নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তপতজুৰিত বজ্রপাততেই প্রাণ গৈছিল ১৮ বন্যহস্তীৰ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ প্রচণ্ড বজ্রপাতৰ ফলতে মৃত্যুমুখত পৰিছিল নগাঁৱৰ তপতজুৰিৰ ১৮টাকৈ বন্যহস্তী৷ মৃত হাতীকেইটাৰ মৰণোত্তৰ পৰীক্ষাত এই কথা প্রকাশ পাইছে৷ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ পেথ’লজী বিভাগৰ অধ্যাপক এছ এম তামুলী আৰু সহকাৰী অধ্যাপক এ ডেকা স্বাক্ষৰিত মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি হাই ভল্টেজ বিদ্যুৎ প্রৱাহৰ ফলতে হাতীকেইটাৰ মৃত্যু হৈছে৷

প্রতিবেদনখনত ইয়াৰ সবিশেষ ব্যাখ্যাও আগবঢ়োৱা হৈছে৷ বিষয়টো সন্দর্ভত ৰাজ্য চৰকাৰৰ বন বিভাগৰ পি চি এফ (বন্যপ্রাণী) অমিত সহায়ে কয় যে বন বিভাগে মাইক্র’বায়’লজী, পশুপালন, বতৰ বিজ্ঞান বিভাগ সকলোৰে প্রতিবেদন সংগ্রহ কৰিছে৷ পৰৱর্তী এটা সপ্তাহৰ ভিতৰত চূড়ান্ত প্রতিবেদন প্রকাশ কৰা হ’ব৷

উল্লেখ্য যে যোৱা ১৩ মে’ত নগাঁৱৰ তপতজুৰিত ১৮টাকৈ হাতী মৃত্যুমুখত পৰিছিল৷ ইয়াৰ পাছতে বন বিভাগৰ ফালৰ পৰা প্রকাশ কৰা এক বিবৃতিত কোৱা হয় যে প্রচণ্ড বজ্রপাতৰ ফলতে হাতীকেইটা মৃত্যুমুখত পৰিছে৷   পশুপালন বিভাগে প্রকাশ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনতো একেটা কথাই প্রকাশ পাইছে৷

You might also like