শ্রদ্ধা–ভক্তি অবিহনে জীৱনত কোনেও কৃতকার্যতা লাভ কৰিব নোৱাৰে
মাজুলী মহাবিদ্যালয়ত মুহিধৰ বৰা বত্তৃণতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ লক্ষ্যহীন জীৱন দুর্বিষহ৷ জীৱনৰ যদি কোনো লক্ষ্য নাথাকে জীৱন দুখময় হ’বহ৷ লক্ষ্যহীন জীৱন মানেহ দেৱতা অথবা পশুতুল্য জীৱন৷ দেৱতা অথৱা পশুৰ জীৱনত কোনো লক্ষ্য নাই৷ আমাৰ লক্ষ্যহ জীৱনৰ গুণাগুণ নির্ভৰ কৰে ৷ ছাত্রাৱস্থাতেহ লক্ষ্য হ’ব লাগিব সু–উচ্চ, বিশাল, ডন্মুক্ত আৰু সততাৰে পৰিপূর্ণ৷ নিস্বার্থ লক্ষ্যহ জীৱনৰ মান ডন্নত কৰে৷ আমি মহা জীৱনৰ অধিকাৰী হ’ব বিচাৰিলে আমাৰ লক্ষ্যও সুউচ্চ হ’ব লাগিব৷ সোমবাৰে মাজুলী মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত মুখ্য বক্তা হিচাপে ডপস্থিত থাকি বিশিষ্ট লেখক, সাহিত্যিক অকাডেমিৰ অনুবাদক বঁটাপ্রাপক দীগন্ত বিশ্ব শর্মাহ ছাত্র–ছাত্রীসকলক উদ্দ্যেশ্যি এইদৰেহ কয়৷ বিশিষ্ট অনুবাদকজনে ভাষণত আৰু কয় যে ছাত্র–ছাত্রীসকলৰ লক্ষ্য উদাৰ হ’ব লাগিব, লক্ষ্য উচ্চমানৰ হ’লে জীৱন মূল্যবান হৈ ডঠিব, নিজৰ বাবে আৰু আনৰ বাবেও৷
গীতাৰ উদ্ধৃতি দি শর্মাহ কয়, শ্রীকৃষহ গীতাত কৈছে আমি লক্ষ্যত উপনীত হ’বলৈ হ’লে আমি আত্মাৰে পৰিপূর্ণতা হ’ব লাগিব৷ তেওঁ কয় আমি প্রতিজনেহ হূদয়ত শ্রীকৃষকো পুহি ৰাখিছোঁ , অর্জুনকো পুহি ৰাখিছোঁ৷ আমি নিজৰ আত্মাত সন্ত, মহন্ত , দধিচী, ৰত্নাকৰ, বাল্মীকিকো পুহি ৰাখিছোঁ৷ আমি মানৱতাৰ বাবে জীৱনৰ স্বার্থ পৰিত্যাগো কৰিব পাৰোঁ৷ নিজৰ স্বার্থৰ বাবে দুখীয়াৰ মুখৰ আগৰ অন্নও কাঢ়ি খাব পাৰোঁ৷ আমি ছাত্র অৱস্থাতেহ নিজক কিহৰ দৰে গঢ়িম শিকিব লাগিব৷ আমি প্রতিজনে সর্বপ্রথমে প্রদূষণ ৰহিত হূদয়, প্রদূষণ ৰহিত মগজু, প্রদুষণ ৰহিত, শৰীৰ আৰু প্রদূষণ ৰহিত শৰীৰ গঢ় দিব লাগিব তেতিয়াহে আমি বহিঃজগতখনক প্রদূষণ মুক্ত কৰিবলৈ সাহস পাম৷ জীৱনৰ লক্ষ্য আমি কেৱল চাকৰি, টকা–পহচা, সুখ আৰু খ্যাতিৰ মাজতেহ সীমাবদ্ধ কৰি ৰাখিলে নহ’ব৷ আমি নিজকে সৎ, নিস্বার্থী, একাগ্রতাশিল, সাধনাযুক্ত, আৱেগক নিয়ন্ত্রণ কৰিব পৰাকৈ গঢ় দিব লাগিব৷ আমি নিজক আৱিষ্কাৰ কৰিব পাৰিব লাগিব, সংবেদনশীল হ’ব লাগিব আদি পৰার্মশৰে শর্মাহ গীতাৰ বাণীৰে ছাত্র–ছাত্রীক ডদ্দেশ্যি তত্ত্বগধুৰ ভাষণ প্রদান কৰে৷
শর্মাই শ্রীকৃষৰ পৰা আৰম্ভ কৰি স্বামী বিবেকানন্দৰ লগতে বহুকেহখন মহৎ গ্রন্থৰ উদ্ধৃতিৰে কয় আজিৰ যুগটো হ’ল বাণিজ্যতান্ত্রিক যুগ এহ যুগটো বিশ্বৰ কোনো এখন দেশৰ প্রধানমন্ত্রী অথবা ৰাষ্ট্রপতিয়ে নিয়ন্ত্রণ নকৰে আজিৰ যুগটো নিয়ন্ত্রণ কৰাসকলক অতিমানৱ বুলি ক’লেও ভুল কোৱা নহ’ব৷ আজিৰ বিশ্বক বৈভৱশালি ধনপতি, পুঁজিপতি আৰু ডদ্যোগপতি এহ তিনি অদৃশ্য শক্তিয়ে শাসন কৰি আছে৷ এহ অদৃশ্য শক্তিয়ে কেৱল বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰা কর্মচাৰী সৃষ্টি হোৱাটো বিচাৰে৷ বর্তমানৰ বাণিজ্যিক যুগৰ অতিমানৱ তথা অদৃশ্য শাসকসকলৰ কবলৰ পৰা মুক্ত হৈ শিক্ষার্থীসকলক আত্মজ্যোতিৰে স্বনির্ভৰশীল আৰু দীপ্তমান হৈ আগবাঢ়িবলৈ তেওঁ পৰামর্শ দিয়ে৷
আনহাতে শর্মাহ কয়– আমি কেতিয়াও ভিক্ষাৰী হ’বলৈ জন্ম হোৱা নাহ, জন্ম লাভ কৰিছোঁ অন্নদাতা হ’বলৈহে৷ অর্থাৎ জীৱন লাভ কৰাৰ সার্থকতা তেতিয়াহে হ’ব, যেতিয়া আমি ব্যক্তিত্বৰ বিকাশ সাধিব পাৰোঁ৷ শ্রদ্ধা আৰু ভক্তিৰ অবিহনে ব্যক্তিত্বৰ বিকাশ তথা জীৱনত কৃতকার্যতা কেতিয়াও সম্ভৱ নহয় বুলি তেওঁ মন্তব্য কৰে৷ অর্থনীতি বিভাগৰ মুৰব্বী ড০ ৰাজেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত বত্তৃণতানুষ্ঠানৰ আঁত ধৰে বিভাগৰ সহযোগী অধ্যাপক ড০ ব্রজেন চন্দ্র নেওগে৷