লাভ জেহাদ! দুলীয়াজানৰ কিশোৰী বঙাইগাঁৱৰ চৰত উদ্ধাৰ; গ্ৰেপ্তাৰ ৩, পলাতক মুল অভিযুক্ত
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী: ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই,এগৰাকী মাৰোৱাৰী হিন্দু নাবালিকাক জাহিদুল আলী নামৰ বিবাহিত ব্যক্তিয়ে কৰা অপহৰণৰ তদন্তৰ বাবে ডিব্ৰুগড় আৰক্ষীক নিৰ্দেশ দিয়াৰ পাছতেই আৰক্ষী তৎপৰ হৈ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ জিলাখনৰ দুলীয়াজানৰ বিবাহিত জাহিদুল আলিয়ে যোৱা ৩১ ডিচেম্বৰত অপহৰণ কৰা বুলি অভিযোগ দিছিল। নাবালিকা গৰাকী টিউচনলৈ যোৱাৰ পাছৰে পৰাই নিৰুদ্দেশ হৈ আছে বুলি ছোৱালীজনীৰ পিতৃয়ে দিয়া অভিযোগত প্ৰকাশ পাইছিল। সেইঅভিযোগ মনোজ কুমাৰ নামৰ এজন ব্যক্তিৰ টুইটত মুখ্যমন্ত্ৰীগৰাকীক টেগ কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হয় আৰু মুখ্যমন্ত্রীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ বাসিন্দা আগৰৱাল (১৭) নামৰ নাবালিকাগৰাকীক অপহৰণ কৰাৰ তথ্য ডিব্ৰুগড় আৰক্ষীক প্রদান কৰি উদ্ধাৰৰ নিৰ্দেশ দিয়ে।
নিৰুদ্দেশ হোৱা কিশোৰীগৰাকীৰ পৰিয়ালে পূৰ্বে নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছিল। পাছত তেওঁলোকে এগৰাকী বিবাহিত জাহিদুল আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ অপহৰণৰ আঁৰৰ মূল নায়ক বুলি দাবী কৰি অভিযোগ উত্থাপন কৰে।সেই মৰ্মে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্তৰ অন্তত কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আজি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰাই সাংবাদিকৰ আগত কয় যে তদন্ত আৰম্ভ কৰি গুৱাহাটী আৰক্ষী,বঙাইগাঁও আৰক্ষী,বৰপেটা আৰক্ষী,ডিব্ৰুগড় আৰক্ষীৰ যৌথ অভিযানত কিশোৰী গৰাকীক বঙাইগাঁওৰ এটা চৰ অঞ্চলৰ পৰা উদ্ধাৰ কৰি ডিব্ৰুগড়লৈ অনা হৈছে।বৰ্তমানে কিশোৰী গৰাকী সুস্থ অৱস্থাতে আছে বুলি কৈ এই অপহৰণ কাণ্ডৰ সৈতে জড়িত তিনিজনক লোকক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলিও সদৰী কৰে।দুলীয়াজান আৰক্ষী থানাৰ গোচৰ নং. ১/২০২৩ৰ ৩৬৬ আইপিচিৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত বদিউল জামাল,বাবু আলি আৰু আব্দুল জলিল।এওঁলোক সম্বন্ধত মূল অপহৰণকাৰী বুলি দাবী কৰা বিবাহিত জাহিদুলৰ ক্ৰমে ভাতৃ,মামা আৰু দেউতাক।পলাতক জাহিদুলে দুলীয়াজানত কাম কৰাৰ লগতে বদিউল জামালে ডিব্ৰুগড়তে কৰ্মৰত আছিল।ধৃত আব্দুল জলিলৰ ঘৰ কলগাছিয়াত বুলি সদৰী কৰে আৰক্ষী অধীক্ষক মিশ্ৰাই।সমগ্ৰ ঘটনাৰ আঁৰত কি আছে,সেয়া তদন্ত কৰি থকা বুলিও উল্লেখ কৰি আৰক্ষীয়ে এতিয়াও মূল অভিযুক্ত জাহিদুল আলীৰ সন্ধানত ব্যাপক অভিযান চলাই থকাৰ কথা সংবাদমেলত উল্লেখ কৰে।