১৬ বা ১৭ ডিচেম্বৰত লুৰিণজ্যোতি গগৈয়ে যোগদান কৰিব অসম জাতীয় পৰিষদত
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ প্ৰত্যক্ষ ৰাজনীতিলৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। ডিচেম্বৰৰ ১৬ বা ১৭ ডিচেম্বৰত অসম জাতীয় পৰিষদত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে।
শিৱসাগৰৰ দুদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম জাতীয় পৰিষদৰ জাতীয় অভিৱৰ্তন। এই অভিৱৰ্তনতে দলত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে।
আজি এক সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে কয়-“অসমৰ প্ৰতিগৰাকী জনগণৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মই ক’ব খুজিছোঁ যে মই অসম জাতীয় পৰিষদত যোগদান কৰিম। আহি থাকিবলগীয়া দিনসমূহত অসমৰ সমাজ জীৱনক আগুৱাই লৈ যাবলৈ আমি একত্ৰিতভাৱে প্ৰয়াস কৰিব লাগিব।