পাৰিব। যদি ঘৰতে বহি নিজৰ টিভিত বিশ্বকাপৰ খেল চাব বিচাৰে, তেন্তে টিভিত ষ্টাৰ স্প’ৰ্টছ চেনেল ইনষ্টল কৰিব লাগিব। এইবাৰ ষ্টাৰ স্প’ৰ্টছে ক্ৰিকেট বিশ্বকাপৰ সম্প্ৰচাৰৰ অধিকাৰ লাভ কৰিছে, গতিকে ষ্টাৰ স্প’ৰ্টছৰ সকলো চেনেল যেনে – ষ্টাৰ স্প’ৰ্টছ ১, ষ্টাৰ স্প’ৰ্টছ ২, ষ্টাৰ স্প’ৰ্টছ এইচ ডি, ষ্টাৰ স্প’ৰ্টছ হিন্দী, ষ্টাৰ স্প’ৰ্টছ মাৰাঠী আদি বহুতো চেনেল চাব পাৰিব। যদি যিকোনো সময়তে, ঘৰত বা বাহিৰত যিকোনো ঠাইতে বিশ্বকাপৰ মেচসমূহৰ লাইভ ষ্ট্ৰীমিং চাব বিচাৰে, তেন্তে মবাইল ফোনত ডিজনী প্লাছ হটষ্টাৰ থাকিব লাগিব। ডিজনী প্লাছ হটষ্টাৰত বিশ্বকাপৰ সকলো খেলৰ লাইভ ষ্ট্ৰীমিং চাব পাৰিব। ইয়াৰ এটা বিশেষ কথা হ’ল এইবাৰ বিশ্বকাপৰ খেল চাবলৈ ডিজনী প্লাছ হটষ্টাৰৰ চাবস্ক্ৰিপচন কিনাৰ প্ৰয়োজন নাই। মাত্ৰ মোবাইল ফোনত ডিজনী প্লাছ হটষ্টাৰ এপটো ডাউনলোড কৰি ক্ৰীড়া বিভাগলৈ যাব লাগিব। তাত একেবাৰে বিনামূলীয়াকৈ বিশ্বকাপৰ সকলো খেল চাব পাৰিব, এটকাও খৰচ নকৰাকৈ। যদি ৰেডিঅ’ত বিশ্বকাপৰ খেলৰ কমেণ্টৰী শুনিব বিচাৰে তেন্তে অল ইণ্ডিয়া ৰেডিঅ’ৰ ডিজিটেল চেনেল – ইণ্ডিয়া: প্ৰসাৰ ভাৰতীলৈ যাব লাগিব। ইয়াৰ উপৰি আইচিচিৰ অফিচিয়েল ডিজিটেল অডিঅ’ পাৰ্টনাৰ ডিজিটেল ২ স্প’ৰ্টছত বিশ্বকাপৰ খেলৰ কমেণ্টৰীও শুনিব পাৰিব।