মঙলদৈ জলসম্পদ সংমণ্ডল ভুমিকাত ক্ষুব্ধ ছিপাঝাৰৰ নৈ পৰীয়া
এজাক বৰষুণতেই ননৈৰ মথাউৰিয়ে ললে তথৈবচৰূপ
নিয়মীয়া বাৰ্তা ২৬মেঃ ভৰ বাৰিষা নহওঁতেই অহা বৰষুণেই স্বৰূপ উদঙাই দিলে মঙলদৈ জলসম্পদ সংমণ্ডলৰ কাম -কাজৰ।ননৈৰ ভগ্ন মথাউৰিৰ মেৰামতিৰ ক্ষেত্ৰত বিভাগটোৱে সম্পন্ন কৰা নিম্ন মানৰ কামৰ বাবে এতিয়া বাৰুকৈয়ে ক্ষুণ্ণ হৈ পৰিছে নৈ পৰীয়া ৰাইজ। আনকি বাৰিষা আগমণৰ লগে লগে পুনৰ ভয়াবহ বানৰ আশংকাই ভয়াৰ্ত কৰি তুলিছে নৈ পৰীয়া প্ৰায় কুৰি খন গাঁৱৰ ৰাইজক। উল্লেখযোগ্য যে বিগত বৰ্ষত ননৈৰ প্ৰলয়ংকাৰী বানে নৈখনৰ পূব দিশৰ মথাউৰিটো পুনিয়াত আৰু পশ্চিম দিশৰ মথাউৰটো ছেঙেলীয়াঝাৰ-কুমাৰপাৰাত ছিগি নিছিল। যাৰ ফলত বিগত বৰ্ষটোত দূৰ্যোগৰ মাজেদিয়েই দিন পাৰ কৰিব লগীয়া হৈছিল নৈ পৰীয়া ৰাইজে।এইক্ষেত্ৰত স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই গ্ৰহণ কৰা তৎপৰতাৰ বাবেই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেশৱ মহন্তই ভগ্নাংশ পৰিদৰ্শন কৰি ননৈৰ দুয়োদিশৰ ভগ্নাংশ আৰু মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল।আনকি কুমাৰ পাৰা অংশৰ পুননিৰ্মাণকে ধৰি পশ্চিম দিশৰ মথাউৰিটোৰ মেৰামতিৰ বাবে ১০কোটি ৫০লাখ ৩০ হাজাৰ আৰু পুনিয়া অংশৰ পুননিৰ্মাণকে ধৰি উক্ত মথাউৰি মেৰামতিৰ বাবে ৯কোটি ২০ লক্ষ ৪৭০০০টকা আবণ্টন দি সেই অনুযায়ী প্ৰায় খিনি কাম সম্পন্নও কৰে মঙলদৈ জলসম্পদ সংমণ্ডলে।কিন্তু বিভাগটোৰ বিষয়া-অভিযন্তাৰ চুড়ান্ত উদাসীনতাৰ বাবেই ৰাজকোষৰ এই বৃহৎ পৰিমাণৰ ধনৰাশি অথলে যোৱাৰ উপক্ৰম হৈছে।বিশেষকৈ কুমাৰপাৰাত ভগ্নাংশৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ কৰি তুলিলে যদিও সংশ্লিষ্ট ঠিকাদাৰে একেবাৰে নিম্ন মানদণ্ডৰ কাম কৰাৰ বাবে এজাক বৰষুণ পৰাৰ পিছতেই নিৰ্মীয়মান মথাউৰিটোৰ অৱস্থা হৈ পৰিছে তথৈবচ।মূলত নিৰ্মাণ কাৰ্যত বালিয়া মাটিৰ পৰিমাণ অত্যাধিক হোৱাৰ বাবে বৰষুণতেই খহি খহি গৈছে মথাউৰিটো।
স্থানীয় ৰাইজৰ অভিযোগ মাটিৰ পৰিমাণ কমাবৰ বাবেই ঠিকাদাৰে নিৰ্মাণৰ আৰম্ভণিৰ সময়ছোৱাত প্ৰয়োজন অনুপাতে ৰুলাৰ ব্যৱহাৰ কৰা নাছিল।যাৰ বাবে ভিতৰ ভাগ ফোপোলা হৈ থকাৰ বাবেই এতিয়া খহিবলৈ আৰম্ভ কৰিছে মথাউৰিটো।কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিৰ্মাণৰ সময়ত জলসম্পদ বিভাগৰ অভিযন্তা কিম্বা কনিষ্ঠ অভিযন্তাই ভালকৈ পৰ্যবেক্ষণেই নকৰিলে।যাৰ কাৰণে ঠিকাদাৰে সম্পন্ন কৰিলে এনে পালমৰা কাম।একেদৰে কামৰ আবণ্টন পোৱা প্ৰভাৱশালী ঠিকাদাৰেও নিজে উপস্থিত থকাৰ বিপৰীতে মহৰীৰ জৰিয়তেই চলালে কাম কাজ।ইতিমধ্যে কাম সম্পূৰ্ণ কৰি ঠিকাদাৰৰ অধীনৰ শ্ৰমিক -কৰ্মচাৰীয়ে উক্ত স্থান পৰিত্যাগ কৰিছেই।কিন্তু বৰষুণৰ ফলত মথাউৰিৰ অৱস্থা শোচনীয় হৈ পৰাত ঠিকাদাৰৰ অধীনৰ মহৰী আহি কামটো পৰ্যবেক্ষণ কৰি মথাউৰিৰ দহ শতাংশমান কাম কৰিবলৈ বাকী আছে বুলি ৰাইজক আশ্বস্ত কৰাৰ চেষ্টা কৰে যদিও ৰাইজ একেবাৰে পতিয়ন যোৱা নাই।ইফালে শেহতীয়া ভাবে বৰষুণৰ পৰিমাণ বৃদ্ধি পাই অহাৰ লগতে ননৈৰ জলস্তৰো বৃদ্ধি পাইছে তীব্ৰগতিত।তেনে ক্ষেত্ৰত নৈ পৰীয়া ৰাইজৰ মাজত আশংকা আৰু আতংক বৃদ্ধি পাইছে।লক্ষণীয় যে কেবল কুমাৰ পাৰা অংশতেই নহয় পুণিয়াকে ধৰি মথাউৰিটোৰ বাকী অংশ মেৰামতিৰ ক্ষেত্ৰতো সংশ্লিষ্ট ঠিকাদাৰে পালমৰা ধৰণে কাম কৰাৰ অভিযোগ নৈ পৰীয়া ৰাইজৰ।এফালে বানপানীৰ পৰা সকাহ দিবলৈ মন্ত্ৰী-বিধায়কৰ বিৰামহীন তৎপৰতা আৰু আনফালে জলসম্পদ বিভাগ আৰু ঠিকাদাৰৰ শেন চকু উন্নয়নৰ ধনত। যাৰ বাবে চলিত বৰ্ষত কেবল ননৈৰ বান নিয়ন্ত্ৰণৰ বাবে প্ৰায় বিশকোটি টকা আবণ্টন হোৱাৰ পিছতো শংকামূক্ত হ’ব পৰা নাই নৈ পৰীয়া ৰাইজ।