নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত বিজনীৰ পূৱ বাগৰগাঁৱৰ মাইনুদ্দিন আলী

নিয়মীয়া বাৰ্তা, ২২ মেঃ বিজনীৰ পূৱ বাগৰগাঁৱত ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম শ্ৰমিক স্বামী দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত। স্বামীৰ চিকিৎসাৰ নামত সৰ্বস্ৰান্ত হৈ পৰিছে পৰিয়ালটো। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান স্থানীয় ৰাইজ আৰু উপায়ন্তৰ পৰিয়ালৰ। মাত্ৰ দুবছৰ আগত বিবাহ পাশত আৱদ্ধ এক দম্পতীৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। এই ঘটনা চিৰাং জিলাৰ বিজনীৰ পূৱ বাগৰগাঁৱৰ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনক্ষম শ্ৰমিক স্বামী মাইনুদ্দিন আলী (২৫) ডেৰ বছৰ ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ পৰি আছে বিছনাত। যাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকৰ উপৰিও স্থানীয় গঞা। শ্ৰমিক জনক চিকিৎসাৰ নামত সৰ্বস্ৰান্ত হৈ পৰা পৰিলক্ষিত হৈছে পৰিয়ালটো। জানিব পৰা মতে এবছৰ আগত বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিতালত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাত অস্ত্ৰোপচাৰ কৰা হয় শ্ৰমিক জনক। পাছত বিগত কিছুদিন আৰোগ্য অৱস্থাত আছিল যদিও যোৱা এসপ্তাহ আগত পুনৰ দুৰাৰোগ্য কৰ্কট ৰোগটোৱে জটিল ৰূপ ধাৰণ কৰাত পুনৰ চিকিৎসালয় খনত ভৰ্তি হয়।সম্প্ৰতি শ্ৰমিক জনৰ পেটৰ অস্ত্ৰোপচাৰ কৰা স্থানেৰে ভয়াৱহ ধৰণেৰে টেমুনা এটা ওলাই আহে। যাৰফলত হাস্পতালখনৰ চিকিৎসকে গুৱাহাটী নাইবা কোকৰাঝাৰ কেঞ্চাৰ হাস্পতালত লৈ যোৱাৰ বাবে পৰামৰ্শ দিয়ে যদিও অৰ্থৰ অভাৱত সম্প্ৰতি ঘৰতে মৃত্যুৰ ক্ষণ গণিছে শ্ৰমিক জনে। উপায়ন্তৰ পৰিয়ালটোৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ দেক শ্ৰমিক জনৰ জীৱন পুনৰ ঘুৰাই পাবলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় পত্নী আৰু স্থানীয় ৰাইজে। আনহাতে পৰিয়ালটোৱে এই দুৰ্যোগৰ পৰা উদ্ধাৰ পাবলৈ সদাসয় ৰাইজ আৰু দল সংগঠনক পত্নী Saniara Khatun ৰ নামত থকা Fino Payments Bankৰ IFSC: FINO0000001, AC/NO: 20127706393 নম্বৰত আৰ্থিক বৰঙণি আগবঢ়াবলৈ আহ্বান জনায় দুৰ্ভগীয়া পৰিয়ালটোৱে। ইয়াৰোপৰি পত্নীয়ে 8453138591 নম্বৰত যোগাযোগ কৰি সহায় কৰিবলৈ ৰাইজক বিনম্ৰ আহ্বান জনায়।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like