নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন বিধায়কৰ টোপনি হৰিছে লুৰিণজ্যোতি- অৰুণজ্যোতিয়ে ?

  • শদিয়াত কংগ্ৰেছৰ বিৰিঞ্চি নেওগে আৰম্ভ কৰিলে নিৰ্বাচনী কুচকাৱাজ
  • অৱশেষত প্ৰদ্যুতে মাৰিব পাৰে এণ্ট্ৰী মাৰ্ঘেৰিটাত

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ প্ৰাৰ্থীত্ব প্ৰত্যাশী বিজেপি নেতা আৰু টিকট প্ৰাপ্তিৰ আশাত ‘গুৰি শকত’ দলত অন্তৰ্ভূক্তিৰ কচৰৎ অব্যাহত ৰখা ছাত্ৰ নেতা বিশেষে বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ কেতবোৰ সমষ্টিৰ বিধায়ৰ টোপনি হৰণ কৰাৰ বাতৰি পোৱা গৈছে। এইক্ষেত্ৰত বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰয়াসীসকলেও ৰাজনৈতিক কচৰৎ আৰম্ভ কৰি দিছে।

ইফালে বিজেপিৰ ভিতৰ চ’ৰাত দুটা লবীয়ে ক্ৰিয়া কৰা বুলি চৰ্চিত বিষয়টোৱে সংশ্লিষ্ট বিধায়কসকলকো নিজৰ নিজৰ ভৱিষ্যৎ সুৰক্ষাকলৈ অনিশ্চয়তাত ভোগাইছে বুলি জানিব পৰা গৈছে। কাৰণ শেহতীয়াকৈ ৰাজনীতিৰ ক্ষেত্ৰখনত উচ্চাৰিত হৈ থকা কেতবোৰ নতুন মুখৰ টিকট প্ৰত্যাশীৰ নাম তালিকাই সংশ্লিষ্ট বিধায়কসকলক বিবুধিত পেলোৱাটোৱেই স্বাভাৱিক। মাৰ্ঘেৰিটাত লক্ষ্য কোঁ‌ৱৰ, ডুমডুমাত পুলক গোহাঁই, নাহৰকটীয়াত তৰঙ্গ গগৈ, চাবুৱাত পোণাকন বৰুৱা আৰু নিতু বৰুৱা, মৰাণত সুভাষ দত্ত আদিৰ নাম বিজেপি দলৰ টিকটৰ দাবীদাৰ হিচাপে মানুহৰ মুখে মুখে। এই তালিকাখনৰ উপৰি কোনোটো দলত এতিয়াও যোগদান নকৰা সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু ‘আছু’ৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ ৰাজনীতিৰ পথাৰত প্ৰৱেশৰ চৰ্চাই নিদ্ৰা হৰণ কৰিছে বিধায়কবিশেষৰ।

কা বিৰোধী আন্দোলনত মাটি- ভেটিৰ চৰকাৰক অকথ্য গালি- গালাজ কৰা (এজন) উজনিৰ দুই বলিষ্ঠ ছাত্ৰনেতাই টিকট প্ৰাপ্তিৰ সুদৃঢ় চুক্তিত আৱদ্ধ হৈ পৰিশেষত বিজেপিতেই যে যোগদান কৰিব তাত সন্দেহৰ অৱকাশ নাই বুলিও এটা বিশেষ সূত্ৰই জানিবলৈ দিয়ে। যদি সেয়ে হয় বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থকা বুলি জনাজাত নৱাগত নেতাদুজনক প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ হ’লে দুজন বিধায়কক প্ৰৰ্থীত্বৰ পৰা বঞ্ছিত কৰিব লাগিব।

চৰ্চা অনুসৰি লুৰিণে দুলীয়াজান সমষ্টি পচন্দ কৰাৰ বিপৰীতে অৰুণজ্যোতিয়ে পচন্দ কৰিব ডিগবৈ নতুবা ডুমডুমা সমষ্টি। অৰুণজ্যোতিক যদি ডিগবৈত টিকট দিয়ে, বৰ্তমানৰ ডিগবৈৰ বিধায়ক সুৰেন ফুকনক ডুমডুমাত দিব নেকি, এনে প্ৰশ্নইও জুমুৰি দি ধৰিছে ৰাজনৈতিক বিশ্লেষকসকলক। জনামতে তিনিচুকীয়াৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ সুৰক্ষিত অৱস্থাত আছে। তেওঁ বেতজান চাহবাগিচাৰ হত্যাকাণ্ডৰ ঘটনাটো কম সময়ৰ ভিতৰতে মিমাংসা কৰি দি নিজৰ কৃতিত্ব অব্যাহত ৰাখি হাইকমাণ্ডক খুচ ৰাখিবলৈ সক্ষম হয় বুলিও জানিব পৰা গৈছে। এতিয়া সমস্যা আহিল ৰাজ্যিক বিজেপিৰ সম্পাদক পুলক গোহাঁইকলৈ।

সূত্ৰটোৰ মতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ প্ৰতিনিধি মুলেন্দ্ৰ মৰাণ, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণ আৰু টিকট প্ৰাপ্তিৰ বাবে তাবিজ পৰিধান কৰা বুলি ইতিপূৰ্বে সংবাদ শিৰোনাম দখল কৰা হাজৰিকা উপাধিৰ ‘দেখাক দেখি উঠিল গা, কেঁ‌তুৰিয়ে বোলে মোকো খা’ ধৰণেৰে টিকট বিচৰা স্বয়ম্ভূ নেতাজন ফেক্টৰ নহয় বুলিয়েই সূত্ৰটোৱে কব বিচাৰে। তাৎপৰ্যপূৰ্ণ কথা যে নিয়মীয়া বাৰ্তাৰ ডিজিটেল সংস্কৰণত প্ৰকাশিত এটা বাতৰিৰ প্ৰতিক্ৰিয়া স্বৰূপে অলপতে ডুমডুমাত অনুষ্ঠিত বিজেপিৰ পুৰণি কাৰ্যকৰ্তাৰ এখন সভাই ডুমডুমাত ‘হেলিকপ্টাৰ প্ৰাৰ্থী’ (অৰ্থাৎ সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থী)ৰ প্ৰৱেশ নিষেধজাতীয় প্ৰস্তাৱ গ্ৰহণ কৰি উৰ্ধতন কতৃপক্ষলৈ লিখিতভাৱে জনোৱাৰ সিদ্ধান্ত লয়। উক্ত সভাতেই মুখ্যমন্ত্ৰীৰে সুসম্পৰ্ক থকা ডুমডুমাৰ এণ্টনী বংকৰক ডুমডুমাৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈকো দাবী জনোৱা হৈছে।

ইফালে দলীয় প্ৰাৰ্থীত্ব প্ৰয়াসীক লৈ মাৰ্ঘেৰিটাতো জমি উঠিছে বিজেপি আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ মাজত। বিধায়ক ভাস্কৰ শৰ্মাই পুৱাৰ পৰা নিশালৈকে আধাৰশিলা স্থাপন, উদ্বোধন, যোগদান আদি কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ বিপৰীতে লক্ষ্য কোঁ‌ৱৰে কেইজনমান বিসম্বাদী নেতা-কৰ্মীক সাৰথি হিচাপে লৈ ক্ৰীড়া বিভাগৰ কেতবোৰ আঁ‌চনি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে সমষ্টিটোত প্ৰাৰ্থীত্ব কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰি দিছে। উল্লেখ্য যে ইতিপূৰ্বে লক্ষ্যই মাৰ্ঘেৰিটা জিলা পৰিষদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰাৰ অভিজ্ঞতাও লৈ থৈছে। ইফালে আভ্যন্তৰীণ বিদ্ৰোহৰ দাবানলত জৰ্জৰ মাৰ্ঘেৰিটা কংগ্ৰেছৰ নৱ-মনোনীত সভাপতি মনোৰঞ্জন বৰগোহাঁ‌ইয়ে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰি দিছে। তেওঁৰ টিকট প্ৰাপ্তিৰ নিশ্চয়তা সন্দৰ্ভত প্ৰশ্ন কৰাত এই প্ৰতিবেদকক জানিবলৈ দিয়ে ‘ইমান আগতীয়াকৈ টিকটৰ কথা কোৱা টান। কংগ্ৰেছ দলে কেতিয়াবা দিয়া টিকটো উভতাই নিয়ে।’ এটা সূত্ৰই প্ৰকাশ কৰা মতে মাৰ্ঘেৰিটাত কংগ্ৰেছৰ পৰা টিকট প্ৰত্যাশী হিচাপে চৰ্চালৈ অহা মনোৰঞ্জন বৰগোহাঁ‌ই আৰু বাসু চেত্ৰীৰ পৰিৱৰ্তে প্ৰদ্যুৎ বৰদলৈৰ খাচ মানুহ ৰুবুল গগৈ কিম্বা মনোজ ধানোৱাৰকহে টিকট প্ৰদান কৰিব। সূত্ৰটোৱে তাৎপৰ্যপূৰ্ণভাৱে জানিবলৈ দিয়ামতে বিজেপিত অন্তৰ্কন্দলৰ সৃষ্টি হ’লে পৰিশেষত স্বয়ং নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজেই টিকট লৈ থিয় দিলেও আচৰিত হ’ব লগা নাই। কাৰণ নগাঁও জিলাৰ প্ৰভাৱশালী কংগ্ৰেছী তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰে সাংসদ বৰদলৈৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কত শেহতীয়াকৈ ফাঁ‌ট মেলাৰ বিষয়টো সৰ্বজন বিদিত। সূত্ৰটোৱে এইক্ষেত্ৰত প্ৰদ্যুৎ বৰদলৈ আৰু লক্ষ্য কোঁ‌ৱৰৰ মাজত ভিতৰুৱা বুজাবুজি থাকিব পাৰে বুলিও তাৎপৰ্যপূৰ্ণভাৱে সন্দেহ ব্যক্ত কৰিছে। ইফালে শদিয়াৰ অপ্ৰতিদ্বন্দ্বী নেতা বুলি জনাজাত বিধায়ক বলিন চেতিয়াই এইকেইদিন পুৱাৰে পৰা সন্ধিয়ালৈকে সমষ্টিত ঘূৰি- পকি জনপ্ৰতিনিধিৰ তৎপৰতা প্ৰদৰ্শন কৰি, চৰকাৰী কঠীয়া পাৰি ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ বিপৰীতে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰয়াসী বিৰিঞ্চি নেওগে নিৰ্বাচনী প্ৰচাৰ আৰম্ভই কৰি দিয়াৰ বাতৰি পোৱা গৈছে। তেওঁ বিধায়ক বলিন চেতিয়াক বিধায়ক পদটো বেপাৰলৈ ৰূপান্তৰ কৰিলে বুলি বিশ্লেষণ দাঙি ধৰি ক’ৰোনাকলৈ ৰাজনীতি নকৰিবলৈকো সকীয়নি দিলে বিজেপি চৰকৰক।

ইফালে আৰ এছ এছৰে সু-সম্পৰ্ক থকা বিজেপি ত্যাগী প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই পৰিশেষত পয়মাল লগাব পাৰে বুলি ভিতৰি শংকা প্ৰাকাশো কৰিছে বিধায়ক চেতিয়াই।

You might also like