নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ অধীনস্থ মাদ্রাছা বন্ধৰ বাবে প্রণয়ন কৰা বিলুপ্তিকৰণ আইন বাহাল ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ অসম মাদ্রাছা বিলুপ্তিকৰণ আইন–২০২০ৰ লগতে প্রদান কৰা কার্যকৰীকৰণ নির্দেশসমূহো বাহাল ৰাখিছে উচ্চ ন্যায়ালয়ে৷ মাদ্রাছাসমূহ বিলুপ্তিকৰণৰ বাবে বিধানসভাৰ মজিয়াত আইন প্রণয়ন কৰাৰ পাছতে চৰকাৰৰ সিদ্ধান্তক প্রত্যাহ্বান জনাই ১৩জন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল৷ ৩০৩৮/২০২১ নম্বৰৰ লেখ আবেদনখনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ বিচাৰপীঠে এই গুৰুত্বপূর্ণ ৰায়দান কৰিছে৷ অৱশ্যে আইনখন বাহাল ৰাখিলেও মাদ্রাছা অথবা আৰবিক মহাবিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীত পাঠদান কৰি থকা শিক্ষকসকলক মাধ্যমিক ব’ৰ্ডৰ বিপৰীতে কোনো বিশ্ববিদ্যালয়ৰ অধীনস্থ কৰিবলৈ উচ্চ ন্যায়ালয়ে নির্দেশ দিছে৷
ইতিমধ্যে বন্ধ কৰা সংস্কৃত টোলসমূহৰ শিক্ষকৰ দৰেই এই শিক্ষকসকলকো বিশ্ববিদ্যালয় পর্যায়ৰ অধীনত নিযুক্তি প্রদানৰ ব্যৱস্থা কৰিবলৈ ন্যায়ালয়ে নির্দেশনা দিছে৷ অৱশ্যে মাদ্রাছা অথবা আৰবিক মহাবিদ্যালয়ত পাঠদান কৰা তেনে শিক্ষকে ন্যায়ালয়ৰ যিহেতু দ্বাৰস্থ হোৱা নাই, সেয়েহে এই সিদ্ধান্ত তেনে শিক্ষকৰ আবেদনৰ ভিত্তিত সংশ্লিষ্ট কর্তৃপক্ষই গ্রহণ কৰিব পাৰিব৷
উল্লেখ্য যে এক কেবিনেট সিদ্ধান্তযোগে ৰাজ্য চৰকাৰে মাদ্রাছাসমূহ নিয়মীয়া হাইস্কুললৈ ৰূপান্তৰকৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ মাদ্রাছাৰ সমান্তৰালকৈ সংস্কৃত টোলসমূহ অধ্যয়ন কেন্দ্র হিচাপে ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল চৰকাৰে৷ ২০২১ চনৰ ২৭ জানুৱাৰীত মাদ্রাছা বিলুপ্তিকৰণ আইনত স্বাক্ষৰ কৰে ৰাজ্যপালে৷ পৰৱর্তী সময়ত ১২ ফেব্রুৱাৰীত মাদ্রাছাসমূহ হাইস্কুললৈ ৰূপান্তৰ কৰাৰ লগতে ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনস্থ কৰিবলৈ জাননী জাৰি কৰা হয়৷ ইয়াৰ পাছতে ১৩গৰাকী ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই আইনক প্রত্যাহ্বান জনাই লেখ আবেদনখন দাখিল কৰে৷ তেওঁলোকে প্রকাশ কৰিছিল যে চৰকাৰৰ সিদ্ধান্তৰ ফলত ৰাজ্যৰ ৪০১খন শিক্ষা প্রতিষ্ঠান ক্ষতিগ্রস্ত হৈছে৷ তদুপৰি এই আইনখনে সংবিধানৰ ২৫, ২৬, ২৯ আৰু ৩০ অনুচ্ছেদৰ অধীনত প্রদান কৰা প্রাথমিক অধিকাৰ খর্ব কৰিব বুলিও আবেদনখনৰ জৰিয়তে অভিযোগ কৰা হৈছিল৷ পৰৱর্তী সময়ত শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে চৰকাৰে বিভিন্ন সময়ত প্রদান কৰা নির্দেশনা তথা সংশ্লিষ্ট আইনখন পুংখানুপুংখভাৱে বিবেচনা কৰাৰ লগতে দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি শুনি অসম মাদ্রাছা বিলুপ্তিকৰণ আইন, ২০২০ বাহাল ৰাখিবলৈ ৰায় দিয়ে৷