নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাবলৈ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত মাফিয়া অৰুণ যাদৱ

নিয়মীয়া বাৰ্তা ৫ জুলাইঃ ড্রাগ্ছ সৰবৰাহকাৰী ট্রেনজিট পইণ্টত পৰিণত গুৱাহাটীত কালি মহানগৰ আৰক্ষীয়ে অভিযান চলাই ১.৫ কোটি টকাৰ ড্রাগ্ছসহ তিনি ড্রাগ্ছ মাফিয়াক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত পল্টন বজাৰ থানাৰ আৰক্ষীয়ে লাচিত নগৰত অভিযান চলাই চঞ্চল নাথ আৰু ৰিমন শর্মা নামৰ দুটা ড্রাগ্ছ ব্যৱসায়ীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ ব্যৱসায়ী দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত বিৰুবাৰীৰ আৰ চি এম ষ্ট’ৰ নামৰ এখন ব্যৱসায়িক প্রতিষ্ঠানত পল্টন বজাৰ আৰক্ষীয়ে অভিযান চলায়৷ আৰ চি এম ষ্ট’ৰ নামৰ ব্যৱয়াসিক প্রতিষ্ঠানখনত অভিযান চলাই ৪৩টা চাবোনৰ বাকচত ভৰাই থোৱা ৬০০ গ্রাম হেৰ’ইন জব্দ কৰে৷

আৰক্ষীৰ জেৰাত ড্রাগ্ছ মাফিয়া অৰুণে দক্ষিণ গাঁৱৰ এজন লোকে ড্রাগ্ছ যোগান ধৰে বুলি স্বীকাৰোক্তি দিয়ে৷ ড্রাগ্ছ মাফিয়া অৰুণৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানকাৰী দলটোৱে পুৱতি নিশা আঢ়ৈ বজাত দক্ষিণ গাঁৱত অভিযান চলাবলৈ যায়৷ ড্রাগ্ছ মাফিয়া অৰুণক লগত লৈ দক্ষিণ গাঁৱৰ পাহাৰত অভিযানকাৰী দলটোৱে খোজকাঢ়ি অভিযান চলোৱাৰ সময়তে এন্ধাৰৰ সুযোগ লৈ অৰুণে পলোৱাৰ চেষ্টা চলায়৷ লগে লগে আৰক্ষীয়ে অৰুণক লক্ষ্য কৰি গুলীচালনা কৰে৷

আৰক্ষীৰ গুলীত ভৰিত আঘাতপ্রাপ্ত অৰুণ ঢ়লি পৰাত ততাতৈয়াকৈ জি এম চি এইচত ভর্তি কৰায়৷ সম্প্রতি জি এম চি এইচত চিকিৎসাধীন ড্রাগ্ছ মাফিয়া অৰুণ সংকটমুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে গুৱাহাটীত ড্রাগ্ছৰ সাম্রাজ্য চলাই থকা অৰুণ যাদৱৰ ন ন তথ্য৷ দীর্ঘদিন ধৰি গুৱাহাটীত ড্রাগ্ছৰ বেহা চলাই থকা অৰুণে এগৰাকী মণিপুৰী মহিলাক বিয়া কৰাই ড্রাগ্ছ ব্যৱসায়ত লিপ্ত হৈ পৰিছিল৷ আৰক্ষীয়ে ড্রাগ্ছ মাফিয়া অৰুণৰ পত্নীক বিচাৰি অভিযান অব্যাহত ৰাখিছে৷

You might also like