নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ ছাপাগুৰি-তুলসীঝোৰা পথ মেৰামতিৰ দাবীত ৰাইজৰ ধৰ্ণা

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ২ মাৰ্চ: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ৰৌমাৰীত আজি স্থানীয় ৰাইজে বিধ্বস্ত পথ মেৰামতিৰ দাবীত অৱস্থান ধৰ্মঘট কৰে। জিলা খনৰ উত্তৰাঞ্চলৰ বহু সংখ্যক ৰাজহ গাঁৱৰ লক্ষাধিক ৰাইজৰ মেৰুদণ্ড স্বৰূপ ছাপাগুৰি-তুলসীঝোৰা গড়কাপ্তানি পথটোৰ বিধ্বস্ত ৰূপে অঞ্চলটোৰ বাসিন্দাসকলক জ্বলা-কলা খুৱাইছে। যাৰ ফলত ৰৌমাৰীৰ স্থানীয় লোক সকলে আজি পুৱা ৯ বজাৰ পৰা ১১ বজালৈ পথটোৰ দাঁতিত শাৰী পাতি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদী ধৰ্মঘট তথা ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা যুৱক-যুৱতী, পুৰুষ-মহিলা তথা আবাল বৃদ্ধ-বনীতাই একেমুখে অতি শীঘ্ৰে পথটো পূণঃনিৰ্মানৰ দাবী জনায়। পথটোত চলাচল কৰা ট্ৰেক্টৰ, ট্ৰাক,ডাম্পাৰ আদিৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰি দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবেও প্ৰশাসনক দাবী জনায়। বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী, ক্ষুদ্ৰ ব্যৱসায়ী, ঠেলা, ই-ৰিক্সা আদি চলাই পেট প্ৰৱৰ্তন কৰা দৰিদ্ৰ লোক সকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰাৰ নিশ্চিতি বিচাৰি এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে বিষয়টোক লৈ বিটিআৰ প্ৰশাসনৰ লগতে অসম চৰকাৰে বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।
You might also like