নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত লকডাউনৰ মাজতে বিয়াত বহিল যুৱক–যুৱতী

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ  ছিপাঝাৰৰ হাজৰিকাপাৰাত দেওবাৰে অনুষ্ঠিত এখন বিবাহ বিশেষভাৱে চর্চিত হৈ পৰিছে৷ কোনো উছৱমুখৰ পৰিৱেশৰ বিপৰীতে কেৱল নীতি–নিয়ম তথা পৰম্পৰা ৰক্ষাৰ মাজৰে অনুষ্ঠিত হয় এইখন ব্বিাহ৷ সমগ্র দেশজুৰি চলি থকা লকডাউনৰ বােবই দৰা আৰু কইনাৰ পৰিয়ালে এক নিদর্শন দাঙি ধৰি সম্পন্ন কৰিলে বিবাহকার্য৷

উল্লেখ্য যে উত্তৰ গুৱাহাটীৰ প্রফুল্ল বৰুৱা আৰু দৰঙৰ হাজৰিকাপাৰাৰ গীতাঞ্জলি (মিনতি) ডেকাৰ লকডাউনৰ পূর্বেই ঠিক হৈছিল বিবাহৰ দিন৷ ১৫ এপ্রিলত বিয়াৰ দিন আছিল যদিও লকডাউনৰ বােবই নির্দিষ্ট দিনত শুভ কার্য সম্পন্ন কৰ্বি নোৱাৰিলে৷ কিন্তু শুভ কার্যৰ বাবে জাকজমকতাৰ বিপৰীতে মনেৰে আপোনজনক সুখী কৰ্বি পাৰি বাহ্যিকতা কেতিয়াবা পৰিহাৰ কৰি চলিব পাৰি৷

ইফালে, চৰকাৰে শেহতীয়াকৈ ব্বিাহকে ধৰি কিছু কাম–কাজত নিয়মৰ সামান্য শিথিল কৰি দিয়াৰ পিছতেই পৰিয়াল দুটাই ২৬ এপ্রিলৰ দিনটো ঠিক কৰিলে ব্বিাহৰ বােব৷ আনকি চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰিয়েই বিয়াৰ বাবে উত্তৰ গুৱাহাটীৰ পৰা দুখন গাডীত দৰাসহ চাৰিগৰাকী লোক আহে৷

আনহাতে, কইনাৰ ঘৰতো কেৱল পৰিয়াল আৰু পুৰোহিতৰ উপস্থিতিত বিবাহ কার্য সামাজিক দূৰত্ব বজাই ৰাখি সম্পন্ন কৰা হয়৷ ইফালে ৰভা, বেণ্ডপার্টী, মানুহৰ সমাগমৰ বিপৰীতে দিনতে এনেদৰে বিয়া পতাটো এটা নতুন অভিজ্ঞতা হৈ পৰিছে খোদ পুৰোহিতৰ বােবও৷ আনকি ন–কইনাৰ লগত মাতৃগৃহৰ পৰা দুই এজন লোক লগত যোৱাটো নিয়ম যদিও দেশৰ স্বার্থতেই এই নিয়মো এৰা–ধৰা কৰিছে দুয়োটা পৰিয়ালে৷ অর্থাৎ যিহেতু দৰাপক্ষৰ হৈ চাৰিজন আহিছিল সেয়ে বিয়াৰ পিছত কইনাসহ পাঁচজনীয়া হৈ উভতিল বৰযাত্রী৷ কাৰণ পাঁচতকৈ বেছি সমৱেত হোৱাত আছে নিষেধাজ্ঞা৷

মুঠতে চৰকাৰৰ নির্দেশৰ প্রতি সম্পূর্ণ সন্মান আৰু আস্থা প্রকাশ কৰি হাজৰিকাপাৰাত সম্পন্ন হৈ যোৱা এই বিয়াখনে বিশেষ চর্চা লাভ কৰিছে৷ একেদৰে ব’হাগতে বিয়া পাতিবলৈ ঠিক কৰি থোৱাসকলৰ বাবেও বাট মুকলি কৰিলে৷

You might also like