নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজবাটৰ কোৱাৰেণ্টাইন কেন্দ্রত জ্বলাই দিলে বিছনা–আচবাব পত্র

কোৱাৰেণ্টাইনত থকা লোকৰ উদ্ভণ্ডালি

নিয়মীয়া বাৰ্তা ১৩ জুনঃ বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকা একাংশ লোকৰ উদ্ভণ্ডালিয়ে সকলো সীমা চেৰাই গৈছে৷ শুকুৰবাৰে দুপৰীয়া ওদালগুৰিৰ মাজবাট মহাবিদ্যালয়ত থকা কোৱাৰেণ্টাইন চেণ্টাৰত সৃষ্টি হয় চৰম অপ্রীতিকৰ পৰিস্থিতি৷ কোৱাৰেণ্টাইনত থকা একাংশ লোকে কেন্দ্রটোত উদ্ভণ্ডালি কৰাই নহয়, আচবাব জ্বলাই দি হিংসাৰো আশ্রয় লয়৷ কি কাৰণত এনে পৰিস্থিতিৰ উদ্ভৱ হ’ল, সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে সমগ্র ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে কঠোৰ ব্যৱস্থা লোৱাৰ সকীয়নি দিছে৷
প্রাপ্ত তথ্য মতে, মাজবাট মহাবিদ্যালয়ত কোৱাৰেণ্টাইন শিবিৰত থকা তিনিজন লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইনত থকা প্রতিগৰাকী লোকৰ দুবাৰকৈ ছোৱাব সংগ্রহ কৰিছিল৷ প্রথমবাৰৰ ছোৱাব পৰীক্ষাত ক’ভিড–১৯ৰ ফলাফলৰ নিগেটিভ অহাসকলো দ্বিতীয় ছোৱাব পৰীক্ষাৰ ফলাফল নহালৈকে তেওঁলোকৰ ৭ দিনীয়া ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ সময়সীমা পাৰ হোৱাৰ পাছতো হোম কোৱাৰেণ্টাইনলৈ প্রেৰণ কৰা নাছিল৷ তাতেই ক্ষুণ্ণ হৈ কোৱাৰেণ্টাইনত থকা একাংশ লোকে অতপালিৰ সকলো সীমা চেৰাই পাঁচখনকৈ বিছনাৰ লগতে কিছু আচবাব জ্বলাই অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে প্রকৃত কাৰণটো সেয়াই হয় নে নহয়, সেয়া এতিয়াও নিশ্চিত হ’ব পৰা নাই৷ মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন শিবিৰত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টিৰ লগতে কোৱাৰেণ্টাইন কেন্দ্রৰ বিছনা আৰু আচবাব মহাবিদ্যালয়ৰ বাহিৰলৈ আনি একাংশ কোৱাৰেণ্টাইনত থকা লোকে জ্বলাই দিয়াৰ খবৰ পোৱাৰ লগে লগে অগ্নি নির্বাপক বাহিনীৰ এখন বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নির্বাপণ কৰে৷ লগতে মাজবাটৰ ৰাজহ চক্র বিষয়া আৰু আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ সম্প্রতি কোৱাৰেণ্টাইন শিবিৰৰ পৰিস্থিতি সম্পূর্ণ নিয়ন্ত্রণাধীন যদিও কাৰ প্রৰোচনাত কোৱাৰেণ্টাইনত থকা লোকসকলে কোৱাৰেণ্টাইন কেন্দ্রত চৰম উদ্ভণ্ডালিৰ লগতে কেন্দ্রৰ আচবাব জ্বলাই ক্ষতি কৰিলে, সেয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে এই ঘটনাৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষী প্রশাসনে কঠোৰ স্থিতি গ্রহণ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্রদানৰ কথা সদৰী কৰিছে৷

You might also like