নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি প্ৰাৰ্থী ভূৱন গামৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ মাজুলীত বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী ভূৱন গাম জিকাটো নিশ্চিত, আমি কেৱল পূৰ্বৰ তুলনাত ভোটৰ ব্যৱধানহে বঢ়াবলৈ চেষ্টা কৰিম। মাজুলীৰ ৰাইজ বিজেপি দলৰ পক্ষত, অৰ্থাৎ উন্নয়নৰ পক্ষতেই আছে।”– আজি ৯৯ নং মাজুলী বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী ভূৱন গামৰ হৈ প্ৰচাৰ চলাবলৈ নিমাতী-কমলাবাৰী ফেৰী ঘাটেৰে আহি মাজুলীত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই৷

ফেৰি ঘাটতে মন্ত্ৰীজনক বিপুলভাৱে মাজুলী জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলে উস্ম আদৰণি জনায় । মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী ভূৱন গামৰ হৈ আজি দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বহি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব মন্ত্ৰী পীযূষ হাজৰিকাই। ইফালে মন্ত্ৰীজনে কয় যে ভূৱন গাম জিকিবই, মাজুলীত কোনো বিৰোধী নাই। এই যুঁজখন একপক্ষীয় যুজ হব, কমেও ৫০,০০০ ভোটৰ ব্যৱধানত জয়ী হোৱাৰহে চেষ্টা অব্যাহত থাকিব ৷

মন্ত্ৰীজনে লগতে কয় ২০০৯ চনত মই প্ৰথম মাজুলীলৈ আহিছিলো কিন্তু তেতিয়া আৰু এতিয়াৰ মাজুলীৰ মাজত বহু পাৰ্থক্য আছে৷ বিশেষকৈ ২০১৬ চনৰ পিছত সৰ্বানন্দ সোণোৱালে মাজুলীখনক বহু আগুৱাই নিলে ৷ আনহাতে জাতীয় পৰিষদৰ পাৰ্থীজনক সমালোচনা কৰি কয় মন্ত্ৰীগৰাকীয়ে কয় যে বিৰ্তকৰে মই কিছুমান কথা নকও , বা নবঢ়াও মাজুলীৰ ৰাইজে এই সকলো দিশ পৰ্যালোচনা কৰি সিদ্ধান্ত লব।

 ইফালে মাজুলীৰ সাংবাদিকে মাজুলীত অব্যাহত থকা গড়াখহনীৰ সমস্যাৰ অৱসান কেতিয়া বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে আমি গড়াখহনীয়া প্ৰতিৰোধৰ বাবে এই বৰ্ষত ৪১ কোটি টকা আৱন্তন দিছোঁ ৷ ইতিমধ্যে এই আচনিৰ কাম মাজুলীত পূৰ্ণগতিত চলি আছে ৷ মাজুলীৰ কাৰনে আৰু কাম কৰা হ’ব ৭০/৮০ শতাংশ বানপানী গড়াখহনীয়া এই বৰ্ষত কমিব ৷

You might also like