✅সমুখত এখন ভাল বজাৰ আছে, কাম কৰাৰ প্ৰয়োজন: মন্ত্ৰী বৰা
✅সন্মানীয় অতিথি হিচাপে উপস্থিত ছিকিমৰ পশুপালন মন্ত্ৰী লোকনাথ শৰ্মা
বাৰ্তা ডিজিটেল ডেস্ক, ৫ জানুৱাৰীঃ ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে চতুৰ্থ পশুধন আৰু হাঁহ-কুকুৰা মেলা। মহানগৰীৰ খানাপাৰাস্থিত চৰকাৰী পশুধন পাম চৌহদৰ খেল পথাৰত তিনিদিনীয়াকৈ আয়োজন কৰা এই মেলা উদ্বোধন কৰে অসম চৰকাৰৰ কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাই। উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ বহুতো শিক্ষিত যুৱক-যুৱতীয়ে পশুপালন খণ্ডত মনোনিৱেশ কৰি স্বাৱলম্বিতাৰ পথ বাছি ল’বলৈ সক্ষম হৈছে। লগতে তেওঁ কয় যে পশুপালন খণ্ডত আত্মনিয়োগ কৰি প্ৰগতিৰ দ্বাৰ মুকলি কৰিব পৰা যথেষ্ট থল আছে, মাথোন বিজ্ঞানসন্মত পদ্ধতিৰে বাণিজ্যিক ভিত্তিত পশুপালন কাৰ্যত আগবাঢ়িব লাগিব। অনুষ্ঠানত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ভাষণত কয় যে পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ অন্যতম উদ্দেশ্য হ’ল পশুধন খণ্ডৰ উৎপাদন সমূহক উদ্যোগ তথা বাণিজ্যলৈ ৰূপান্তৰ কৰা। এই মেলাৰ প্ৰভাৱত প্ৰতি বছৰে আমাৰ ৰাজ্যত দহ হাজাৰকৈ নতুন কৃষকৰ সৃষ্টি হয়। বৰ্তমান বহুতো শিক্ষিত যুৱক-যুৱতীয়ে চাকৰিমুখী নহৈ পশুপালন খণ্ডত জড়িত হৈ নিজৰ নিজৰ সপোন দিঠকত ৰূপায়িত কৰিবলৈ সক্ষম হৈছে। উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ছিকিমৰ পশুপালন মন্ত্ৰী লোকনাথ শৰ্মা, সাংসদ কুইন ওজা, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকা, পশু চিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়া আৰু পশুপালন বিভাগৰ প্ৰধান সচিব মণীষ ঠাকুৰ। নিজৰ ভাষণত ছিকিমৰ পশুপালন মন্ত্ৰী গৰাকীয়ে কৃষি আৰু পশুপালন খণ্ডত জৈৱিক উৎপাদনৰ কথা উল্লেখ কৰি ইয়াৰ গ্ৰহণযোগ্যতা আৰু উপকাৰিতাৰ কথা দোহাৰে। সভাত পশুধন মেলা উপলক্ষে প্ৰকাশ কৰা এখন পুস্তিকা মন্ত্ৰী অতুল বৰাই উন্মোচন কৰে। উল্লেখযোগ্য যে এইবাৰৰ মেলাত দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, মেঘালয় আদি কেইবাখনো ৰাজ্যৰ উদ্যোগ, প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে আৰু দুশতকৈ অধিক বিপনীৰ ব্যৱস্থা কৰা হৈছে। মেলাৰ আটাইকেইটা দিনতে ৰাইজৰ উপস্থিতি তথা সহযোগিতা আয়োজকসকলে আন্তৰিকতাৰে কামনা কৰিছে।