কিডনীৰ ৰোগত আক্রান্ত মাতৃঃ কলকাতাত উপস্থিত হ’ল লাভলীনা
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰাৰ পিছত মাকৰ চিকিৎসাক লৈ ব্যস্ত হৈ পৰিছে তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই৷ ব্যস্ততাৰ বাবে দীর্ঘদিন ধৰি মাকক সংগ দিব নোৱৰা গোলাঘাটৰ উদীয়মান বক্সাৰগৰাকীয়ে মাকৰ কিডনী সংস্থাপন কৰিবলৈ মঙলবাৰে কলকাতাত উপস্থিত হৈছে৷
উল্লেখ্য যে লাভলীনাই টকিঅ’ অলিম্পিকৰ বাবে প্রস্তুতি চলাই থকাৰ সময়তে তেওঁৰ মাতৃ কিডনীৰ ৰোগত আক্রান্ত হৈছিল৷ ভাৰতৰ তৃতীয়গৰাকী বক্সাৰ হিচাপে অলিম্পিকত পদক জয় কৰি ইতিহাস ৰচা বক্সাৰগৰাকীয়ে সাংবাদিকৰ আগত কয় যে অলিম্পিকৰ প্রস্তুতিৰ বাবে তেওঁ মাকৰ চিকিৎসাৰ বাবে আহিব পৰা নাছিল৷ মঙলবাৰে শাৰীৰিক পৰীক্ষা সম্পন্ন হোৱাৰ পিছত বুধবাৰে লাভলীনাৰ মাতৃৰ কিডনী সংৰোপণ কৰা হ’ব বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে অসমৰ প্রথমগৰাকী ক্রীড়াবিদ হিচাপে লাভলীনাই অলিম্পিকত পদক অর্জন কৰিছিল৷