নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰী প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনৰ ফলত অসমৰ অর্থনৈতিক ভেটি তচনচ হৈ পৰিছে৷ ৰাজ্যখনৰ অর্থনৈতিক দিশটোক টনকিয়াল কৰি ৰখা প্রতিটো খণ্ডই লকডাউনৰ সময়ছোৱাত হাজাৰ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷ ৰাজ্যিক উদ্ভাৱক আৰু ৰূপান্তৰ আয়োগৰ প্রতিবেদনত প্রকাশ পাইছে ভয়ৱাহ লকডাউনত অসমৰ লোকচান ২৭ হাজাৰ কোটি দিনৰ এই অশনি সংকেত৷ আজি অসম বিধানসভাৰ মজিয়াত দাখিল কৰা ছিটাৰ প্রতিবেদনখনৰ পাতে পাতে উন্মোচন হৈছে আসন্ন এক দুর্যোগৰ প্রতিচ্ছবি৷ এই প্রতিবেদনত উল্লেখ কৰা মতে, সমগ্র দেশৰ লগতে অসমতো বলৱৎ হোৱা প্রথম আৰু দ্বিতীয় পর্যায়ৰ লকডাউনত ৰাজ্যখনৰ কৃষি, সেৱা, নির্মাণৰ লগতে অন্যান্য খণ্ডত মুঠ ২৭,৪৬৩ কোটি টকাৰ লোকচান হৈছে৷ সমান্তৰালভাৱে নিবনুৱা সমস্যায়ো ৰাজ্যখনত ভয়াৱহ ৰূপ লৈছে৷ উল্লেখ্য যে যোৱা মার্চ মাহৰ ২৪ তাৰিখৰ পৰা ১৪ এপ্রিললৈ প্রথম পর্যায়ত ২১ দিনীয়া আৰু তাৰ পিছত ৩ মে’ পর্যন্ত ১৯ দিনীয়া দ্বিতীয় পর্যায়ৰ লকডাউন ঘোষণা কৰা হয়৷ এই দুটা পর্যায়ৰ লকডাউনত দেশৰ অর্থনৈতিক ভেটি ভাঙি পৰাৰ উপক্রম হ’ল৷ কোটি কোটি লোকৰ জীৱিকালৈ সংকট নামি আহিল৷ কৃষি–বাণিজ্য–নির্মাণ সকলো খণ্ড বিধ্বস্ত হৈ পৰিল৷ এই সামগ্রিক নিৰাশাৰ প্রভাৱ অসমতো নপৰাকৈ নাথাকিল৷ ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ সমীক্ষা অনুসৰি দুটা পর্যায়ৰ লকডাউনত অসমত সামগ্রিক লোকচানৰ পৰিমাণ হ’ল ২৭,৪৬৩ কোটি৷ টকা ইয়াৰে কৃষি, বনানীকৰণ আৰু মৎস্য উৎপাদন খণ্ডত ৩,৮৭৫ কোটি, খনন উদ্যোগত ৩,২১৪ কোটি, উৎপাদন খণ্ডত ৪,২৪৪ কোটি, বিদ্যুৎ–পানীযোগান আদিত ৩৩২ কোটি, নির্মাণ খণ্ডত ২,২৮৪ কোটি, হোটেল–ৰেষ্টুৰেণ্ট–ব্য্ খণ্ডত ৪,৯৪৫ কোটি, পৰিবহণ–যোগাযোগ–’ৰেজ সম্প্রচাৰ সেৱাত ১,৫২৩ কোটি, বিত্তীয় সেৱাত ৭৭৭ কোটি, ৰিয়েল ইষ্টেট পেছাদাৰী সেৱাত ১৮৮২ কোটি, ৰাজহুৱা প্রশাসনত ১৩০ কোটি আৰু অন্যান্য খণ্ডত ২৯২৯ কোটি টকাৰ লোকচান হৈছে৷ কেৱল আর্থিক লোকচানেই নহয়, নিয়োগ খণ্ডতো লকডাউনে অত্যন্ত বিৰূপ প্রভাৱ পেলাইছে৷ এই আর্থিক লোকচানৰ পৰিমাণ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ প্রায় ৮ শতাংশ হ’ব৷ লক্ষণীয়ভাৱে লকডাউনৰ পূর্বৰে পৰা সমগ্র দেশৰ নিয়োগ ক্ষেত্রত বিৰূপ প্রভাৱ পৰিবলৈ আৰম্ভ কৰিছিল৷ ২০১৩–১৪ বর্ষৰ তুলনাত ২০১৭–১৮ বর্ষত দেশত নিবনুৱাৰ হাৰ ৩.৪ শতাংশৰ পৰা বৃদ্ধি পাইছিল৷ এই সময়ছোৱাত অসমতো নিবনুৱাৰ হাৰ ২.৯ শতাংশৰ পৰা ৬.৯ শতাংশলৈ বৃদ্ধি পালে৷ ইয়াতকৈও বিৰূপ প্রভাৱ লকডাউনৰ সময়ছোৱাত পৰিলক্ষিত হৈছে৷ অসমৰ প্রায় ১ কোটি শ্রমজীৱী লোকৰ ৫৬.৫ শতাংশই স্বনিয়োজিত হোৱাৰ বিপৰীতে ২৫.১ শতাংশই নিয়মীয়া বেতন বা মজুৰি লাভ কৰে৷ আনহাতে, ১৮.৫ শতাংশ হ’ল কেজুৱেল ৱার্কাৰ৷ কিন্তু লকডাউনৰ ফলত এইসকল লোকৰ জীৱিকাৰ সন্মুখলৈ ভয়াৱহ অন্ধকাৰ নামি আহিছে৷ পৰিণতিত ৰাজ্যখনৰ ১০ৰ পৰা ৩০ শতাংশ লোকে কর্মসংস্থাপন হেৰুওৱাৰ উপক্রম হৈছে৷ সম্প্রতি অসমত বিভিন্ন ধৰণৰ কামত নিয়োজিত লোকৰ সংখ্যা হ’ল ১.১০ কোটি৷ কিন্তু ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ প্রতিবেদন মতে ইয়াৰে ৬৭ লাখ লোকৰ জীৱিকা এতিয়া ভয়াৱহ সংকটৰ সন্মুখীন হৈছে৷ সর্বোচ্চ ২৭.১ লাখ লোকে নিজৰ সংস্থাপন হেৰুওৱাৰ আশংকাও একে সময়তে ঘনীভূত হৈ পৰিছে৷ ইয়াৰ ভিতৰত কেজুৱেল ৱার্কাৰ ৪.৮ লাখ, অনা কৃষি কার্যত জড়িত ৮.৭ লাখ, কৃষিক্ষেত্রত স্বনিয়োজিত ১.২ লাখ, নিয়মীয়া বেতন লাভ কৰা ২.৪ লাখ আৰু প্রবাসী শ্রমিক ১০ লাখ আছে৷ যদিহে এই বৃহৎসংখ্যক লোক একে সময়তে সংস্থাপনহীন হৈ পৰে, তেনেহ’লে ৰাজ্যত ভয়ানক সামাজিক অস্থিৰতাৰ সৃষ্টি হ’ব পাৰে৷ ক’ভিডজনিত পৰিস্থিতিৰ বাবেই অসমত অতিৰিক্তভাৱে ১৫.৭ লাখৰ পৰা ২৭.১ লাখ নিবনুৱা সৃষ্টি হোৱাৰ সম্ভাৱনা উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ প্রতিবেদনত ব্যক্ত কৰা হৈছে৷ প্রতিবেদনখনত কৃষি, শস্য, পশুপালন, মৎসপালন, উৎপাদন, নির্মাণ আদি খণ্ডত লকডাউনৰ কি প্রভাৱ পৰিছে, তাকো ফঁহিয়াই দেখুওৱা হৈছে৷ উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ সমীক্ষা অনুসৰি, ক’ভিড–১৯ ভাইৰাছে সমাজৰ ভিন্ন শ্রেণীৰ লোকক ভিন্ন ধৰণে প্রভাৱান্বিত কৰিছে৷ বিশেষকৈ সমাজৰ দৰিদ্র শ্রেণীৰ লোকসকলৰ উপার্জনত ইয়াৰ ভয়াৱহ নেতিবাচক প্রভাৱ পৰিব৷ ২০১৭–১৮ বর্ষৰ এনএছএছ’ৰ সমীক্ষা মতে অসমত স্বনিয়োজিত লোকসকলৰ মাহিলি গড় উপার্জন হ’ল ১১,৫৮৬ টকা, নিয়মীয়া বেতন লাভ কৰাসকলৰ মাহিলি উপার্জন ১৬,৩০০ টকা হোৱাৰ বিপৰীতে কেজুৱেল ৱার্কাৰৰ দৈনিক উপার্জন হ’ল মাত্র ২৬১ টকা৷ এই পৰিসংখ্যাই ইতিমধ্যে সমাজত এক অসমানতাৰ সৃষ্টি কৰিছে৷ এতিয়া ক’ৰোনাজনিত পৰিস্থিতি আৰু লকডাউনে এই অসমানতা আৰু বেছি গভীৰ কৰাৰ লগতে অধিকসংখ্যক লোকক দৰিদ্রতাৰ দিশলৈ ঠেলি দিব৷ উপার্জন হ্রাস পোৱাৰ লগে লগে বজাৰত চাহিদাও হ্রাস পাব৷ ফলত অর্থনৈতি পুনৰুজ্জীৱিত হোৱাৰ ক্ষেত্রত বাধাৰ সৃষ্টি হ’ব৷ এই দিশসমূহৰ প্রতি লক্ষ্য ৰাখি চৰকাৰী নীতি প্রস্তুত কৰাৰ ওপৰত উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ প্রতিবেদনত গুৰুত্ব আৰোপ কৰা হৈছে৷ প্রতিবেদনখনত উল্লেখ কৰা মতে লকডাউনৰ ফলত কৃষিখণ্ডত বিশেষ জটিল সমস্যাৰ উদ্ভৱ হৈছে৷ কৃষিখণ্ডত উৎপাদন হ্রাসকে ধৰি কেতবোৰ প্রত্যক্ষ লোকচানৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ তদুপৰি বাণিজ্য খণ্ডৰ যোগান শিকলিতো নেতিবাচক প্রভাৱ পৰিব৷ একে সময়তে পশুপালন, চাহ উদ্যোগ, হস্ততাঁত খণ্ড, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ, খাদ্য আৰু ৰাসায়নিক সামগ্রীৰ উৎপাদন, নির্মাণ খণ্ড আদি ক্ষতিগ্রস্ত হোৱাৰ ফলত সামগ্রিকভাৱে অর্থনৈতিক ব্যৱস্থাত কেইবাতৰপীয়া বিৰূপ প্রভাৱ পৰিব৷ এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এমাহৰ ভিতৰত কার্যকৰী কৰিব পৰা, তিনি মাহৰ ভিতৰত কার্যকৰী কৰিব পৰা আৰু ছমাহৰ ভিতৰত কার্যকৰী কৰিব পৰা কেতবোৰ সময় নির্ধাৰিত সুনির্দিষ্ট পদক্ষেপ গ্রহণ কৰা উচিত৷ প্রতিটো চৰকাৰী নীতি গ্রহণ কৰাৰ ক্ষেত্রত লক্ষ্য ৰখা উচিত যে এই নীতিয়ে জনসাধাৰণক সহায় কৰিব পাৰে, সকাহ দিব পাৰে আৰু সম্পদৰ লগত সংবর্ধিত, প্রশাসন যন্ত্রৰ লগত খাপ খোৱা হয়৷ সহায় কৰিব পৰা পদক্ষেপসমূহ ক্ষিপ্র, সীমিত আৰু সুনির্দিষ্ট হোৱা উচিত৷ এই নীতি সমাজৰ আটাইতকৈ দুর্বল অংশটোক লক্ষ্য কৰি প্রস্তুত কৰিব লাগে৷ একেদৰে বিভিন্ন বর্গৰ লোকৰ উপার্জনক সুৰক্ষিত কৰিব পৰাকৈ সকাহ দিব পৰা নীতি প্রৱর্তন কৰিব লাগে৷ যাতে জনসাধাৰণৰ লগতে ৰাজ্যখনৰ অর্থনীতিও গতিশীল হৈ থাকে৷ তদুপৰি, ব্যয় সংকোচন নীতিৰে ৰাজহুৱা বিত্ত ব্যৱস্থাপনাৰ বাবেও জৰুৰী পদক্ষেপ লোৱাটো প্রয়োজনীয়৷ লগতে যিকোনো ধৰণৰ দুর্যোগপূর্ণ পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ চৰকাৰক তথ্য প্রযুক্তিগতভাৱে সক্ষম হৈ থকাৰ লগতে উপযুক্ত বাহিনীকো সষ্টম কৰি ৰখাৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ এইদৰেই ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ প্রতিবেদনখনত লকডাউনৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ পৰিমাণ দাঙি ধৰাৰ লগতে অর্থনীতি পুনৰুদ্ধাৰৰ বাবে ল’বলগীয়া পদক্ষেপ সন্দর্ভত পৰামর্শ আগবঢ়োৱা হৈছে৷
অসমৰ ৬৭ লাখ লোকৰ জীৱন–জীৱিকাত বিৰূপ প্রভাৱ, বহিঃৰাজ্যৰ পৰা উভতি আহিছে ১,৭৩,৩৬৩গৰাকী লোক
ক’ভিড–১৯ৰ ফলত ৰাজ্যৰ অর্থনীতিৰ ওপৰত পৰিব পৰা সম্ভাব্য প্রভাৱৰ বিষয়ে ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ উদ্যোগত প্রস্তুত কৰা প্রতিবেদন অনুসৰি সম্প্রতি বিভিন্ন খণ্ডত নিয়োজিত হৈ থকা অসমৰ প্রায় ১১০ লাখ লোকৰ ভিতৰত ৬৭ লাখ লোকৰ নিয়োগ আৰু জীৱিকাত কম–বেছি পৰিমাণে বিৰূপ প্রভাৱ পৰিছে৷ আজি সদনত বিধায়ক দেৱব্রত শইকীয়াৰ লিখিত প্রশ্ণৰ উত্তৰত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই কথা প্রকাশ কৰিছে৷ মন্ত্রী ড০ শর্মাই সদৰী কৰা অনুসৰি এই প্রভাৱ নিয়োগ খণ্ডৰ স্বৰূপ আৰু সামাজিক ব্যৱস্থাৰ ওপৰত নির্ভৰ কৰিব বুলি প্রতিবেদনত কোৱা হৈছে৷ বিশেষকৈ অসংগঠিত খণ্ডত নিয়োজিত হৈ থকা আৰু বিভিন্ন ধৰণৰ অর্থনৈতিক কাম–কাজৰ দ্বাৰা স্বনিয়োজিত হৈ থকা লোকসকল ক’ভিড–১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিত অধিক ক্ষতিগ্রস্ত হোৱাৰ আশংকা ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ প্রতিবেদনত প্রকাশ কৰা হৈছে৷ সেই অনুসৰি ১০ৰ পৰা ৩০ শতাংশ পর্যন্ত নিয়োগ হ্রাস পোৱাৰ সম্ভাৱনা অনুমান কৰা হৈছে৷ প্রতিবেদন মতে, ক’ভিড–১৯ৰ সামগ্রিক প্রভাৱত অসমত ১৫.৭ লাখৰ পৰা ২৭.১ লাখ লোকে নিয়োগ বা জীৱিকা হেৰুৱাব পাৰে বুলি আশংকা প্রকাশ কৰিছে৷ সদনত মন্ত্রী ড০ শর্মাই আৰু কয় যে ৰাজ্যিক উদ্ভাৱনা আৰু ৰূপান্তৰ আয়োগৰ প্রতিবেদনে ক’ভিড–১৯ৰ ফলত ৰাজ্যখনত বিনিয়োগৰ ক্ষেত্রত কেনে প্রভাৱ পৰিব, সেই সম্পর্কে পোনপটীয়াকৈ কোনো তথ্য দাঙি ধৰা নাই৷ অৱশ্যে ক’ভিডৰ ফলত উদ্ভৱ হোৱা অর্থনৈতিক পৰিস্থিতিৰ পৰা ৰাজ্যখনৰ সকলো ক্ষেত্রতে বিনিয়োগ হ্রাস পোৱাৰ সম্ভাৱনা প্রতিবেদনখনৰ পৰা জানিব পৰা গৈছে৷ ৰাজ্যখনৰ পৰা প্রব্রজিত হৈ আন ৰাজ্যত কর্মৰত শ্রমিকসকল ঘৰলৈ ঘূৰি অহাৰ ফলত ৰাজ্যখনলৈ হ’ব লগা বুজন পৰিমাণৰ পুঁজি আগমনৰ সম্ভাৱনা হেৰুৱাব লগা হৈছে৷ ইয়াৰ ফলত ৰাজ্যখনৰ কৃষি খণ্ডত ব্যয় হোৱা মুঠ বার্ষিক বিনয়োগৰ পৰিমাণ ১০ৰ পৰা ২০ শতাংশ পর্যন্ত হ্রাস পাব পাৰে৷