নিয়মীয়া বাৰ্তা ৫ জুনঃ অসমৰ বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক, পণ্ডিত চাও লোকেশ্বৰ গগৈ গুৰুত্বৰ ভাৱে অসুস্থ হৈ পৰিছে। বিগত কিছু দিন ধৰি অসুস্থ লোক সংস্কৃতিৰ গৱেষক গৰাকীক কালি গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন কৰা হয়। নগাঁও জিলাৰ ৰহাৰ নিবাসী বিশিষ্ট চিন্তাবিদ গৰাকীয়ে অসমৰ লোক সংস্কৃতিৰ শীৰ্ষক বৃহৎ কলেৱৰৰ চাৰিটা খণ্ডৰ প্ৰণেতা আছিল। লোক সংস্কৃতিৰ গৱেষক গৰাকীৰ আশু-আৰোগ্য কামনা কৰিছে তেওঁৰ গুণমুগ্ধসকলে।