নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মুখ্যমন্ত্রীয়ে শিলান্যাস কৰিলে মাজুলী-যোৰহাট দলঙৰ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ  বিশ্বৰ বৃহত্তম নদী দ্বীপ মাজুলী আধুনিক জগতৰ লগত খোজ দিব পৰাকৈ সাজু কৰি তুলিছে চৰকাৰে৷ অনুন্নত যাতায়াত ব্যৱস্থাৰে আবৰি ৰখা সত্রীয়া সংস্কৃতিৰ পীঠ স্থান ,অসমীয়া সংস্কৃতিৰ বৰঘৰ খ্যাত মাজুলীয়ে আধুনিক জগতৰ লগত খোজ মিলাই যাবলৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে গ্রহণ কৰা যুগান্তৰকাৰী সিদ্ধান্তৰ ফলশ্রুতিত আজি সূচনা সনা নতুন দিগন্তৰ৷ মাজুলীবাসীৰ দীর্ঘদিনীয়া দাবী আছিল মাজুলী যোৰহাট সংযোগী দলং নির্মাণৰ৷ সেই দাবী যেন বাস্তৱত পৰিণত কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

মুখ্যমন্ত্রীগৰাকীয়ে আজি মাজুলীৰ গৰমুৰ কছাৰী মৈদানত বিশেষ হেলিকপ্টাৰে অবতৰণ কৰি পোনে–পোনে দক্ষিণপাট সত্রৰ সমীপৰ দলং নির্মাণ কার্য শুভাৰম্ভ কৰিবলৈ দীঘলী গাঁৱত উপস্থিত হয়৷ মুখ্যমন্ত্রীগৰাকীয়ে উক্ত স্থানত মাজুলী যোৰহাট সংযোগী বহু আকাংক্ষিত দলঙৰ নির্মাণ কার্যৰ সম্পূর্ণ অধাত্মিতক বিধি বিধানৰে খুটা সংস্থাপন কৰি নির্মাণ কার্যৰ শুভাৰম্ভ কৰে৷ তাৰ পাছত মুখ্যমন্ত্রীগৰাকীয়ে উক্ত স্থানত আয়োজিত এখন বিশাল ৰাজহুৱা সভাত অংশ গ্রহণ কৰে৷
মুখ্যমন্ত্রীগৰাকীয়ে উক্ত সভাত মাজুলীৰ মাইক্ৰ’ফাইনেঞ্চ ঋণ লোৱা পাঁচ হাজাৰ হিতাধকৰিক আনুষ্ঠানিকভাৱে চেক প্রদান কৰে৷ তাৰ পাছত মুখ্যমন্ত্রীগৰাকীয়ে গড়মুৰ লৈ আহি মাজুলীৰ জিলা উপায়ুক্তৰ একীভূত আৱাসিক ভৱনসমূহৰ আনুষ্ঠানিকভাৱে ফিতাকাটি শুভ উদ্বোধন কৰে৷

You might also like