নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত আকৌ কয়লাৰ অবৈধ বেহা আৰম্ভ অ’ চিৰ বিদায় বেলাত এয়া কিহৰ ইঙ্গিত

নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ লকডাউন, স্থানীয় বিধায়কৰ অসুস্থতা আৰু আৰক্ষী বিষয়াৰ অৱসৰকালীন সুযোগ গ্ৰহণ কৰি দীৰ্ঘ দিনে স্তব্ধ হৈ পৰা মাৰ্ঘেৰিটাৰ অবৈধ কয়লাৰ বেহা পুনৰ আৰম্ভ হোৱাৰ বাতৰি পোৱা গৈছে। উল্লেখ্য যে আজি নিশা ১২ বজালৈকে মাৰ্ঘেৰিটা থানাৰ অ’ চিৰ অৱসৰৰ প্ৰাক ক্ষণ। বিগত বৰ্ষৰ এটা সময়ত মাৰ্ঘেৰিটা থানাৰ ওপৰ মহলা(ফাৰ্ষ্ট ফ্ল’ৰ)তেই চোৰাং কয়লাৰ এণ্ট্ৰী অফিচৰ ব্যৱস্থা ৰখা কয়লা ছিণ্ডিকেটৰ চৰ্দাৰ স্বৰূপ অ’ চি চমুৱা ওৰফে কাণফুলিৰ বিদায় পৰত কেইবাখনো কয়লা ভৰ্তি ট্ৰাক সৰবৰাহৰ বাবে সাজু ৰখা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। জনা মতে ৯৭৯৬, ৯৫৯৬, ৭৬৬৬, ৮৮০৮ (ছিৰিজকেইটা দিয়াৰ পৰা বিৰত থাকিলোঁ)নম্বৰৰ চাৰিখন আৰু এখন নম্বৰ প্লেট বিহীন কয়লা ভৰ্তি টেইলাৰ সৰবৰাহৰ বাবে সাজু ৰাখিছে। উক্ত কয়লাখিনি লিডু, বৰগোলাই আৰু নামদাঙৰ বুলিও জানিব পৰা গৈছে। কেনেবাকৈ আজি নিশা পাৰ কৰাৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে কাইলৈ নিশা লৈ যোৱাৰ জল্পনা- কল্পনা অব্যাহত ৰাখিছে।

You might also like