সংঘর্ষত নিহত কুখ্যাত গাড়ী চোৰ–ছুপাৰি কিলাৰ বুবু কোঁৱৰ
নিয়মীয়া বাৰ্তা ২৪ জুনঃ অসম কঁপোৱা চাঞ্চল্যকৰ কৈলাস গিনোৰীয়া নির্মম হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা উজনি অসমৰ একাধিক ব্যক্তিৰ ছুপাৰি কিলাৰ বুবু কোঁৱৰ অৱশেষত আৰক্ষীৰে সংঘর্ষত নিহত হ’ল৷ শিৱসাগৰ আৰক্ষীৰ এক বিশেষ অভিযানত গেলেকী আৰক্ষী থানাৰ অন্তর্গত দেওপানী ব’ডাৰ আউট প’ষ্টৰ সমীপত আজি সন্ধিয়া কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত থিতাতে মৃত্যু হয় বুলি আৰক্ষীৰ সূত্রৰ পৰা জানিব পৰা গৈছে৷ অৱশ্যে শিৱসাগৰ আৰক্ষীয়ে কি আৰু কেনে পৰিস্থিতিত এই সংঘর্ষ হ’ল, সেই বিষয়ত কোনো তথ্য প্রকাশ কৰা নাই যদিও নিশা চাৰে ৯ বজাত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশ্বনে সাংবাদিকক প্রকাশ কৰিছে সংঘর্ষৰ বিস্তৃত্ব বিৱৰণ৷
আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, আজি সন্ধিয়াৰ ভাগত দুর্ধর্ষ অপৰাধী বুবু কোঁৱৰে এটা পক্ষক বৃহৎ পৰিমাণৰ ড্রাগ্ছ আৰু অস্ত্র যোগান ধৰাৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷ এই তথ্যৰ ভিত্তিতেই এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত গেলেকী আৰক্ষী থানাৰ অন্তর্গত দেওপানী ফায়াৰিং ৰেঞ্জৰ সমীপত খাপ পিটি ৰৈছিল অভিযানকাৰী দল৷ নিশা প্রায় ৬ বাজি ৫০ মিনিটত আমগুৰিৰ দিশৰ পৰা এখন স্কুটীত দুজন যুৱক উঠি অহা প্রত্যক্ষ কৰি আৰক্ষীৰ অসামৰিক পোছাকত থকা দলটোৱে ৰখাবলৈ চেষ্টা চলাওঁতেই বুবু কোঁৱৰ আৰু সংগীয়ে আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি ৪ জজাই গুলীবর্ষণ কৰি পলাবলৈ চেষ্টা কৰে৷ লগে লগেই আৰক্ষীয়ে ওলোটাই গুলীবর্ষণ কৰাত বুবু কোঁৱৰ আহত হৈ পৰি যোৱাৰ লগতে দ্বিতীয়টো অপৰাধী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়৷
আৰক্ষীয়ে আহত বুবুক লগে লগে গেলেকী প্রাথমিক চিকিৎসালয়ত ভর্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ আৰক্ষীয়ে নিহত কোঁৱৰৰ জিম্মাৰ পৰা ৫ জজাই সক্রিয় গুলীসহ ছেভেন পইণ্ট ছিক্স ফাইভ পিষ্টল, ১০টা ড্রাগছভর্তি কনটেইনাৰ, ১,১০০ টকা, দুটা লাইটাৰ, এখন স্কুটীসহ বহু আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিছে৷ উল্লেখ্য বিগত ২২টা বছৰত ৰাজ্যখনৰ আন স্থানৰ লগতে শিৱসাগৰ জিলাখনত সংঘটিত একাধিক হত্যাকাণ্ড আৰু আন আন অপৰাধজনিত ঘটনাৰ মূল অভিযুক্ত আছিল বুবু কোঁৱৰ৷ অসম–নাগালেণ্ড সীমান্তৰ হালোৱাটিঙত ড্রাগ্ছ আৰু গাঞ্জাৰ ব্যৱসায়েৰে ১৯৯৯ চনত অপৰাধ সাম্রাজ্যত ভৰি দিয়া বুবু কোঁৱৰে ইয়াৰ পাছতেই আৰম্ভ কৰিছিল গাড়ী চুৰি৷
শিৱসাগৰৰ পৰা ভাৰা লৈ গাড়ী লোৱাৰ ছলেৰে ইজনৰ পাছত সিজন নিৰীহ চালকক ৰাজপথত হত্যা কৰি গাড়ী লৈ যোৱা বুবু কোঁৱৰে ২০১০ চনত মিটং দলঙৰ সমীপত যোৰহাট নিৱাসী এজন বেংক পৰিচালকক হত্যা কৰিছিল৷ ২০১১ চনত গৌৰীসাগৰ আৰক্ষী থানাৰ সমীপৰ নগা আলিত এখন বিলাসী গাডীৰ চালকক হত্যা কৰি গাডী চুৰি কৰি নিয়া বুবু কোঁৱৰৰ হাতত এই মুহূর্তলৈকে তেৰজনতকৈও অধিক চালকৰ মৃত্যু হৈছে৷ গৌৰীসাগৰৰ চাৰিং নিৱাসী দুর্ধর্ষ ডকাইত অনন্ত খনিকৰক বিশ্বস্ত সংগী কৰি নাগালেণ্ডৰ তুলি আৰু ডিমাপুৰত নিৰাপদ আশ্রয়স্থল গঢ়ি তোলা বুবু কোঁৱৰে ডকাইতিৰ সমান্তৰালভাৱে পংখী দত্ত নামৰ এগৰাকী যুৱতীৰ সংযোগত উজনি অসমত প্রথমবাৰৰ বাবে হানী ড্রেপিং চক্র গঢ়ি তুলিছিল৷
২০১৩ চনত এনে হানী ড্রেপিং চক্রৰ সহায়ত নিজৰ জালত বন্দী কৰি অতি নির্মমভাৱে হত্যা কৰিছিল যোৰহাটৰ প্রতিষ্ঠিত ব্যৱসায়ী কৈলাস গিনোৰীয়াক৷ এই গোচৰত দুর্ধর্ষ অপৰাধীটো গ্রেপ্তাৰো হৈছিল৷অতি নৃশংস অপৰাধী হিচাপে পৰিচিত বুবু কোঁৱৰে ২০০৭ চনত শিৱসাগৰৰ চিকিৎসক মৃদুল দত্তক টীয়ক অঞ্চলত গুলীয়াই হত্যা কৰিছিল৷ ইয়াৰ উপৰি বহুকেইটা হত্যাকাণ্ডৰ লগত জডিত বুবু কোঁৱৰৰ বিৰুদ্ধে কংগ্রেছ নেতা হেমন্ত বৰুৱাক হত্যা কৰাৰ অভিযোগৰ লগতো নাম সাঙোৰ খাইছিল৷ হালোৱাটিঙৰ এগৰাকী সুৰা ব্যৱসায়ীকো গুলীয়াই হত্যা কৰা বুবু কোঁৱৰে বিয়াগোম ৰাজনৈতিক নেতাৰ হত্যাকাণ্ডৰ ষড়যন্ত্রৰ সৈতে জডিত থকা বুলিও চর্চা চলিছিল৷ যিকেইটা হত্যাকাণ্ড সন্দর্ভত বুবু কোঁৱৰে কাৰাবাসো খাটিছিল৷
৪০টাতকৈও অধিক গুৰুতৰ অপৰাধৰ সৈতে জডিত বুবু কোঁৱৰ অন্তিমবাৰৰ বাবে দিছপুৰ আৰক্ষীৰ জালত বন্দী হৈছিল৷ ডিমাপুৰত প্রতিদ্বন্দ্বী গোটৰ সৈতে হোৱা সংঘর্ষত বুবু কোঁৱৰে গুলীৰ আঘাতত বুঢ়া আঙুলি এটা হেৰুৱাইছিল৷ পৰৱর্তী সময়ত নিজৰ অতি বিশ্বস্ত সংগী অনন্ত খনিকৰকো ২০১৫ চনত নাগালেণ্ডত হত্যা কৰি বহুকেইটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সাক্ষ্য প্রমাণ চিৰদিনৰ বাবে লুপ্ত কৰাৰ অভিযোগ উঠিছিল এইজন কুখ্যাত অপৰাধীৰ বিৰুদ্ধে৷ বিগত বহুকেইটা দশক ধৰি উজনি অসমৰ লগতে অসমৰ অপৰাধ জগত কঁপাই যোৱা বুবু কোঁৱৰৰ মৃত্যুত সর্বসাধাৰণ ৰাইজৰ মাজত মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এনে অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পাছত কিদৰে বাৰে বাৰে জে’লৰ পৰা মুকলি হৈ পুনৰ গুৰুতৰ অপৰাধ সংঘটিত কৰিব পাৰে, সেই সন্দর্ভত ৰাইজে প্রশ্ন উত্থাপন কৰিছে৷ শেহতীয়া বাতৰি মতে এটা বৃহৎ আৰক্ষীৰ দলে সমগ্র দেওপানী অঞ্চলটো ঘেৰি ধৰি দ্বিতীয়টো অপৰাধীৰ সন্ধানত অপাৰেচন অব্যাহত ৰখাৰ লগতে বুবু কোঁৱৰৰ মৃতদেহ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ মর্গলৈ প্রেৰণ কৰিছে৷