নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

LOCK DOWN খুলিলে বহিঃৰাজ্যত থকাসকলৰ বাবে লোৱা হ’ব ইনাৰ লাইন পাৰ্মিটৰ দৰে ব্যৱস্থাঃহিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ। লক ডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা আহিব পৰা নাই বহু লোক। তেওঁলোকে অসম আহিলেই এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব। গতিকে সেইসকলক পৰ্যায়ক্ৰমে অনাৰ ব্যৱস্থা কৰিব চৰকাৰে। সংবাদমেলত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

                        যিহেতু একেলগে বহু সংখ্যক মানুহ আহিলে তেওঁলোকক কোৱাৰেণ্টাইন কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ’ব। গতিকে কিছু নিয়ম বান্ধি দিয়া হ’ব বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে। অসমত যিহেতু ইনাৰ লাইন পাৰ্মিট নাই গতিকে ইনাৰ লাইন পাৰ্মিটৰ দৰে ব্যৱস্থা কৰিব চৰকাৰে যাতে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক সহজে চিনাক্ত কৰিব পৰা যায়। অসমলৈ অহা লোকসকলৰ পঞ্জীয়ন কৰা হ’ব তাৰ বাবে উলিওৱা হ’ব এটা বেৱছাইট। এই ক্ষেত্ৰত অসমবাসীৰ পৰাও পৰামৰ্শ বিচাৰিলে মন্ত্ৰী ড০ শৰ্মাই।

You might also like