নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাশিৱৰাত্ৰিৰ উপলক্ষে মহাদেৱ বন্দনাৰে মুখৰিত সোণাৰি চাপৰি

নিয়মীয়া বাৰ্তা সোণাৰি চাপৰি ১ মাৰ্চঃ আজি মহা শিৱৰাত্ৰি ৷ শিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৌল দেৱালয়, মঠ-মন্দিৰ সমুহৰ লগতে সোণাৰি চাপৰি অঞ্চলতো মহাদেৱ বন্দনাৰে মুখৰিত হয় আকাশ বতাহ ৷ সোণাৰি চাপৰি কেকুঁৰি পশ্চিম ঢকুৱাখনা দাংধৰা বৰ্ষামুখ আদি অঞ্চলৰ গাঁৱেভূঞে থকা শিৱ মন্দিৰ, মহাদেৱ মন্দিৰ, ভোলানাথ মন্দিৰ, নীল কণ্ঠ মন্দিৰ, মুক্তিনাথ মন্দিৰ আদি শতাধিক শিৱ মন্দিৰত পূৱাৰে পৰাই ভিৰ হয় অগণন ভক্তৰ লগতে জীয়াৰী বোৱাৰী, কিশোৰ কিশোৰী, আবাল-বৃদ্ধ-বণিতাই ৷
আনহাতে মহা শিবৰাত্ৰিৰ উপলক্ষে বাঁহপৰা গাঁৱৰ উভতা বৃক্ষ মহাদেৱ মন্দিৰত উদযাপন কৰা শিবৰাত্ৰি মহোৎসৱত মাজুলীৰ এলেঙি টকৌবাৰী সত্ৰৰ প্ৰভু জীৱন মহন্তৰ উপস্থিতিয়ে গাঁও বাসীৰ উৎসাহ উদ্দিপন্না দুগুণে ব্‌দ্ধি কৰে ৷
You might also like